৮ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব নুমলীগড় বায়’ ৰিফাইনেৰী

৮ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব নুমলীগড় বায়’ ৰিফাইনেৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধনৰ বাবে অহা ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ভ্রমণসূচী সন্দৰ্ভত বিস্তৃতভাৱে সদৰী কৰি কয় যে প্রধানমন্ত্রীয়ে ৮ ছেপ্টেম্বৰত নুমলীগড়ত বায়ো ৰিফাইনেৰীৰ শুভ উদ্বোধন কৰিব আৰু এখন ৰাজহুৱা সভাতো ভাষণ প্রদান কৰিব। বায়ো ৰিফাইনেৰী সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰৰ ২৭ শতাংশ অংশীদাৰিত্ব আছে। এই নুমলীগড় শোধনাগাৰতেই এটা বায়ো ৰিফাইনেৰী ফিনলেণ্ডৰ এটা প্ৰতিষ্ঠানৰ সহযোগত স্থাপন কৰা হৈছে। এই বায়ো ৰিফাইনেৰীত বাঁহৰ পৰা ২জি ইথানল প্রস্তুত কৰা হ’ব। খাদ্যবস্তুৰ পৰা যিসমূহ ইথানল বনোৱা হয়, সেয়া ১ জি ইথানল আৰু ধান, ধানৰ নৰা, বাঁহ আদিৰ পৰা প্ৰস্তুত কৰা ইথানলসমূহ ২জি অর্থাৎ ছেকেণ্ড জেনেৰেচন ইথানল। ভাৰতত দ্বিতীয় ছেকেণ্ড জেনেৰেচন ইথানল নুমলীগড় বায়ো ৰিফাইনেৰীত প্ৰস্তুত কৰা হ’ব। ইয়াৰ পূৰ্বে পানীপথত আইঅ’চিয়ে প্রথমটো ২জি ইথানল প্ৰস্তুত কৰা বায়ো ৰিফাইনেৰী স্থাপন কৰিছিল। এই দ্বিতীয় ২জি ইথানল প্ৰস্তুত কৰা বায়ো ৰিফাইনেৰীটোৱে প্রধানমন্ত্রী মোদীয়ে ৮ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত শুভ উদ্বোধন কৰিব আৰু নুমলীগড় শোধনাগাৰতে তেওঁ এখন ৰাজহুৱা সভাতো অংশ ল’ব। নুমলীগড়ৰ পৰা প্ৰধানমন্ত্ৰীয়ে দৰঙলৈ আহিব। দৰঙত প্ৰধানমন্ত্ৰীয়ে তিনিটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। ইয়াৰে প্ৰথমটো ৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে হ’বলগা গুৱাহাটীৰ ৰিং ৰোড। এই ৰিং ৰোডটো বাইহাটা চাৰিআলিৰ পৰা কুৰুৱালৈ, কুৰুৱাৰ পৰা নাৰেংগী, নাৰেংগীৰ পৰা সোণাপুৰৰ কচুতলীৰ কাষেৰে ছিক্স লেন হৈ খানাপাৰালৈ আহিব। এই আঁচনিখনৰ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব। ইতিমধ্যে এই ৰিং ৰোডৰ বাবে মাটি অধিগ্রহণ সম্পূর্ণ হৈছে। এই কামৰ নিবিদাও ইতিমধ্যে দিয়া হৈছে। দ্বিতীয় আঁচনিটো হ’ল- ব্ৰহ্মপুত্ৰৰ ওপৰত কুৰুৱা আৰু নাৰেংগী সংযোগী দলংখনৰ আধাৰশিলা স্থাপন কৰিব। তৃতীয় প্রকল্প হিচাপে প্রধানমন্ত্রীয়ে মঙলদৈৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। এই তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীলৈ আহি সন্ধিয়া খানাপাৰাত অনুষ্ঠিত হ’বলগা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশ ল’ব।