৮৬ পৰ্যবেক্ষকৰে ৰাজীৱ ভৱনত সভাপতি গৌৰৱ গগৈৰ সাংগঠনিক পৰ্যালোচনা
ৰঙিলী বাৰ্ত্তাসেৱা- সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই নিৰৱিচ্ছিন্নভাৱে দলীয় কাম-কাজ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আজি পুৱা ১০ বজাৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দলে নতুনকৈ নিযুক্তি দিয়া ৮৬ গৰাকী পৰ্যবেক্ষকৰ এখন বৈঠকত অংশগ্ৰহণ কৰে আৰু আটাইকেইজন পৰ্যবেক্ষককে এখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। সভাপতি গগৈয়ে আজি বিভিন্ন জিলালৈ প্ৰেৰণ কৰা পৰ্যবেক্ষকসকলক এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনায়। দলৰ সাংগঠনিক স্থিতি কি পৰ্যায়ত আছে, মণ্ডল, ব্লকসমূহৰ লগতে বুথ পৰ্যায়ত দলীয় কৰ্মীসকল কেনেধৰণে সক্ৰিয় হৈ আছে আৰু কেনেবোৰ সমস্যাৰ বাবে দলৰ সাংগঠনিক কাম-কাজ অধিক সক্ৰিয় হোৱা নাই সেইবিষয়ে পৰ্যবেক্ষকসকলে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত পৰ্যালোচনা কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব। পৰ্যালোচনা সভাত সভাপতি গৌৰৱ গগৈৰ লগতে সাংসদ ৰকিবুল হুছেইনৰ লগতে প্ৰায়সকল বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ কেবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।