৮৪ দিনৰ অন্তত আদালতত দাখিল জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট
ৰঙিলী বাৰ্ত্তাসেৱা- ৮৪ দিনৰ অপেক্ষাৰ অন্তত দাখিল কৰা হ’ল জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ বহুপ্রতীক্ষিত চাৰ্জশ্বীট। প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ ৫ দিন পাছতে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট(এছআইটি)য়ে সকলোৰে উৎকণ্ঠাৰ অৱসান ঘটাই শুকুৰবাৰে দিনৰ ১১.১০ বজাত কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে বহুপ্রতীক্ষিত অভিযোগনামাখন। পূর্বনির্ধাৰিত সময় অনুসৰি শুকুৰবাৰে এছআইটিৰ এটা বৃহৎ দলে মুঠ চাৰিটা ট্রাংকত আদালতলৈ কঢ়িয়াই নিয়ে ১২,২৭০ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ অভিযোগনামাখন। ৮খন গাড়ীৰ বৃহৎ কনভয়ত সম্পূৰ্ণ নিৰাপত্তাৰ মাজেৰে পাণবজাৰৰ কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ এছআইটিয়ে কঢ়িয়াই নিয়া অভিযোগনামাখনে বহু আশাৰ ৰেঙনি কঢ়িয়াইছে। অভিযোগনামাসহ সকলো তথ্য-প্রমাণ আদালতত দাখিল কৰাৰ পাছতে এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই সংবাদ মেলযোগে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সদৰী কৰে। মন কৰিবলগীয়া যে মূল অভিযোগনামাখন ২,৪৯৯ পৃষ্ঠাৰ হোৱাৰ লগতে তাত জুবিন হত্যাকাণ্ডৰ মূল অভিযুক্ত, নর্থ-ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধার্থ শৰ্মা, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু সহঃশিল্পী অমৃতপ্রভা মহন্তৰ বিৰুদ্ধে এছআইটিয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ (১) নং ধাৰাৰ অধীনত হত্যাৰ গোচৰ সংযোজন কৰিছে। বিএনএছৰ ১০৩ (১) নং ধাৰাৰ অধীনত আদালতত অভিযুক্ত হ’লে দোষীৰ মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনাৰ বিধান আছে। গতিকে চাৰি অভিযুক্তৰ মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এছআইটিৰ মুৰব্বী গুপ্তাই প্রত্যক্ষভাৱে সদৰী নকৰিলেও প্ৰকৃততে সম্পূর্ণ অভিযোগনামাখনত যে মূল চাৰি অভিযুক্তক প্রকৃত হত্যাকাৰী ৰূপে এছআইটিয়ে চিহ্নিত কৰিছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে জুবিন গাৰ্গৰ হত্যাৰ পাছতে চিআইডিত ৰুজু হোৱা ১৮/২৫ নম্বৰৰ গোচৰটোৰ অধীনত আজি প্রথমখন অভিযোগনামা আদালতত দাখিল কৰা হৈছে। ঘটনাটোৰ মূল অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে বিএনএছৰ ৩ (৬) (৭) (৮), ৬১(২), ১০৩ (১), ৩১৬ (৫) নং ধাৰা সংযোজন কৰা হৈছে। একেদৰে শ্যামকানু মহন্তৰ ক্ষেত্ৰত ৩ (৬) (৭) (৮), ৬১(২), ১০৩ (১), ৩০৮ (২),৩১৮ (৪), ২৩৮নং ধাৰা সংযোজন কৰাৰ লগতে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ৩ (৬) (৭) (৮), ৬১(২), ১০৩ (১), ৩১৬ (৫) নং ধাৰা সংযোজন কৰা হৈছে। অমৃতপ্রভা মহন্তৰ ক্ষেত্ৰতো ৩(৬) (৭) (৮), ৬১(২), ১০৩ (১), ২৩৮নং ধাৰা সংযোজন কৰাৰ লগতে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে ১০৫নং ধাৰা, দেহৰক্ষীদ্বয় ক্রমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বিএনএছৰ ৬১ (২) আৰু ৩১৬ (৫) নং ধাৰা সংযোজন কৰা হৈছে।

জানিব পৰা মতে, হত্যাৰ চেষ্টা নকৰাকৈ হোৱা মৃত্যুৰ ক্ষেত্ৰত বিএনএছৰ১০৫নং ধাৰাৰ অধীনত অভিযুক্ত হ’লেও যাৱজ্জীৱন কাৰাদণ্ড অথবা ৫-১০ বছৰৰ কাৰাবাস আৰু জৰিমনা হ’ব পাৰে। একেদৰে বিত্তীয় লেনদেনৰ খেলিমেলিৰে বিশ্বাস ভংগ হোৱাৰ অভিযোগত ৩১৬ (৫) নং ধাৰাৰ অধীনত অভিযুক্ত দোষীৰ যাৱজ্জীৱন অথবা ১০ বছৰ কাৰাবাস আৰু জৰিমনাৰ বিধান থকাৰ লগতে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত ৬১ (২) নং ধাৰাত ছমাহ পর্যন্ত কাৰাবাসসহ জৰিমনাৰ বিধান বিএনএছত আছে। ইপিনে এছআইটিৰ মূল তদন্তকাৰী বিষয়া ৰ’জী কলিতাৰ নেতৃত্বত এটা বৃহৎ দলে ১২,২৭০ পৃষ্ঠাসম্বলিত অভিযোগনামাখনৰ লগতে তিনিটা চিপিইউ আৰু বহুসংখ্যক ডিজিটেল তথ্য-প্রমাণ আদালতলৈ নিয়ে। লক্ষণীয় যে ছিংগাপুৰত আয়োজিত নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ মহাসমুদ্রত মৃত্যু হোৱা জুবিন গাৰ্গৰ শোকে অসমবাসীক ম্রিয়মাণ কৰি তোলাৰ পাছতে ২১ ছেপ্টেম্বৰত চিআইডিত ৰুজু হৈছিল ১৮/২৫ নম্বৰৰ গোচৰ। তাৰ পাছতে যোৱা ২৪ ছেপ্টেম্বৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চিআইডিৰ বিশেষ সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট গঠন কৰাৰ নিৰ্দেশ দিছিল আৰু সেইদিনাৰ পৰাই কাৰ্যতঃ জুবিন হত্যাকাণ্ড গোচৰৰ তদন্ত আৰম্ভ কৰিছিল এছআইটিয়ে। উল্লেখ্য যে জুবিন হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক যোৱা ৩০ ছেপ্টেম্বৰৰ মাজনিশা নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু হাৰিয়ানাৰ গুৰুগ্ৰামৰ পৰা চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। গোচৰটোৰ আন দুই অভিযুক্ত ক্ৰমে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক যোৱা ২ অক্টোবৰত এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছিল। সাধাৰণতে যিকোনো অপৰাধৰ গোচৰৰ অভিযোগনামা ৯০ দিনৰ ভিতৰত আদালতত দাখিল কৰিব লাগে যদিও এছআইটিয়ে সকলো দিশ নিখুঁতভাবে চালি-জাৰি চাই অতি তৎপৰতাৰে তদন্ত আৰম্ভ কৰাৰ মুঠ ৮০ দিনৰ ভিতৰতে প্ৰথমখন অভিযোগনামা আদালতত দাখিল কৰিলে।
