৮মাৰ্চ নাৰী দিৱস আৰু নাৰীৰ জনজাগৰণ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
৮মাৰ্চ গোটেই বিশ্বতে নাৰী দিৱস পালন কৰা হয়। ১৯০৮চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুস্থিত কৰা হৈছিল।১৯১০চনত আকৌ দ্বিতীয়খন সন্মিলন অনুস্থিত কৰা হয়।ক্লাৰা জেটকিনে ৮মাৰ্চ তাৰিখটো প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়ে।তেতিয়াৰ পৰা সেই দিনটো নাৰী দিৱস হিচাপে পালন কৰি আহিছে। ইয়াৰ উদ্দেশ্য হ’ল নাৰী সকলৰ সুৰক্ষা, সম মৰ্য্যদা আদি প্ৰদান কৰা ।
আমাৰ ভাৰতবৰ্ষত নাৰীক দেৱীৰ লগত তুলনা কৰে আৰু ভাৰতবৰ্ষতে সময় সাপেক্ষে নাৰী লাঞ্ছিত-বঞ্চিত হৈও আহিছে । নাৰী হ’ল মাতৃ/ভগ্নী/বাইদেউ /পেহি বিভিন্ন সম্পৰ্কৰ এনাজৰী। আমি জানোঁ ঐতিহাসিক যুগৰ পৰাই সকলো নাৰীক দেৱী দৰেই যথেষ্ট সন্মান কৰে ,ধৰ্মই মানুহক নিয়মানুবৰ্তীতাৰে চলিব শিকাই ।কিন্তু অন্ধ বিশ্বাস আৰু কু-সংস্কাৰে এখন সমাজ অন্ধকাৰ দিশলৈ গতি কৰে ।ভাৰতবৰ্ষ বৈদিক যুগৰ পৰাই এক ৰক্ষণশীল দেশ ।বিভিন্ন ভাষা আচাৰ ব্যৱহাৰ ঐনক্যৰ মাজত ঐক্য হিচাপে গোটেই বিশ্বতে পৰিচিত। গতিকে ভাৰতবৰ্ষৰ এক বিশেষ স্থান আছে গোটেই বিশ্বত।
আমাৰ ভাৰত বৰ্ষৰ নাৰীসকল শক্তিশালী সমাজ তথা পৰিয়ালৰ কাৰণে যথেষ্ট কষ্ট ত্যাগ কৰে কিন্তু তথাপিও যেন তেওঁলোক সকলো ফালৰ পৰাই বঞ্চিত। আমাৰ ভাৰতবৰ্ষত দেৱী-দেৱীক পূজা অৰ্চনা কৰে আনফালে সেই দেশৰ নাৰীসমাজ পদে পদে লাঞ্ছিত ধৰ্ষণ আদিৰ স্বীকাৰ হয়।মাতৃশক্তিক শক্তিমান হিচাপে যদি হৃদয়ত ঠাই পাই এয়া নহ’লহেঁতেন ।আমি ধৰ্মীয় গ্ৰন্থত পাইছোঁ দেৱীয়ে পৃথিৱীত শান্তি স্থাপন কৰাৰ কাৰণে ধৰালৈ বিভিন্ন ৰূপত আহিছিল আৰু অসুৰবোৰক বধ কৰিছিল ।ঠিক তেনেকৈ নাৰী সকলে নিজক সুৰক্ষিত কৰিবলৈ আত্মৰক্ষাৰ কৌশল শিকিব লাগিব ।
নাৰীসকলে ঘৰতে হওক বা বাহিৰত সকলো দায়িত্ব পালন কৰিবই লাগিব কিন্তু সেই দায়িত্ব পালন কৰোতে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে। গতিকে সকলো ফালে নিজকে চম্ভালিব লগা হয় ।কৰ্মই ধৰ্ম, কৰ্ম কৰিবই লাগিব কিন্তু নিজক সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ আছে ।
বাতৰিকাকত,টেলিভিছন,ম’বাইলতো চালেই দেখোঁ সদায় এগৰাকী হ’লেও নাৰী নিৰ্যাতন,ধৰ্ষণ হত্যা ইত্যাদি বিভিন্ন ঘটনাবোৰ সংঘটিত হৈ থাকে ,মন সেমেকি যায় ।
অৰ্ধ আকাশৰ লগত তুলনা কৰা নাৰীক আত্ম ৰক্ষাৰ বাবে শাৰিৰীক আৰু মানসিক জ্ঞানৰ প্ৰয়োজন। বিশেষকৈ আমাৰ ভাৰত বৰ্ষৰ দৰে অনুন্নত ৰাষ্ট্ৰত অতি প্ৰয়োজন। কাৰণ আমাৰ প্ৰায় ভাগ পিতৃ- মাতৃ অশিক্ষিত। তেওঁলোকে সন্তান সকলক কিছুমান ঘৰুৱা শিক্ষা ভালদৰে দিব নোৱাৰে, সেই কাৰণে বিদ্যালয়ত আত্মৰক্ষা আদিৰ বিষয় অন্তৰ্ভূক্ত কৰা খুবেই জৰুৰী। নহ’লে নাবালিকা বহুত ছোৱালী মাতৃত্বৰ বোজা বহন কৰিব লাগিব বা দুই এটা ঘটনা গণমাধ্যমত দেখিবলৈ পাইছোঁ ।
গতিকে চৰকাৰে গুৰুত্ব সহকাৰে বিদ্যালয়ত অন্তৰ্ভূক্ত কৰিব লাগে। শাৰীৰিক আৰু মানসিক দুয়োটা বিষয় জড়িত কৰিব লাগে পাঠ্যক্ৰমত ।এই ক্ষেত্ৰত সমাজ আৰু চৰকাৰ আৰু প্ৰতিটো পৰিয়ালে কিছুমান দিশ নিৰীক্ষণ কৰিব লাগিব। গুৰুত্ব পূৰ্ণ কেইটা মান দিশ —
১)ডেনড্ৰাইট আদিৰ দৰে বিভিন্ন নিচাৰ জাতীয় বস্তুৰ প্ৰতি আসক্তিৰ একাংশ ব্যক্তিয়ে এই ৰেপৰ দৰে জঘন্য কাণ্ডত জড়িত হয় ।
২)যুৱচামৰ একাধিক প্ৰতিশোধ পৰায়ন মনোভাৱ ।
৩)ঘৰৰ বাতাবৰণ, কিছু অভিভাৱকৰ এজনে আনজনৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাৱৰ অভাৱ যাৰ কাৰণে ঘৰৰ বিশৃংখল পৰিবেশ,সৰুৰে পৰা সিহতৰ কোমল মনত মানসিক ভাৱে ভাঙি পৰে ,বিপথে পৰিচালিত হয় ।
৪)মানসিক বিকাৰ গ্ৰস্ত এচাম ।
৫)সংগ দোষ ।
৬)অভিভাৱকে সন্তানক লাগ বুলিলেই সকলো মুখৰ আগত দাঙি ধৰা , পিছত ডাঙৰ হৈ সিহঁতে যদি নাপায় আক্ৰোষ মূলক আৰু জেদি হৈ পৰে যিকোনো ক্ষেত্ৰত ।
৭)পুত্ৰ সন্তানক অগ্ৰাধিকাৰ বেছি পাই ,অভিভাৱকে সিহঁতৰ সৰু সৰু ভুল বোৰ আওকাণ কৰিলে ,পিছত কন্ট্ৰোল কৰিব নোৱাৰে ।
৮)উচতনি মূলক মন্তব্য ।
৯) চৰকাৰৰ আইনৰ গতি লেহেমীয়া যাৰ কাৰণে এই জঘন্য অপৰাধীৰ সাহস বাঢ়ি যায় ।
১০) তাতোকৈ ডাঙৰ কথা সিহঁতক ৰক্ষাৰ কবচো বিছাৰি পায় ।
এইবোৰে ক্ষতি সাধন কৰে গতিকে চৰকাৰ,সমাজ,পৰিয়াল সকলোৰে প্ৰচেষ্টা লাগিব। তেতিয়াহে নাৰী সুৰক্ষিত হ’ব পাৰে।
আন এটা গুৰুত্বপূৰ্ণ দিশ কন্যা সন্তানক সৰুৰে পৰা স্বাৱলম্বী হিচাপে গঢ়ি তুলিব পৰা শিক্ষা প্ৰদান কৰিব লাগিব। কাৰণ ছোৱালী জনীক বিয়া দিয়াৰ পিছত যদি স্বামীৰ ঘৰখনৰ পৰা অসুবিধা পাই আৰ্থিক ভাৱে স্বাৱলম্বী হ’লে , তেতিয়া স্বামীৰ পৰা বিচ্ছেদ হ’লেও তাই নিজৰ জীৱনটো ভালদৰে অতিবাহিত কৰিব পাৰিব । স্বাৱলম্বী হ’লে ছোৱালী জনীয়ে নিজকে সুৰক্ষিত অনুভৱ কৰে ,মিতব্যয়ী সামাজিক দায়বদ্ধতা আদি ভালদৰে বুজিব পাৰে। আৰ্থিক অভাৱ থকা ঘৰ এখনত স্বাৱলম্বী কন্যা সন্তান এজনী আগমনে পৰিয়ালটো যথেষ্ট সকাহ পায় । সেই কাৰণে কন্যা সন্তানক পঢ়া শুনাই বিভিন্ন স্বাৱলম্বী হোৱাৰ উপযুক্ত শিক্ষা দিয়াৰ পিছতহে বিয়াৰ কথা অভিভাৱক সকলে ভাবিব লাগে।তেতিয়া অভিভাৱক সকল কন্যা সন্তানটোৰ প্ৰতি যি চিন্তা থাকে তাৰ পৰা অলপ হ’লেও সকাহ পাব।ছোৱালী জনীও নিজে যিকোনো পৰিস্থিতি মোকাবিলা কৰিব সাহস পাব। কিবা কাৰণত মাকৰ ঘৰখনত বিবাহ নোহোৱাকৈ অবিবাহিত থাকিলেও স্বাৱলম্বীতাই তাইৰ জীৱন চালিকা শক্তিক ইন্ধন যোগাব । তাৰ কাৰণে সৰুৰে পৰাই কিছুমান প্ৰশিক্ষণ দিব লাগিব।
ল’ৰা -ছোৱালীৰ মাজত পাৰ্থক্য অভিভাৱকে ভাবিব নালাগে। যেতিয়া সমান্তৰাল ৰেখাডাল অভিভাৱকে নিজৰ হৃদয়ত টানি ল’ব তেতিয়া নিশ্চয় আন এটা দিশৰ সূচনা হ’ব । বৰ্তমান কিছু পৰিবৰ্তন হৈছে আৰু আশা কৰিম সুফল লাভ কৰিব।
চৰকাৰী বা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত মহিলৰ বাহিৰেও , ঘৰত থকা অশিক্ষিত বা শিক্ষিত মহিলাসকলে বিভিন্ন ব্যৱসায়ৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে। কেইটামান উদাহৰণ দিলোঁ।
১) হাঁহ- কুকৰা ,ছাগলী আদি প্ৰতি পালন ।
২) ঘৰতে সৌন্দৰ্য চৰ্চাৰ অনুষ্ঠান খুলি ।
৩) এম্ব্ৰইদাৰী কাটিং চিলাই আদি।
৪) নাচগানৰ চাৰ্টিফিকেট থাকিলে,ঘৰত প্ৰশিক্ষণৰ দিয়াৰ সুবিধা কৰিব পাৰে ।
৫) শিক্ষিত নাৰী সকলে কণ-কণ ছাত্ৰ ছাত্ৰীক টিউচন কৰিব পাৰে ।
৬) বিয়া সভাৰ ভাৰাৰ সামগ্ৰী যোগান ধৰা ।
৭) জাম ,জেলি ,পাপৰ ,আচাৰ ,কেক আদিৰ ব্যৱসায় ভিত্তিত প্ৰস্তুত কৰা ।
৮) ডাকঘৰ সঞ্চয় আঁচনিৰ ,জীৱন বীমাৰ এজেন্ট ।
৯) থলুৱা বস্ত্ৰৰ ব্যৱসায় ,তাত শালৰ ফেক্টৰী ।
১০) ঘৰতে শাক পাচলি খেতি পৰিয়ালৰ লগতে ওপৰঞ্চি খিনি বিক্ৰী কৰা ।
আন এটা উল্লেখনীয় দিশ এমুঠি নাৰী আছে তেওঁলোকৰ কৰ্মকাণ্ডৰ কাৰণে গোটেই নাৰী জাতিয়ে বেয়া ফল ভোগ কৰিব লগা হয় ।ভাৰ্চুৱেল জগতখনত তেওঁলোকৰ কৰ্মকাণ্ডইও আচৰিত কৰে ।ভাল বেয়া ধনাত্মক ঋণাত্মক দুয়োটা দিশ থাকিবই প্ৰয়োজন সমাজখনত শুদ্ধপথত থাকি আমি নাৰী সকলে আদৰ্শ দাঙি ধৰা ।ভাবিব লাগিব আমি নাৰী সকল এক সত্তা সমাজ তথা দেশৰ প্ৰগতিৰ পথৰ অৰিহনা যোগোৱা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছোঁ আৰু থাকিম ।তাৰ কাৰণে আমি সদায় আমাৰ বিচাৰ বুদ্ধি শুদ্ধ পথতহে বিচৰণ কৰিম ।আমাক কোনেও দমন কৰিব নোৱাৰিব কিন্তু আমাৰ ভুল হ’লে আমাক কোনোবাই দেখুৱাই দিলে সেয়া গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকিব লাগিব ।
নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ সম্ৰাট আছিল ।তেখেতে কৈছিল মোক এগৰাকী আদৰ্শ মাতৃ দিয়া মই এখন সুন্দৰ উৎকৃষ্ট সমাজ তথা দেশৰ সৃষ্টি কৰিম । তেতিয়াই তেওঁ অনুভৱ কৰিছিল নাৰীসকল কিমান গুৰুত্বপূৰ্ণ অংগ পৰিয়াল সমাজ তথা দেশৰ প্ৰগতিৰ পথৰ অৰিহনা যোগোৱাত ।নাৰীসকলে আগতে নিজৰ শক্তিৰ সৈতে পৰিচিত হওক বিচাৰি বুদ্ধিৰে সু-পথেৰে অবিৰত ভাবে যাত্ৰা কৰক একতাৰে পলম হলেও জয় নিশ্চিত–গতিকে ইশ্বৰৰ সৃষ্টিত জীৱশ্ৰেষ্ঠ হিচাপে নাৰী সকলে সমাজত নিজৰ প্ৰতিচ্ছবি স্পষ্ট জাকতজিলিকা কৰি তুলিবলৈ সংগ্ৰাম কৰিব লাগিব সময়ৰ প্ৰত্যাহ্বান যুগে যুগে আছে অনাদি কাললৈকে থাকিব —
