৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইনছক

৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইনছক

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইনছ । ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৬ ।ইয়াৰ লগে লগে ভয়ংকৰ ছুনামিৰো আশংকা কৰা হৈছে ।  ফিলিপাইনছৰ আগ্নেয়গিৰি আৰু ভূমিকম্প বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা মতে ডাভাও অৰিয়েণ্টেল প্ৰদেশৰ মানাই চহৰৰ পৰা প্ৰায় ৬২ কিলোমিটাৰ (৩৮ মাইল) দক্ষিণ-পূবে সাগৰত কেন্দ্ৰীভূত আৰু ১০ কিলোমিটাৰ (৬ মাইল) গভীৰতাত সৃষ্টি হোৱা ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিৰ আশংকা কৰা হৈছে । লগে লগে এই ভূমিকম্পৰ আফটাৰশ্বক হোৱাৰো আশংকা কৰা হৈছে ।উল্লেখ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত ৬.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ফিলিপাইনছ । য’ত প্ৰায় ৭৪ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছিল । কিন্তু তাৰ প্ৰায় ১০ দিন পিছত পুনৰ ভূমিকম্পই জোকাৰি যোৱাৰ লগে লগে ফিলিপাইনছত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।