৭ মাৰ্চত  বিনামূলীয়া  কেৰিয়াৰ কৰ্মশালা আয়োজন

৭ মাৰ্চত  বিনামূলীয়া  কেৰিয়াৰ কৰ্মশালা আয়োজন

 গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   ডেভেলপমেণ্ট ডিজিটেলি  গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত  ৭ মাৰ্চত এখন বিনামূলীয়া অনলাইন  কেৰিয়াৰ  কৰ্মশালা আয়োজন কৰা হৈছে ।এই  কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা  ড° বুলজিৎ বুঢ়াগোহাঁই ।  এই কৰ্মশালাখনি গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’ব আৰু ইয়াত যোগদান কৰিবৰ বাবে ক’ড (code ) হ’ল  tmu-vngn-sqa ।  এই কৰ্মশালাখনিৰ সবিশেষ জানিব বিচৰা আগ্রহী শিক্ষাৰ্থীতথা অভিভাৱকসকলে ই-মেইল developmentdigitally@gmail.com  ত যোগাযোগ কৰিব পাৰিব বুলি ৱাটচআপ গোটৰ প্রশাসক বিমল বৰাই জানিব দিছে ।