৭ দিনত শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃনির্বাচন আয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- ‘ভোট চুৰি’ বিতর্ক সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ সৰৱ হৈ পৰে নির্বাচন আয়োগ। নতুন দিল্লীত এক সংবাদ মেলত নাম উল্লেখ নকৰাকৈ লোকসভাৰ বিৰোধী দলৰ দলপতিৰ অভিযোগক নস্যাৎ কৰে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। নির্বাচন আয়োগৰ কান্ধত বন্দুক থৈ দেশৰ ভোটাৰসকলক একাংশ ৰাজনৈতিক দলে লক্ষ্য কৰি লোৱা বুলি উল্লেখ কৰি মুখ্য নির্বাচন আয়ুক্তই ৰাহুল গান্ধীক তুলাধুনা দিয়াৰ লগতে ৭ দিনৰ ভিতৰত তেওঁ কৰা অভিযোগৰ সমৰ্থনত শপতনামা দাখিল কৰিবলৈ অন্যথা ক্ষমা খুজিবলৈ নির্দেশ দিয়ে। ভোটাৰ তালিকাক ত্রুটিমুক্ত কৰাটোৱেই বিশেষ ব্যাপক পুনৰীক্ষণ (এছআইআৰ) ৰ লক্ষ্য বুলি সদৰী কৰি মুখ্য নির্বাচন আয়ুক্ত কুমাৰে কয় যে আমাৰ ওচৰত শাসক-বিৰোধী উভয়ে সমান। সকলোৰে বাবে দুৱাৰ সমানে খোলা। নির্বাচনী প্ৰক্ৰিয়াৰ ৪৫ দিনৰ ভিতৰত গোচৰ ৰুজু নকৰি এতিয়া অভিযোগ তোলা মানে তেওঁলোকে সংবিধানক অপমান কৰাটোকে বুজাইছে। উল্লেখ্য যে কিছুদিন পূর্বে ৰাহুল গান্ধীয়ে ভোটাৰ তালিকা দেখুৱাই ভুৱা ভোটাৰ সন্দর্ভত এলানিজ অভিযোগ উত্থাপন কৰিছিল। কিন্তু লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে দাবী কৰিছিল যে মুঠ ৬টা উপায়েৰে ভোটৰ ৰিগিং কৰা হৈছে। আনকি ২০২৪ চনৰ নিৰ্বাচনতো কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্বাচন আয়োগৰ সহায়ত ভোট ৰিগিং কৰি বিজেপিয়ে বহু আসন লাভ কৰা বুলি অভিযোগ কৰিছিল। এই অভিযোগক লৈ বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে সৰৱ হৈ আহিছে ৰাহুল গান্ধী। তেওঁ আনকি নির্বাচনমুখী বিহাৰতো আজিৰে পৰা ইয়াৰ প্ৰতিবাদত ভোটাৰ অধিকাৰৰ যাত্রা শীর্ষক অভিযান আৰম্ভ কৰিছে। ইফালে ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰতিক্রিয়া প্রকাশ কৰি আয়োগে আজি এক সংবাদ মেলত বিৰোধী নেতাগৰাকীয়ে ভোট চুৰিৰ দৰে আপত্তিজনক শব্দ প্রয়োগ কৰা বুলি সমালোচনা কৰে। আয়োগে আনকি এনে শব্দই সমাজত ভোটাৰৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰিব বুলি কয়। ৰাহুল গান্ধীৰ এনে মন্তব্যই সাধাৰণ ভোটাৰক বিপথে পৰিচালিত কৰিব। এয়া সংবিধানক অপমান কৰাৰ বাহিৰে আন একো নহয়। আয়োগে অতি নিখুঁত প্ৰক্ৰিয়াৰে ভোটাৰ তালিকা প্রস্তুত কৰাৰ পাছত এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি কয়। মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে ৰাহুল গান্ধীক প্রত্যাহ্বান জনাই ৭ দিনৰ ভিতৰত প্ৰমাণসহ শপতনামা দাখিল কৰিবলৈ নির্দেশ দিয়ে। অন্যথা দেশবাসীৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগিব। ৭ দিনৰ ভিতৰত কোনো তথ্য-প্রমাণ দিব নোৱাৰিলে ৰাহুলৰ অভিযোগ ভিত্তিহীন বুলি গণ্য কৰা হ’ব। নির্বাচন আয়োগে কাৰোৰে ভুৱা অভিযোগৰ প্ৰতি তিলমানো ভয় নকৰে বুলিও তেওঁ মন্তব্য কৰে।