৭৬ তম স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণত ৰাইজৰ প্ৰতি জনোৱা আহ্বান আৰু ঘোষণা

৭৬ তম স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণত ৰাইজৰ প্ৰতি জনোৱা আহ্বান আৰু ঘোষণা

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাইজৰ প্ৰতি আহ্বান

১. প্ৰতিগৰাকী সন্তানে নিজৰ পিতৃ মাতৃৰ উপযুক্ত যত্ন লওক৷ পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীক জানুৱাৰী মাহত তিনি দিনৰ ছুটী দিয়া হব৷
২. প্ৰকৃতি সুৰক্ষাত আমাৰ সকলোৰে গধূৰ দায়িত্ব আছে৷ স্বাধীনতাৰ অমৃতকালৰ সৈতে সংগতি ৰাখি একোজোপা অমৃত বৃক্ষ ৰোপণ কৰি আৰু তাৰ উপযুক্তভাৱে প্ৰতিপালন কৰি প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষাত জড়িত হওক৷
৩. নিজ নিজ অঞ্চলৰ একোটা অংগনৱাড়ী কেন্দ্ৰ প্ৰতিপালনৰ দায়িত্ব লৈ নাগৰিক হিচাপে নিজৰ সামাজিক দায়িত্ব পালন কৰক৷
৪ নিজৰ জন্ম গাঁওখনৰ বিকাশত অংশ লোৱাটো সকলোৰে নৈতিক দায়িত্ব৷ নিজৰ গাঁওখনলৈ বছৰি অন্ততঃ এবাৰকৈ ভ্ৰমণ কৰি সেৱা আগবঢ়াওক৷ গাঁও দিৱসৰ দৰে কাৰ্যসূচী পালন কৰি গাওঁখনক বিকাশৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলক৷
৫. আধুনিক কৃষি পদ্ধতিৰ সমান্তৰালভাৱে আমাৰ কৃষকসকলে জৈৱিক কৃষি পদ্ধতিটো আত্মনিয়োগ কৰক৷
৬. স্বাস্থ্যৰ উপযুক্তভাৱে যতন লোৱাত গুৰুত্ব দিয়ক৷ নিয়মিত প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যঃভ্ৰমণ কৰক৷
৭. যিসমূহ পৰিয়ালত ঘৰুৱা সহায়ক আছে তেওঁলোকৰ প্ৰতি উপযুক্ত স্নেহভাৱ প্ৰদৰ্শন কৰিবলৈ আহ৩ান জনালো৷ তেওঁলোকক মৰ্যাদা আৰু আত্মসন্মানেৰে জীয়াই থাকিবলৈ সহায় কৰাৰ লগতে শিক্ষালাভৰ সুযোগ দিয়ক৷ ঘৰুৱা সহায়কক অত্যাচাৰ কৰা লোকৰ যাতে উপযুক্ত শাস্তি হয় তাৰ বাবে আইন প্ৰণয়ন কৰা হব৷
৮. দুৰ্নীতিৰ প্ৰতি আপোনালোক সজাগ হব লাগিব৷ চৰকাৰী কৰ্মচাৰীসকলক দুৰ্নীতিত জড়িত নহৈ সততা আৰু ন্যায়ৰ প্ৰতিমূৰ্তি হবলৈ আহ্বান জনালো৷
৯ সমাজক সময়ে সময়ে দুৰ্বল কৰি তোলা এক কাৰক হৈছে অস্পৃশ্যতা৷ ৰাইজক অস্পৃশ্যতা সমুলঞ্চে বিসৰ্জন দিবলৈ আহ্বান জনাইছোঁ৷

ঘোষণা-
১. ৰাজ্যবাসীক Universal Health Coverage প্ৰদান কৰা হব৷ প্ৰধানমন্ত্ৰী আয়ুস্মান কাৰ্ড ৰাজ্যৰ প্ৰতিটো বিপিএল পৰিয়াল আৰু ৰেচন কাৰ্ড থকা পৰিয়াল অৰ্থাৎ গাঁৱৰ ৮৫ শতাংশ আৰু নগৰৰ ৭৫ শতাংশ লোকক প্ৰদান কৰা হব৷
২. অসমৰ প্ৰায় ৪, ০০০ উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ১০, ০০০ কোটিটা ব্যয় কৰা হ’ব৷
৩. ন্যায়িক ব্যৱস্থাটোৱে যাতে নাগৰিকক ন্যায় দিয়ে আৰু তাকো ন্যুনতম সময়ত, তাৰ বাবে যিসমূহ অপৰাধমূলক গোচৰৰ অভিযোগ অতি গুৰুতৰ নহয়, তেনে গোচৰসমূহ উঠাই লোৱাৰ বাবে চৰকাৰে আদালতত আৰ্জি দিব৷ ২০২২ বৰ্ষৰ ১৪ আগষ্টৰ মাজনিশা পৰ্যন্ত ৰুজু হোৱা কম গুৰুতৰ গোচৰৰ ক্ষেত্ৰত চৰকাৰে এই ব্যৱস্ত্ৰা লোৱাৰ ফলত আদালতত প্ৰলম্বিত হৈ থকা প্ৰায় ১ লাখ গোচৰ নিষ্পত্তি হব৷
৪. সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য অহা ২০ আগষ্টৰ ভিতৰত প্ৰদান কৰা হব৷
৫. জলাশয়বোৰে প্ৰাকৃতিকভাবে জল ধাৰণ কৰাৰ উপৰি জলজ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকৈ লৈ আহিছে৷ অসমৰ জলাশয়সমূহৰ গুৰুত্ব উপলব্ধি কৰি সেই সমূহৰ সংৰক্ষণৰ বাবে এখন আইন প্ৰণয়ন কৰা হব৷
৬.যিসমূহ পৰিয়ালৰ এটাতকৈ অধিক প্ৰজন্মই গো-চৰণীয়া পথাৰত বসবাস কৰি আহিছে তেনে পৰিয়ালসমূহক মাটিৰ পট্টা প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷
৭. অসমৰ জনজীৱনত প্ৰচলিত হৈ থকা একচনীয়া মাটিৰ ধাৰণাটোৰ বিলুপ্তিকৰণৰ বাবেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এনেধৰণৰ একচনীয়া ভূমিত বসতি কৰি থকা লোকসকলক ম্যাদী পট্টা প্ৰদানৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷
৮. শিশুসকলৰ শাৰীৰিক, মানসিক, আবেগিক, বৌদ্ধিক আৰু সামাজিক বিকাশৰ বাবে অঙ্গনৱাড়ী কেন্দ্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই অংগনৱাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নত হ’লেহে শিশুসকলৰ বাবে আমি আনন্দদায়ক আৰু অবিৰত বিকাশ সম্ভব কৰিব পাৰিম৷ ৰাজ্যখনত সেইবাবে পোন্ধৰ হাজাৰ অঙ্গনৱাড়ী কেন্দ্ৰ গঢ়ি তুলিবলৈ সিদ্ধান্ত লোৱা হৈছে৷
৯. সম্প্ৰতি অসম চৰকাৰে লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰি আছে৷ লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখা কাৰ্যত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক জড়িত কৰি অসম বুৰঞ্জীৰ এই মহিমামণ্ডিত অধ্যায়টোৰ উদযাপন কৰিব খোজা হৈছে৷ সেই উপলক্ষে ৭ নবেম্বৰত মহাবীৰগৰাকীৰ জীৱনৰ ওপৰত এখনকৈ ৰচনা লিখিবলৈ ৰাজ্যবাসীক আহ৩ান জনোৱা হৈছে৷ ইয়াৰ বাবে প্ৰত্যেক ব্যক্তিকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হব৷
১০. হিংসাৰ পথ পৰিহাৰ কৰি সকলো উগ্ৰপন্ত্ৰী সংগঠনক শান্তিৰ পথলৈ উভতি আহিবলৈ আহ্বান জনালো৷