৭৬৭০ খন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভেঞ্চাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰোধিতা

Pc Assam Times Post

৭৬৭০ খন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভেঞ্চাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰোধিতা এছ ইউ চি আই(কমিউনিষ্ট)ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বিজেপি পৰিচালিত চৰকাৰে ৰাজ্যৰ দুখীয়া-মধ্যবিত্ত জনসাধাৰণৰ মূৰত আকৌ এবাৰ মাধমাৰ শোধাই চলিত এপ্ৰিল মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ ৭৬৭০ খন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভেঞ্চাৰ শিক্ষা প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল আৰু সেই সমূহ বিদ্যালয়ত অধ্যয়নৰত ৭০ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল তথা বিনামূলীয়া পাঠ্যপুথিৰ যোগান বন্ধ কৰি দিয়াৰ যি চূড়ান্ত স্বেচ্ছাচাৰী আৰু অমানবিক‌ সিদ্ধান্ত ঘোষণা কৰিছে তাৰ তীব্ৰ প্ৰতিবাদ জনাই এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে এক বিবৃতি যোগে কয় যে, অসম চৰকাৰে ৰাজ্যখনৰ দুখীয়া মানুহৰ সন্তানসকলক শিক্ষালাভৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যে নিজেই স্বীকৃতি দিয়া স্কুল সমূহৰ স্বীকৃতি বাতিল কৰিবলৈ ওলাইছে। অসমৰ জনসাধাৰণে জানে, আমাৰ ৰাজ্যখনৰ বেছিভাগ স্কুল কলেজ শিক্ষাপ্ৰেমী সাধাৰণ মানুহে মাটি দান কৰি, টকা-পইচা সংগ্ৰহ কৰি শিক্ষিত যুৱক-যুৱতী সকলে বিনা বেতনে পাঠদান কৰাৰ পাছত, চৰকাৰৰ বিভিন্ন স্বৰ্ত পূৰণ কৰাৰ দ্বাৰা স্কুলখন যেতিয়া গঢ়ি উঠে, তেতিয়া চৰকাৰে স্তৰে স্তৰে স্বীকৃতি দিয়া,প্ৰাদেশিকীকৰণ কৰা আদি কামবোৰ কৰে। গণতান্ত্ৰিক ব্যৱস্থাত সমাজৰ প্ৰতিজন নাগৰিকৰে শিক্ষা লাভৰ সুযোগ গেৰান্টী কৰা চৰকাৰৰ কৰ্তব্য যদিও আমাৰ দেশত স্বাধীনতাৰ পাছৰ পৰাই কোনো চৰকাৰে এই কাম কৰাৰ বাবে আগবাঢ়ি অহা নাই বাবেই জনসাধাৰণে স্বেচ্ছাই দেশৰ মানুহক শিক্ষিত কৰাৰ বাবে অতি কষ্টেৰে শিক্ষানুষ্ঠান সমূহ গঢ়ি তুলিছে আৰু স্বাধীন দেশৰ চৰকাৰৰ এতিয়া কাম হৈছে সেইবোৰ বন্ধ কৰি দি দুখীয়া মানুহৰ লʼৰা-ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰা। আজিও ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৭৬৭০ খন বিদ্যালয়ত ৭০ হাজাৰতকৈয়ো অধিক দুখীয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষালাভৰ প্ৰক্ৰিয়া এইদৰেই চলি আছে আৰু ২৯ হাজাৰৰো অধিক শিক্ষিত যুৱক-যুৱতীয়ে অশেষ ত্যাগ স্বীকাৰ কৰি বিনা পাৰিশ্ৰমিকেৰে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান কৰি আছে। চৰকাৰে নিজেই একসময়ত শিক্ষাপ্ৰতিষ্ঠান নথকা সেই অঞ্চলবোৰত স্কুল সমূহৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিয়ে স্বীকৃতিও দিছিল। এতিয়া নিজেই দিয়া স্বীকৃতি বাতিল কৰি, ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মুখৰ খাদ্য কাঢ়ি লৈ বিনামূলীয়া পাঠ্যপুথিৰ যোগান বন্ধ কৰি দি তথা হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীক কামৰ পৰা বৰ্খাস্ত কৰি,দেশৰ একচেটিয়া পুঁজিপতি,বহুজাতিক গোষ্ঠীবোৰৰ ব্যৱসায়িক স্বাৰ্থত শিক্ষাব্যৱস্থাৰ সামগ্ৰিক ব্যক্তিগতকৰণৰ উদ্দেশ্য নিৰ্লজ্জভাৱে গ্ৰহণ কৰা এই শিক্ষাবিৰোধী, জনবিৰোধী সিদ্ধান্ত অবিলম্বে বাতিল কৰি সকলো ভেঞ্চাৰ শিক্ষাপ্ৰতিষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ বাবে আমি দৃঢ়তাৰে দাবী জনাও। লগতে ভুক্তভোগী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক তথা সকলো শিক্ষাপ্ৰেমী, শুভবুদ্ধিসম্পন্ন জনসাধাৰণক চৰকাৰৰ এই জনবিৰোধী স্বৈৰাচাৰী সিদ্ধান্ত বাতিলৰ বাবে বাধ্য কৰিব পৰাকৈ ঐক্যবদ্ধ শক্তিশালী প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ আমি আহ্বান জনাও।