৭১,০৫৬ গৰাকী লোকক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Pc Kalinga TV

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে নিযুক্তি মেলাৰ জৰিয়তে ৭১,০৫৬ গৰাকী লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে । নিযুক্তি মেলাৰ অংশ হিচাপে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই নিযুক্তি পত্ৰ প্ৰদান কৰে । নিযুক্তি পত্ৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যুৱপ্ৰজন্ম হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি আৰু চৰকাৰে তেওঁলোকৰ প্ৰতিভা ৰাষ্ট্ৰ নিৰ্মাণত ব্যৱহাৰ কৰাটো নিশ্চিত কৰাত সৰ্বাধিক অগ্ৰাধিকাৰ দিছে । প্ৰধানমন্ত্ৰী মোডীৰ মতে যেতিয়া দেশখনে অমৃত মহোৎসৱ পালন কৰিছে যুৱপ্ৰজন্মই এক নতুন যুগত নতুন দায়িত্ব লাভ কৰিছে । ভাৰতৰ নাগৰিকসকলে ভাৰতক এখন উন্নত দেশলৈ ৰূপান্তৰিত কৰাৰ সংকল্প লৈছে । তেওঁ লগতে কয় যে এই সংকল্প বাস্তৱত ৰূপায়িত কৰিবলৈ এই নতুন প্ৰজন্ম দেশৰ সাৰথি হ’বলৈ গৈ আছে ।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে ৰোজগাৰ মেলা বা নিযুক্তি মেলা অধিক চাকৰি সৃষ্টি কৰাত আৰু যুৱসকলক সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত পোনপটীয়াকৈ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰাত এজেণ্ট হ’ব বুলি আশা কৰা হৈছে । ইয়াৰ পূৰ্বে অক্টোবৰত ৭৫,০০০ গৰাকী লোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল । গুজৰাট আৰু হিমাচল প্ৰদেশৰ বাহিৰে সমগ্ৰ দেশৰ ৪৫ টা স্থানত নিযুক্তি পত্ৰৰ প্ৰতিলিপি হস্তান্তৰ কৰা হ’ব ।