৬ মাহৰ ভিতৰত ১৪ কিল’মিটাৰ মথাউৰি নিৰ্মাণ কৰিছো: মন্ত্ৰী পীযুষ হাজৰীকা

৬ মাহৰ ভিতৰত ১৪ কিল’মিটাৰ মথাউৰি নিৰ্মাণ কৰিছো: মন্ত্ৰী পীযুষ হাজৰীকা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত বিজেপিৰ বিজয়ধ্বনি তথা ৰাইজৰ অফুৰন্ত আদৰ। তাৰ মাজতে শনিবাৰে নগাঁও লোকসভা সমষ্টিৰ‌ ধিং বিধানসভা সমষ্টিৰ শল’গুৰি কাছমাৰী খেলপথাৰত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ। সভাখনৰ আৰম্ভণিতে আই মাতৃ সকলক, মহিলাসকলক, জ্যেষ্ঠ জনক সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ অভিযান চলাই মন্ত্ৰী পীযুষ হাজৰীকাই। সকলোকে বিজেপিক ভোট দিবলৈ অনুৰোধ জনায় মন্ত্ৰী হাজৰীকাই। ভোট কাক দিব বুলি মন্ত্ৰী গৰাকীৰ প্ৰশ্নত উপস্থিত ৰাইজে সমস্বৰে বিজেপিক ভোট দিম বুলি কয়। সকলোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছেনে সোধাত কোনোৱে যদি পাইছে কোনোৱে নাই পোৱা বুলি কয়। তেতিয়া মন্ত্ৰী গৰাকীয়ে সকলোৱে পাব বুলি আশ্বাস দিয়ে। আগতে কংগ্ৰেছৰ দিনত চৰকাৰী ঘৰৰ নামত লাভ কৰিছিল ৭৫ হাজাৰ টকা। একেবাৰে সাধাৰণভাৱে নিৰ্মাণ কৰি দিছিল ঘৰবোৰ। তাতে আকৌ ঠিকাদাৰ,দালালে মিলি পইচা খায়। আজিকালি ঘৰবোৰ গৃহস্থই নিজৰ ইচ্ছা অনুসৰি সাজি লয়। এই কাম কৰিছে নৰেন্দ্ৰ মোদীয়ে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। এতিয়া সকলোৱে ঘৰৰ নামত ডেৰ লাখ টকা লাভ কৰে। লগতে ঘৰটোও ভাল হ’ল। তাৰপিছত সকলোকে ৰেচন কাৰ্ড আছে নে নাই সোধে মন্ত্ৰী গৰাকীয়ে। ৰাইজৰ উত্তৰ প্ৰায় ভাগৰে আছে। ৰেচন কাৰ্ড থাকিলে বিনামূলীয়া চাউল, আয়ুস্মান কাৰ্ড,উজলা গেছ পাই। আয়ুস্মান কাৰ্ড থাকিলে ফ্ৰী চিকিৎসা পায়। কংগ্ৰেছে এইবিলাক দিয়া নাছিল। কংগ্ৰেছে অৰুণোদয় দিয়া নাছিল বিজেপি চৰকাৰ অৰ্থাৎ মামাই দিছে অৰুণোদয়। সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰতিশ্ৰুতি অহা বছৰ যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। প্ৰদ্যুৎ বৰদলৈ বুলি এগৰাকী ব্যক্তিৰ নাম শুনিছে কিন্তু আজিলৈ দেখিছে নেকি আপোনালোকে বুলি প্ৰশ্ন পীযুষৰ। ৰাইজৰ উত্তৰ আজিলৈ নাই দেখা। সেই সমষ্টিৰে সাংসদ আছিল গৌৰৱ গগৈ তেওঁ কেতিয়াবা সমষ্টিলৈ আহিছিল নেকি? ৰাইজৰ উত্তৰ নাই অহা। ২ লাখ ভোটত গৌৰৱ গগৈ হাৰিব বুলি ভাষণত কয় মন্ত্ৰী হাজৰীকাই। লাহৰিঘাট, মিকিৰভেটাত কেতিয়াবা প্ৰদ্যুৎ বৰদলৈক ৰাইজে দেখিছে নেকি সেই ঠাইৰ ৰাইজক সোধক। লাহৰীঘাটৰ মূল সমস্যা গৰা খহনীয়া আৰু মথাউৰি। মন্ত্ৰী পীযুষ হাজৰীকাই লাহৰীঘাটৰ গৰা খহনীয়া আৰু মথাউৰি নিৰ্মাণৰ বাবে ২ বছৰৰ ভিতৰত ৩৫০ কোটি টকা আনি দিছে যাৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। সভাত উপস্থিত লাহৰীঘাটৰ চামছুল নামৰ যুৱকজনে কথাটো সচা বুলি কয় মন্ত্ৰী গৰাকীক। পীযুষ হাজৰীকাই মিছা কথা নকয়, হিমন্ত বিশ্ব শৰ্মাই মিছা কথা নকয়, নৰেন্দ্ৰ মোদীয়ে মিছা কথা নকয়। আগতে লাহৰীঘাটত বানপানী হৈছিল এতিয়া নহয়। কাৰণ জলসম্পদ বিভাগৰ মন্ত্ৰী হৈ পীযুষ হাজৰীকাই মাত্ৰ ৬ মাহৰ ভিতৰত ১৪ কিল’মিটাৰ মথাউৰি ৬০ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি দিয়ে। ইয়াৰ দ্বাৰা মুছলমান লোকসকলৰ লাভ হয়। যোৱাবাৰ কিন্তু মুছলমান ৰাইজে বিজেপিক ভোট দিয়া নাছিল। ভোট নিদিয়াৰ পাছতো অৰুণোদয়, মথাউৰি ,গৰা খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰিছে, চাকৰি দিছে বিজেপি চৰকাৰে। চাকৰীৰ নামত কংগ্ৰেছৰ দৰে কোনো টকা নলয়। ছোৱালীবোৰক বিনামূলীয়া এডমিছন দিয়ে, ল’ৰাবোৰকো বিনামূলীয়া এডমিছন দিয়ে। কিন্তু তাৰ পাছতো ভোট নিদিয়াৰ পাছতো সকলোকে শ্ৰদ্ধা কৰো, সেৱা কৰো, সকলোৰে হৈ কাম কৰি যাম বুলি ভাষণত কয় মন্ত্ৰী হাজৰীকাই। ভোট দিলে মনটো ভাল লাগে ভোট নিদিলে মনটো দুখ লাগে। এইবাৰ ভোট দিব নে দুখ দিব বুলি ৰাইজক সোধাত সমস্বৰে ভোট দিম বুলি কয়। তাৰপিছত মহিলা সকলক উদ্দেশ্যি কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিলাপ কৰিছে সোধে। অহা ৩ মাহৰ ভিতৰত সেইসকল মহিলাই ১০ হাজাৰ টকাকৈ লাভ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। অহা বছৰ ২৫ হাজাৰকৈ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। ভোট কিন্তু এটাও বেলেগক দিব নোৱাৰে বুলি সকলোকে উদ্দেশ্য কৰি কয় তেওঁ। তাৰপিছতে তেওঁ আৰু ৫০ হাজাৰ চাকৰি ল’ৰা ছোৱালী সকলে পাব বুলি উল্লেখ কৰে। যিসকলে চাকৰি নাপায় তেওঁলোকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে ২-৫ লাখ টকা পাব। কিন্তু তাৰপাছতো যদি ভোট নিদিয়ে তেতিয়া মনত দুখ পাম। বেয়া কাম একো নকৰো কিন্তু মনত দুখ পাম বুলি কয় মন্ত্ৰী হাজৰীকাই। নগাঁওত মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে আৰু মৰিগাঁওত মেডিকেল কলেজৰ কাম চলি আছে। আপোনালোকে কাৰোবাৰ বেমাৰ হ’লে নগাঁও বা মৰিগাঁওলৈ যাম নে টছ কৰিব। আগতে এনেকুৱা সুবিধা কোনোবাই কৰি দিছিল জানো। কংগ্ৰেছে অসমত ৬০ বছৰ চৰকাৰ‌ চলাই মাত্ৰ ৭ খন মেডিকেল কলেজ বনালে আৰু আমি ৮ বছৰত ১৮ খন মেডিকেল কলেজ বনালো। এনেকুৱা সুবিধা কোনোবাই কৰি দিব নেকি। নগাঁও মৰিগাঁওৰ লোকৰ স্বাস্থ্য ভাল হৈ গ’ল। ইয়াত কাৰোবাৰ বেমাৰ হ’লে আৰু গুৱাহাটীলৈ যাব নালাগে। গুৱাহাটীলৈ যাব টকা লাগে বহুতৰ চিনি পোৱাত অসুবিধা হয় সেইকাৰণে আমি নগাঁও মৰিগাঁওত মেডিকেল কলেজ বনালো। নগাঁওত আমি ইউনিভাৰ্ছিটি বনালো। এতিয়া ল’ৰা ছোৱালী আৰু গুৱাহাটীত পঢ়িব যাব নালাগে। বহু ল’ৰা ছোৱালী চোকা হ’লেও পইচা নথকা বাবে গুৱাহাটীলৈ যাব নোৱাৰে। কংগ্ৰেছৰ দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছিল মাত্ৰ ৪ খন। আমি বনালো ৯ খন। কংগ্ৰেছৰ দিনত এয়াৰপোৰ্ট আছিলে মাত্ৰ ৭৪ টা। নৰেন্দ্ৰ মোদীয়ে ১০ বছৰত এয়াৰপোৰ্ট বনালে ৭৫ টা। ঢেকিয়াজুলিৰ পৰা লাহৰিঘাট হৈ মঙলদৈ লৈ অতি শীঘ্ৰে এখন দলং নিৰ্মাণ কৰা হ’ব। এনেদৰে আমি ৰাইজৰ কাম কৰিছো আৰু কাম কৰিম যাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো। আপোনালোকে ভোট দিয়ক ধিঙ, লাহৰীঘাট, ৰূপহী, চামগুৰিত কাম কৰা দায়িত্ব মই ল’ম। শিলঘাটৰ পৰা মায়ঙলৈ মথাউৰি ৰাস্তা কোনে বনালে হিমন্ত বিশ্ব শৰ্মাই বনালে। এই মথাউৰি ৰাস্তাই মূলতঃ মুছলিম লোকসকলক সহায় কৰিছে। ৮০ শতাংশ মুছলিম ৰাইজ উপকৃত হৈছে। গতিকে সকলোৱে বিজেপিক ভোট দিব। এনেদৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে মন্ত্ৰী পীযুষ হাজৰীকাই।