৬ মাহৰ পৰাই নূপুৰৰ গতি-বিধি পর্যবেক্ষণ কৰা হৈছিলঃমুখ্যমন্ত্ৰী

৬ মাহৰ পৰাই নূপুৰৰ গতি-বিধি পর্যবেক্ষণ কৰা হৈছিলঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  মাটিৰ কিনা-বেচা তথা নামজাৰিৰ নামত ব্যাপক দুর্নীতি সংঘটিত কৰা এচিএছ বিষয়া নূপুৰ বৰাৰ গুৱাহাটীস্থিত বাসগৃহত তালাচী চলাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে লাখে লাখে টকা উদ্ধাৰৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। এগৰাকী চৰকাৰী বিষয়াৰ এনে দুর্নীতিৰ আঁৰৰ কাহিনী ফাদিল কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে দুর্নীতিক সংগ কৰি লোৱা এইগৰাকী এচিএছ বিষয়াক যোৱা ছমাহৰ পৰাই নজৰ দি আছিল বিশেষ তদাৰকী কোষে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰাজহ চক্রত বহুত বেছি দুর্নীতি হৈ আছে। নূপুৰ বৰা নামৰ এই বিষয়াগৰাকীয়ে হিন্দু লোকৰ মাটি সন্দেহযুক্ত লোকলৈ বদলি কৰি থকাৰ বাবে তেওঁক যোৱা দীর্ঘদিনৰ পৰা নজৰত ৰখা হৈছিল। যোৱা ছমাহৰ পৰা তেওঁৰ গতিবিধি চাই থকা হৈছিল। বৰপেটাত ৰাজহ চক্ৰ বিষয়া হৈ থকা সময়ত হিন্দু লোকৰ মাটি তেওঁ টকা লৈ সন্দেহযুক্ত লোকলৈ হস্তান্তৰ কৰিছিল। যাৰ বাবে আজি কঠোৰ ব্যৱস্থা লোৱা হৈছে। মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে যে আজি বিশেষ তদাৰকী কোষে চলোৱা অভিযানত নূপুৰ বৰাৰ বাসগৃহত ৭০-৭৫ লাখ নগদ টকা আৰু যথেষ্ট পৰিমাণৰ সোণৰ গহনাও উদ্ধাৰ হৈছে। এই বিষয়াগৰাকীয়ে বৰপেটাৰ লগতে গৰৈমাৰীতো মাটি কিনা-বেচাৰ ক্ষেত্ৰত যথেষ্ট দুর্নীতি কৰিছিল। বিষয়াগৰাকীৰ ওপৰত গোপনে অনুসন্ধান চলাই থকা হৈছিল। দেওবাৰে তেওঁ এটা টুৰিষ্ট লজত নিশা পাৰ কৰাৰ বাবে তালাচী চলোৱা নহ’ল। সোমবাৰে পুৱা ঘৰলৈ যোৱাৰ পাছতহে তালাচী চলোৱা হয় আৰু তেওঁৰ বাসগৃহৰ পৰা ১ কোটি টকাৰ নগদ ধন-গহনা জব্দ কৰা হৈছে।