৬ বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্তক
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্তক ।৬ বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্তক। দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক। দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত এআইচিচিয়ে বহিষ্কাৰ কৰে অংকিতাক।এআইচিচিৰ সাধাৰণ সম্পাদক তাৰিক আনুৱাৰে দল বিৰোধী কাৰ্য-কলাপত লিপ্ত হোৱাৰ অভিযোগত এই বহিষ্কৃত কৰা হৈছে বুলি প্ৰেছ বিজ্ঞপ্তি প্ৰদান কৰিছে । উল্লেখযোগ্য যে শেহতীয়াকৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস বি ভিৰ বিৰুদ্ধে অংকিতাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । ঘটনা সন্দৰ্ভত যুৱ নেত্ৰীগৰাকীয়ে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল । দিছপুৰ থানাই গোচৰটো চিবিআইলৈ স্থানান্তৰ কৰিছিল । ইয়াৰ পিছতেই শুকুৰবাৰৰ দিনটোত চিবিআয়াই সোধা-পোছা কৰিছিল কংগ্ৰেছ নেত্ৰীগৰাকীক। এইলৈ বৰ্তমানে উত্তাল হৈ আছে ৰাজ্যৰ লগতে কৰ্ণাটকৰ ৰাজনীতি ।