৬ ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিখনো মুকলি কৰা হ’বঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে ৰাইজক সম্বোধন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ফেচবুক লাইভযোগে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্য চৰকাৰে ঘোষণা কৰা এটি কলি দুটি পাত আঁচনিখন অহা ২৫ ফেব্ৰুৱাৰীত ডুমডুমা সমষ্টিৰ পৰা মুকলি কৰা হ’ব বুলি কয়। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৬ লাখ চাহ শ্রমিকক এককালীনভাৱে আগবঢ়োৱা হ’ব ৫ হাজাৰ টকাকৈ। আনহাতে মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে ৬ ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিখনো মুকলি কৰা হ’ব বুলি ঘোষণা কৰে। এই আঁচনিৰ জৰিয়তে ৭৫ হাজাৰ যুৱকে পাব ২ লাখ টকাকৈ। আনহাতে ১১ ফেব্ৰুৱাৰীত শুভাৰম্ভ কৰা হ’ব জীৱন অনুপ্ৰেৰণা আঁচনি। স্নাতক উত্তীর্ণসকলক পূর্বে ঘোষণা কৰা অনুসৰি ৰাজ্য চৰকাৰে আগবঢ়াব আর্থিক সাহায্য। মুখ্যমন্ত্রীয়ে ইয়াকো ঘোষণা কৰে যে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোধৰণৰ নিযুক্তি সম্পন্ন কৰা হ’ব আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ কৃষকসকলৰ বাবেও গ্ৰহণ কৰা হ’ব এক আঁচনি। একেদৰে ২০ ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮ হাজাৰ টকাকৈ। ফেব্ৰুৱাৰী মাহতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হৈ থকা ব্ৰহ্মপুত্ৰৰ দলংখনো মুকলি কৰা হ’ব আৰু গুৱাহাটীৰ চানমাৰি-নুনমাটি উৰণ সেতুখনো মুকলি কৰা হ’ব। ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি ফেব্ৰুৱাৰী মাহতে যোৰহাটৰ এ টি ৰোডত নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণ সেতুখনৰো মুকলি কৰা হ’ব। ইফালে ডিব্ৰুগড়ত হ’বলগা বিধানসভাৰ দ্বিতীয়টো চৌহদৰ অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্মাণ সম্পূৰ্ণ হোৱা খনিকৰ ষ্টেডিয়ামখনো মুকলি কৰিব। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্ট কৰে যে ২৪ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য ৰাজহুৱা কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভযোগে সদৰী কৰে যে ৰাজ্যৰ উদ্যোগীকৰণৰ নতুন দিশ সূচনাৰ লক্ষ্যৰে অহা ১৯ জানুৱাৰীত তেওঁ ছুইজাৰলেণ্ডৰ ডেভছলৈ যাত্ৰা কৰিব। ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে অসমক বিশ্ব অর্থনীতি ফ’ৰামত যোগদানৰ সুযোগ প্রদান কৰিছে। সেই সুযোগ অনুসৰিয়েই অসমক প্রতিনিধিত্ব কৰি মুখ্যমন্ত্ৰীয়ে ডেভছত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সমুখত অসম কিদৰে ঔদ্যোগিক ক্ষেত্রত সাজু হৈ উঠিছে তাৰ বিশ্লেষণ আগবঢ়াব।ইফালে আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিমৰ আপত্তিজনক মন্তব্যক উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে কয় যে গৌৰৱ গগৈয়ে বুজাব লাগিছিল ৰেজাউলক। কংগ্ৰেছৰ মঞ্চৰ পৰা এনে কথা ক’বলৈ মানা কৰিব লাগিছিল। গৌৰৱে দলৰ পৰা বহিষ্কাৰ নকৰি হিৰ’ বনালে ৰেজাউলক। ৰেজাউল সংখ্যালঘুৰ ওচৰত নেতা হৈ পৰিল।ৰেজাউল কৰিম সৰকাৰে শেহতীয়াকৈ পুনৰ শৈক্ষিক জেহাদৰ কথা কৈ ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দিছে। শিৱসাগৰক ধুবুৰী কৰাত আমাৰ আপত্তি আছে, ধুবুৰীকহে শিৱসাগৰ কৰাৰ প্ৰয়োজন আছে। শিৱসাগৰ আমাৰ প্ৰাণ স্পন্দন, শিৱসাগৰ-চৰাইদেউ অসমীয়া জাতিৰ সাহস।
