৬ জুলাইত অগ্ৰদূতৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

Pc Dainik Agradoot

৬ জুলাইত অগ্ৰদূতৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ
মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব উদ্বোধন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ছয় জুলাই বুধবাৰে দিনৰ দুই বজাত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্ৰদূত কাকতৰ সোণালী জয়ন্তী সমাৰোহৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ সন্মতি প্ৰদান কৰিছে৷ নতুন দিল্লীৰ পৰা পোনপটীয়াকৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উদ্বোধন কৰিব লগা কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্যে অসম চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰী আৰু অসমৰ বিশিষ্ট সাংবাদিক তথা সাহিত্য -সংস্কৃতিৰে জৰিত গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব৷ উল্লেখযোগ্য যে ১৯৭১ ৰ পহিলা ফেব্ৰুৱাৰীত কনকসেন ডেকাৰ সম্পাদনাত প্ৰকাশ পোৱা অগ্ৰদূত কাকত খনে ২০২০ বৰ্ষত ৫০ বছৰ অতিক্ৰম কৰিছে যদিও অতিমাৰী ক’ভিড আৰু অন্যান্য দুৰ্যোগ হেতুকে ২০১৯ ৰ পৰা সোণালী জয়ন্তী অনুষ্ঠান অনিৰ্দিষ্ট সময়লৈ স্থগিত ৰাখিব লগা হৈছিল৷ অসমৰ পাঠক সমাজৰ আৰ্শীবাদ শিৰত লৈ এইবেলি ৬ জুলাইৰ পৰা বৰ্ষজোৰা সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড॰ দয়ানন্দ পাঠক আৰু সম্পাদক ভূপেন গোস্বামীয়ে এক বিবৃতিযোগে জনাইছে৷
স্মৰ্তব্য যে অগ্ৰদূত কাকতৰ পাছফালে কোনো ধনাঢ্য ব্যক্তিৰ আশীস অবিহনেই একমাত্ৰ অসমৰ সুহৃদয় পঢ়ুৱৈৰ সহযোগিতাত ৫২ বছৰীয়া মাত্ৰা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে৷ কাকত খনে ১৯৭২ ৰ বিশ্ববিদ্যালয়ৰ মাধ্যম আন্দোলনৰ ফলস্বৰূপে অশান্ত হৈ পৰা দৰঙৰ ছবিখন যিদৰে দাঙি ধৰিছিল, তেনেদৰেই জৰুৰীকালীন অৱস্থাত হত্যাৰ বলি হোৱা ৰীণা ডেকাৰ পৰা আৰম্ভ কৰি অবৈধ বিদেশী বিতাড়ন আন্দোলন, আলফাৰ উত্থান, গোষ্ঠীদ্বন্দ্ব, আঞ্চলিক দলৰ চৰকাৰ গঠন আদি বিভিন্ন আলোড়ন সৃষ্টিকাৰী ঘটনা সমূহ যথাযথভাবে দাঙি ধৰিছিল৷ তদুপৰি কাকতখনে আলফা, আঞ্চলিক দলৰ চৰকাৰ আৰু আন্দোলনৰ নেতৃত্বধাৰীসকলৰ দোষ-ত্ৰুটি দাঙি ধৰি ৰাইজৰ অকুণ্ঠ সমৰ্থন লাভ কৰিছিল যদিও অশুভ শক্তিৰ পৰা অলেখ ভাবুকিৰো সম্মুখীন হ’ব লগা হৈছিল৷ বিভিন্ন অশুভ শক্তিৰ ভয়-ভাবুকি আৰু বাধাক নেওচি ৫২ বছৰ অতিক্ৰম কৰা অগ্ৰদূত কাকত কতৃপক্ষই এইচেগতে সমূহ পঢ়ুৱৈ সমাজলৈ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছে ৷
ইতিমধ্যে উদযাপন সমিতিয়ে ২০২২-২৩ বৰ্ষত অৰ্ধশতাব্দীৰ দাপোনস্বৰূপ অগ্ৰদূতৰ আধাৰত কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰাৰ দিহা কৰিছে আৰু পৰ্যায়ক্ৰমে গ্ৰন্থসমূহ প্ৰকাশ পাব ৷ সোণালী জয়ন্তী উদযাপন সমিতিয়ে শুভ উদ্বোধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে সুহৃদয় ৰাইজৰ প্ৰতি বিশেষ আহ্বান জনাইছে৷