৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বিটিচিত উত্তাল প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে শনিবাৰে বড়োভূমিৰ সদৰ কোকৰাঝাৰত ভয়ংকৰ পৰিস্থিতি ৷ শনিবাৰে অসম বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰাৰ প্রাকমুহূর্তত কোকৰাঝাৰত জনজাতীয় ছাত্র বিদ্রোহে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি জনজাতীয় ছাত্র সমাজে বিটিচি পৰিষদীয় ভৱনৰ সদন ক্ষেত্ৰত প্ৰৱেশ কৰি চেয়াৰ-টেবুল, আচবাব, টিভি ভাঙি লণ্ডভণ্ড কৰে। জনজাতীয় ছাত্র সমাজে ষষ্ঠ অনুসুচীৰ বিধান পৰিষদীয় সদনত অর্থাৎ বিধানপালিকাত প্রৱেশ কৰি সদন লণ্ডভণ্ড কৰা কাৰ্যত ৰাজ্যত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে বিধানসভাত প্রতিবেদন দাখিল কৰাৰ পূৰ্বেই কোকৰাঝাৰত পুনৰ ধৰ্ণা-প্রতিবাদী সমদল উলিয়ায়। কোকৰাঝাৰৰ বড়োলেও বিশ্ববিদ্যালয়ৰ পৰা জনজাতীয় ছাত্র সমাজে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা বিশাল প্রতিবাদী সমদল উলিয়ায়। উক্ত বিশাল প্রতিবাদী সমদলত কোকৰাঝাৰৰ বিভিন্ন মহাবিদ্যালয়, চিআইটি আদিৰ পৰা জনজাতীয় ছাত্র-ছাত্রীসকলে প্রতিবাদী সমদলত অংশগ্রহণ কৰে। প্রতিবাদী সমদল চলাকালীন অৱস্থাত প্রতিবাদকাৰীসকলে হাগ্রামা মহিলাৰী হঁচিয়াৰ, হাগ্রামা মহিলাৰী গ’ বেক, বিশ্বজিৎ দৈমাৰী মুর্দাবাদ, প্রমোদ বড়ো গ’ বেক, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, ৰণোজ পেগু মুর্দাবাদ, ৰৌণগৌড়া নাৰ্জাৰী মুর্দাবাদ, উত্থাও গৌৰা ব্ৰহ্ম হুঁচিয়াৰ, গ’ বেক, চৰণ বড়ো গ’ বেক, ৰিহণ দৈমাৰী মুর্দাবাদ, চিচিটিঅ’এ জিন্দাবাদ, ট্রাইবেল ঐক্য জিন্দাবাদ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক, উই ৱাণ্ট জাষ্টিচ, এন্টি ট্রাইবেল হুঁচিয়াৰ, জৈ বড়ো হাৰিণী জৈ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি বিটিচি সচিবালয়ৰ পিনে অগ্ৰসৰ হয়। প্ৰতিবাদকাৰীসকলে বিটিচি সচিবালয়ৰ প্ৰথম গেট বলপূর্বকভাৱে পাৰ হোৱাৰ পিছত বিটিচি সচিবালয়ৰ দ্বিতীয় গেটৰ পিনে অগ্ৰসৰ হয়। লগে লগে আৰক্ষী সষ্টম হৈ উঠে যদিও হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাধা নেওচি বিটিচিৰ দ্বিতীয় গেট পাৰ হৈ বিটিচিৰ বিধান পৰিষদ (এছেম্বলী) ভৱনত উপস্থিত হয়। ইয়াৰ পিছতে ছাত্র বিদ্রোহে ভয়ংকৰ ৰূপ ধাৰণ কৰি এফালৰ পৰা মহটিয়াই নিয়ে। বিটিচিৰ হৃদপিণ্ড স্বৰূপ বিটিচি বিধান পৰিষদীয় ভৱনত প্ৰৱেশ কৰি আচবাব, ফুলৰ টাব লণ্ডভণ্ড কৰাৰ লগতে চকী-মেজ ভাঙি-ছিঙি চুৰমাৰ কৰে। ইয়াতেই ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীসকলে সদনৰ ভিতৰত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰে আৰু সদনৰ মাইক, টিভি, চেয়াৰ ভাঙি পেলায়। গণতন্ত্ৰৰ মূল স্তম্ভ বুলি খ্যাত সদনত প্ৰৱেশ কৰি জনজাতীয় ছাত্র সমাজে কৰা লংকাকাণ্ড ৰাজ্যত এয়াই প্রথম বুলি বিবেচিত হৈছে। লক্ষণীয় যে জনজাতীয় ছাত্র সমাজে সদনত লংকাকাণ্ড কৰি পুনৰ সদনৰ সন্মুখত প্রতিবাদত নামি পৰে। প্ৰতিবাদকাৰীসকলে প্রতিবাদস্থলীত বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰীৰ উপস্থিতি দাবী কৰে আৰু বিটিচিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপত্তি নাই বুলি দিয়া ‘এনঅ’চি’ উঠাই লোৱাৰ দাবী জনায়। প্রতিবাদকাৰীসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত ঘোৰ বিৰোধিতা কৰি নিজ দাবীৰ সমর্থনত অটল হৈ প্রতিবাদ অব্যাহত ৰাখে। উত্তপ্ত হৈ থকা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰৱৰ্তী সময়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগতে কমাণ্ডো বাহিনীও নিয়োগ কৰিব লগা হয়। অৱশেষত প্রতিবাদস্থলীত জিলা আযুক্ত মাচান্দা এম পার্টিন, জিলা আৰক্ষী অধীক্ষক অক্ষত গাৰ্গকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জিলা আয়ুক্তই প্রতিবাদী শিক্ষাৰ্থীসকলৰ দাবী সন্দৰ্ভত চৰকাৰক অৱগত কৰা হ’ব বুলি প্রতিবাদীসকলৰ সৈতে আলোচনাত মিলিত হৈ আশ্বাস দিয়াত প্রতিবাদী কাৰ্যসূচী স্থগিত ৰাখে। প্রতিবাদী ছাত্র-ছাত্রীসকলে কোকৰাঝাৰ জিলাৰ আযুক্ত মাচান্দা এম পার্টিনৰ জৰিয়তে অসম চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা আৰু বিটিচি চৰকাৰলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে।
