৬ আগষ্টত  নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রীয়ে

৬ আগষ্টত  নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণক লৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে প্রতিখন জিলাৰ আযুক্ত আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বোধন কৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এলানি নির্দেশনা জাৰি কৰিলে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠিত কৰা এই বৈঠকত নিযুত মইনা-২.০ আঁচনিখনৰ সন্দৰ্ভত পর্যালোচনা কৰে। উল্লেখ্য যে ২০২৫-২৬ শিক্ষাবর্ষৰ বাবে প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচীৰে অহা ৬ আগষ্টত মুখ্যমন্ত্রী ড° শর্মাই এই আঁচনিখনৰ শুভাৰম্ভ কৰিব। ৭ আগষ্টৰ পৰা ৯ আগষ্টলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত প্র-পত্র বিতৰণ কৰা হ’ব। এই আঁচনিৰ অধীনত ২০২৪-২৫ বৰ্ষত ১,৬১,৩০২ গৰাকী ছাত্ৰীৰ বিপৰীতে ২০২৫-২৬ বর্ষত ১,৮৪৬ শিক্ষা প্ৰতিষ্ঠানৰ ৪,১৬,২৩৯ গৰাকী ছাত্রী উপকৃত হ’ব। মন কৰিবলগীয়া যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্রীসকলৰ মাজত বৃদ্ধি হোৱা ড্রপআউটৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা নিযুত মইনা আঁচনিৰ জৰিয়তে মুখ্যতঃ দুটা লক্ষ্য বান্ধি লোৱা হৈছে। ইয়াৰে প্ৰথমটো হ’ল পঢ়া-শুনা সম্পূৰ্ণ কৰাটো নিশ্চিত কৰা আৰু বিবাহপর্যন্ত ছাত্রীসকল স্নাতক হোৱা। ৰাজ্যিক কেবিনেটে অতি শেহতীয়াকৈ এই নিযুত মইনা আঁচনিত অনুমোদন জনাইছিল। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰা সকলো ছাত্ৰীয়ে প্রতিমাহে এহাজাৰ টকাকৈ, স্নাতক পর্যায়ত প্রতিগৰাকী ছাত্ৰীয়ে ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ত একোগৰাকী ছাত্রীয়ে ২,৫০০ টকা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে এই আঁচনিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰতিখন জিলা আয়ুক্তক বিশেষ নির্দেশনা প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়সমূহৰ অধ্যক্ষকো দুখীয়া ছাত্র-ছাত্রীসকলে যাতে এই আঁচনিৰ জৰিয়তে সুবিধা লাভ কৰিব পাৰে তাৰ ওপৰত এলানি নির্দেশনা দিয়ে। অহা ৬ আগষ্টত এই আঁচনিখনৰ শুভাৰম্ভ হোৱাৰ পাছতে আগষ্ট মাহৰ পৰাই ছাত্রীসকলৰ বেংক একাউণ্টত প্রতি মাহৰ ধন জমা হ’ব। অৱশ্যে এই আঁচনিৰ অধীনত এবছৰত ১০ মাহৰ বাবেহে ধন লাভ কৰিব। জুন আৰু জুলাই মাহত গ্রীষ্মকালীন ছুটীৰ বাবে এই দুমাহৰ কোনো ধনৰাশি ছাত্রীসকলে লাভ নকৰিব। নিযুত মইনা-২.০ত তেজপুৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আদি কেন্দ্রীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰীসকলকো সামৰি লোৱা হ’ব। নিযুত মইনা আঁচনিক লৈ ইতিপূর্বে মুখ্যমন্ত্রী শৰ্মাই ঘোষণা কৰা অনুসৰি স্নাতকোত্তৰ বা বি এড অধ্যয়ন কৰা বিবাহিত মহিলাসকলেও এই আঁচনিৰ বাবে যোগ্য হ’ব। অৱশ্যে এই আঁচনিৰ হিতাধিকাৰী হিচাপে নির্বাচিত হোৱাৰ পাছত কোনো ছাত্রীয়ে বিবাহপাশত আবদ্ধ হ’লে তেওঁ এই আঁচনিৰ সাহায্য লাভ নকৰিব।