৬৪ জন জম্মু-কাশ্মীৰৰ কংগ্ৰেছ নেতাৰ পদত্যাগ 

Pc- India Today

৬৪ জন জম্মু-কাশ্মীৰৰ কংগ্ৰেছ নেতাৰ পদত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তাৰা চান্দকে ধৰি জম্মু-কাশ্মীৰ কংগ্ৰেছৰ প্ৰায় ৬৪ জন নেতাই গুলাম নবী আজাদৰ সমৰ্থনত দলৰ পৰা পদত্যাগ কৰে। প্ৰাক্তন বিধায়ক বলৱান সিঙে কয়, “আমি আজাদৰ সমৰ্থনত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ এখন যুটীয়া পদত্যাগ পত্ৰ দাখিল কৰিছো।” প্ৰতিবেদন অনুসৰি, ৫০ জনতকৈও অধিক নেতাই আজাদৰ নতুন দলত যোগদান কৰিবলৈ সাজু হৈছে।