৬০ টকাকৈ বৃদ্ধি ঘৰুৱা চিলিণ্ডাৰৰ দাম
ৰঙিলী বাৰ্ত্তাসেৱা- মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰততো পৰিবলৈ আৰম্ভ । পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে । বিশেষকৈ শক্তি খণ্ডত প্ৰভাৱ স্পষ্ট হৈ পৰিছে । মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ভাৰতত বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। শনিবাৰে মাজনিশাৰ পৰা প্রতিটো এলপিজি ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰত ক্ৰমে ৬০ টকা আৰু ১১৪.৫০ টকাকৈ বৃদ্ধি পাইছে। চলিত মার্চ মাহতে দ্বিতীয়বাৰলৈ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। ইয়াৰ পূৰ্বে এক মাৰ্চত প্রতিটো বাণিজ্যিক চিলিণ্ডাৰত ২৮ টকাকৈ বৃদ্ধি কৰা হৈছিল। পশ্চিম এছিয়াত ইৰানৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যুটীয়াভাৱে চলোৱা আক্ৰমণৰ পিছত বিশ্বজুৰি ইন্ধনৰ মূল্য তীব্র উত্থানৰ আশংকা কৰা হৈছে। ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ ৱেবছাইটত প্ৰকাশ কৰা মতে, ৰাজসাহায্যবিহীন এলপিজি আৰু উজ্জ্বলা হিতাধিকাৰীৰ বাবে আন নিয়মীয়া উপভোক্তাই ব্যৱহাৰ কৰা ১৪.২ কিলোগ্রাম ওজনৰ চিলিণ্ডাৰৰ বাবে গ্রাহকে ৯১৩ টকাকৈ ভৰিব লাগিব। ইয়াৰ পূৰ্বে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল ৮৫৩। ইফালে হোটেল আৰু ৰেস্তোৰাঁৰ দৰে ব্যৱসায়িক প্রতিষ্ঠানসমূহে ব্যৱহাৰ কৰা ১৯ কিলোগ্রাম চিলিণ্ডাৰৰ দাম ১১৪.৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। মাজনিশাৰ পৰা বলবৎ হোৱাকৈ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য দিল্লীত ১,৮৮৩ টকা হ’ব। স্থানীয় বিক্ৰী কৰ বা মূল্য সংযোজন কৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যভেদে দাম ভিন্ন ভিন্ন। সেই হিচাপে দিল্লীত প্রতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পায় ৯১৩ টকা, মুম্বাইত ৯১২.৫০ টকা, কলকাতাত ৯৩৯ টকা, চেন্নাইত ৯২৮.৫০ টকা। অসমত প্রতিটো ১৪.২ কিলোগ্রাম ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৬২ টকা, ১০.১৯ কিলোগ্রাম ঘৰুৱা চিলিণ্ডাৰৰ দাম ৬৮৮ টকা আৰু ১৯.১ কিলোগ্রাম বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২,১০৩.৫০ টকালৈ বৃদ্ধি পায়। ইফালে চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালেও উজ্জ্বলা যোজনাৰ ১০ কোটি হিতাধিকাৰীয়ে পূৰ্বৰ দৰেই ৩০০ টকা ৰাজসাহায্য লাভ কৰি থাকিব। অৱশ্যে তেওঁলোকে নতুন নির্ধাৰিত দামতে ক্ৰয় কৰিব লাগিব। ৰন্ধন গেছৰ দাম বৃদ্ধি পালেও খাৰুৱা তেলৰ দাম ভাৰতত অপৰিৱৰ্তিত থকা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
