৬টা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ৰাষ্ট্ৰপতি ট্রাম্পৰ

৬টা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ৰাষ্ট্ৰপতি ট্রাম্পৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতে বন্ধু ৰাষ্ট্ৰ বুলি ভাবি থকা আমেৰিকাই পাকিস্তানৰ সৈতে দ্বিপাক্ষিক বাণিজ্য চুক্তি স্বাক্ষৰ কৰা বুলি স্পষ্টভাৱে ঘোষণা কৰিছে। তদুপৰি ট্রাম্প প্রশাসনে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথাও প্ৰকাশ কৰাতেই ক্ষান্ত নাথাকি ইৰানৰ পৰা তেল ক্ৰয় কৰাটো অপৰাধ বুলি দাবী কৰি ৬টা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞাও আৰোপ কৰিছে। হোৱাইট হাউছৰ সূত্ৰই ভাৰতীয় কোম্পানীসমূহে আমেৰিকাৰ পাৰমাণৱিক চুক্তি গ্ৰহণ নকৰা ইৰানৰ সৈতে ব্যৱসায় অব্যাহত ৰখাৰ বাবেই এনে সিদ্ধান্ত লোৱা বুলি সদৰী কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ সূত্ৰৰ বিবৃতিত কোৱা হৈছে যে ইৰানৰ শাসনে মধ্যপ্রাচ্যৰ সংঘাতত ইন্ধন যোগাইছে। অস্থিৰতা সৃষ্টিৰ বাবে দেশখনে মধ্যপ্রাচ্যৰ সংঘাতজৰ্জৰ দেশসমূহক আর্থিক সাহায্য আগবঢ়াইছে। আমেৰিকাই গ্ৰহণ কৰা এই সিদ্ধান্তৰ মূলতে ইৰানৰ অৰ্থনৈতিক শক্তি হ্রাস কৰা। দেশখনৰ বাণিজ্যত আঘাত হানিবলৈ চেষ্টা কৰি ট্রাম্প প্রশাসনে ভাৰতৰ ৬টা কোম্পানীসহ বিশ্বৰ ২০টা কোম্পানীক ইৰানৰ পৰা পেট্র’ল আৰু পেট্র’লিয়ামজাত সামগ্রী ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ১ আগষ্টৰ পৰা এই নতুন শুল্ক হাৰ কাৰ্যকৰী হ’ব। সামাজিক মাধ্যমযোগে ট্রাম্পে ঘোষণা কৰে যে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰাৰ বাবে এই অতিৰিক্ত শুল্কক শাস্তি হিচাপে বিবেচনা কৰিব লাগিব। তেওঁ লগতে কয়- ভাৰত যদিও আমাৰ বন্ধু, আমাৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অতি কম। কিয়নো, তেওঁলোকৰ শুল্কৰ হাৰ অতি বেছি। তদুপৰি ভাৰতে অধিকাংশ অস্ত্ৰ ৰাছিয়াৰ পৰা ক্রয় কৰে। ইফালে, এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ভাৰত চৰকাৰে জাতীয় স্বার্থ ৰক্ষাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব বুলি কয়। ভাৰতৰ ওপৰত অত্যধিক শুল্ক আৰোপ কৰা ট্রাম্পে পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন কৰা বুলি ছ’চিয়েল মিডিয়াযোগে স্পষ্ট কৰি কয়- আমি পাকিস্তানৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছোঁ। দুয়োখন দেশে একেলগে কাম কৰি পাকিস্তানত থকা বিশাল তেল মজুতৰ বিকাশ ঘটাম। অৱশ্যে দেশখনত কোনে তেল উৎপাদন কৰিব সেই সন্দর্ভত সিদ্ধান্ত ল’ব ব্রাশ্বিংটনে। তেওঁ আনকি ইছলামাবাদে এদিন ভাৰতক তেল বিক্ৰী কৰিব বুলিও ব্যক্ত কৰে। প্ৰসংগক্রমে উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰত-আমেৰিকাই বাণিজ্য চুক্তিৰ বাবে দুই দেশৰ প্ৰতিনিধিৰ মাজত ব্যাপক আলোচনা চলি আহিছে। আমেৰিকাই বাণিজ্য চুক্তি সমাপ্ত কৰিবলৈ ভাৰতক ১ আগষ্টৰ সময়সীমা বান্ধি দিছিল। কিন্তু বিভিন্ন জটিলতাৰ বাবে দুয়োখন দেশৰ মাজত এতিয়াও চুক্তিত উপনীত হ’ব পৰা নাই। ইয়াৰ মাজতে পাকিস্তানৰ সৈতে আমেৰিকাই স্বাক্ষৰ কৰা বাণিজ্য চুক্তিয়ে বিশেষ তাৎপর্য বহন কৰিছে।