৫.৯ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল অসম
ৰঙিলী বাৰ্ত্তাসেৱা- ভয়ংকৰ ভূমিকম্পই কঁপাই গ’ল অসমৰ বিভিন্ন প্ৰান্ত। দেওবাৰে বিয়লি ৪.৪১ মিনিটত অহা ভূমিকম্পক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি হয়। খবৰ অনুসৰি, ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্রাবল্য ৫.৯ আছিল। ভূমিকম্পৰ উৎসস্থল আছিল অসমৰ ঢেকীয়াজুলি। অৱশ্যে এতিয়ালৈকে কোনো ডাঙৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। দেওবাৰে অহা এই ভয়াৱহ ভূমিকম্পই সমগ্ৰ অসমত প্ৰচণ্ড জোকাৰণি তোলে। কেইছেকেণ্ডৰ ভিতৰতে সেই কম্পন উত্তৰ বংগলৈও বিয়পি পৰে। তদুপৰি দাৰ্জিলিং, শিলিগুৰি জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰসহ বিস্তীর্ণ এলেকাত কঁপনি অনুভৱ কৰা হয়। ভয়াৱহ এই ভূমিকম্পৰ আতংকত বহুতে ঘৰৰ বাহিৰলৈ ওলাই আহে। গুৱাহাটী মহানগৰীৰ ওখ ওখ অট্টালিকাত থকা লোকসকলৰ মাজতো হুৱা-দুৱা লাগে। অৱশ্যে বাতৰি সংগ্ৰহৰ সময়লৈ অসমত ক’তো উল্লেখযোগ্য ক্ষয়-ক্ষতিৰ তথ্য পোৱা হোৱা নাই যদিও ঢেকীয়াজুলি তথা ভূমিকম্পৰ উৎসৰ আশে-পাশে কিছু ক্ষয়-ক্ষতি হোৱাৰ অনুমান কৰা হৈছে।