৫ শ্ৰমিকৰ মৃতদেহ ওলোৱাৰ পাছত জগদীশ ভূঞাৰ প্ৰতিক্ৰিয়া
উমৰাংছ’ৰ কয়লা খনিৰ গৰাকী, চৰকাৰী বিষয়া-আৰক্ষীৰ বিৰুদ্ধে ৰুজো হ’ব লাগে হত্যাৰ গোচৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উমৰাংছ’ৰ অবৈধ কয়লাখনিত উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ মৃত্যুৰ বিষয়টোক চৰকাৰে বা আৰক্ষীয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই ৷ যিহেতু শ্ৰমিককেইজন অবৈধ ৰেট-হ’লৰ সুৰংগত সোমাই মৃত্যু মুখত পৰিছে, গতিকে তেওঁলোকৰ মৃত্যুৰ ঘটনাটোক হত্যাকাণ্ড হিচাপে বিবেচনা কৰি অবৈধ খনিটো চলাই থকা লোকসকলৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজো কৰিব লাগে ৷ – এই দাবী অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ৷ ৰাজ্যত চলি থকা অবৈধ কয়লা খনন, সৰবৰাহ আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে অবিৰত যুঁজ চলাই অহা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ৬ জানুৱাৰীত সংঘটিত উমৰাংছ’ৰ ঘটনাটোক চৰকাৰে গাপ দিবলৈ চেষ্টা কৰি আছে ৷ আনকি আৰক্ষীও যিধৰণে তৎপৰ হ’ব লাগিছিল, সেই ধৰণে হোৱা নাই ৷ কিয়নো চৰকাৰী ব্যৱস্থাই সৃষ্টি কৰা জালত ভৰি দিয়েই উক্ত শ্ৰমিককেইজনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ সেয়েহে দায়বদ্ধতা নিশ্চিত কৰিবলৈ ডিমা হাচাও জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা বন বিষয়া প্ৰমুখ্যে সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্বাধিকাৰীসকলৰ ওপৰত আইনগত তথা বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ৷ আনহাতে, উক্ত অবৈধ কয়লা খনিটো চলোৱা কনিকা হোজাই, তেওঁৰ স্বামী দেৱলাল গাৰ্লোছা, মন্ত্ৰী নন্দিতা গার্লোছাৰ পিতৃ ননীগোপাল গাৰ্লোছা, এ এম ডি চিয়ে অবৈধ খনন চলাবলৈ অনুজ্ঞাপত্ৰ দিয়া ১৩ গৰাকী লোকৰ লগতে এ এম ডি চিৰ তদানিন্তন সঞ্চালক আনন্দ নটৰাজনৰ বিৰুদ্ধে গোচৰ ৰিজো হ’ব লাগিছিল ৷ কিন্তু অসম আৰক্ষী তথা চৰকাৰে এই দিশত তৎপৰতা প্ৰদর্শন নকৰাটো দুৰ্ভাগ্যজনক বুলি ভূঞাই মত প্ৰকাশ কৰে৷মুম্বাই-পাকিস্তানত সংঘটিত ঘটনাত অসম আৰক্ষীৰ দ্বাৰা নিজাববীয়া গোচৰ ৰজু কৰোৱাবলৈ তৎপৰতা দেখুওৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ ৰাজ্যত হত্যাৰ বলি হোৱা ৯ জনকৈ লোকৰ জীৱনক লৈ তৎপৰ কিয় হোৱা নাই বুলিও প্ৰশ্ন কৰে শ্রী ভূঞাই।