৫ মে’ৰ সন্ধিয়াৰে পৰা বন্ধ হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ 

Pc The Economic Times

ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লাগিব ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ আগত

৫ মে’ৰ সন্ধিয়াৰে পৰা বন্ধ হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়তে ভোট গ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে ৰাজনৈতিক দলৰ প্রার্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগিব। এই অনুসৰি ৭  মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ৪ টা সমষ্টিৰ নিৰ্বাচনৰ ক্ষেত্ৰত অহা ৫ মে’ৰ সন্ধিয়া ৫ বজাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব। ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্বন্ধীয় সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। তদুপৰি টেলিভিশ্বন, চিনেমেটোগ্ৰাফ বা অন্য তেনে কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব।  ভোট প্ৰদানৰ ক্ষেত্ৰত ভোটাৰসকলে স্বসিদ্ধান্তৰে নিৰ্বাচনত অংশগ্ৰহণৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।