৫ মে’ৰ পৰা উচ্চতম ন্যায়ালয়ত হ’ব কা সন্দৰ্ভত চূড়ান্ত শুনানি

৫ মে’ৰ পৰা উচ্চতম ন্যায়ালয়ত হ’ব কা সন্দৰ্ভত চূড়ান্ত শুনানি

ৰঙিলী বাৰ্ত্তাসেৱা- দীর্ঘদিনৰ বিৰতিৰ অন্তত বহু বিতর্কিত নাগৰিকত্ব সংশোধনী আইন (কা) ২০১৯ৰ  সাংবিধানিক বৈধতা চালিজাৰি চাবলৈ উচ্চতম ন্যায়ালয়ে চূড়ান্ত শুনানি গ্রহণ কৰিব।  উচ্চতম ন্যায়ালয়ে ৫ মে’, ২০২৬ৰ পৰা চূড়ান্ত শুনানি আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলিৰ সংযুক্ত বিচাৰপীঠে দিছে এই নির্দেশ। ৫ মে’ৰ পৰা ১২ মে’লৈ ধাৰাবাহিকভাৱে ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, এই বিচাৰপীঠে কা বিৰোধী গোচৰসমূহ দুটা গোটত বিভাজন কৰিছে-(১) অসম-ত্ৰিপুৰা সংক্রান্ত বিষয় আৰু (২) দেশৰ আন অংশৰ বিষয়।  লক্ষণীয়ভাৱে দীর্ঘদিনৰ বিৰতিৰ পিছত বৃহস্পতিবাৰে গ্ৰহণ কৰা শুনানিকালত মুখ্য ন্যায়াধীশ সূর্য কান্তই অসম আৰু ত্ৰিপুৰাৰ বিষয়টো পৃথককৈ শুনানি লোৱা হ’বনে নাই, তাৰ বাবে গুচৰীয়া সকলো পক্ষৰ পৰা জানিব বিচাৰে। এইক্ষেত্ৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ২০২০ চনৰ জানুৱাৰী মাহত ন্যায়ালয়ে প্রদান কৰা নিৰ্দেশনাৰ কথা উল্লেখ কৰি জনায় যে উক্ত দুই ৰাজ্যৰ বিষয়টো সুকীয়াকৈ তালিকভুক্ত কৰিহে শুনানি গ্রহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল তথা ন্যায়ালয়ে দুগৰাকী ন’ডেল অধিবক্তাক নিয়োগ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে প্ৰথমতে দেশৰ বাকী অংশ তথা সামগ্রিকভাৱে আইনখনৰ বৈধতা চালিজাৰি চোৱা হ’ব। তাৰ পিছত অসম আৰু ত্ৰিপুৰাৰ বিষয়টো বিচাৰ কৰা হ’ব। সেইমৰ্মে ৫ মে’ৰ সমগ্ৰ দিন আৰু ৬ মে’ৰ দিনৰ প্ৰথম ভাগত আবেদনকাৰীসকলে যুক্তি প্রদর্শন কৰিব। ৬ মে’ৰ দ্বিতীয় ভাগ আৰু ৭ মে’ৰ দিনা সঁহাৰি দিওঁতাসকল অৰ্থাৎ চৰকাৰী পক্ষৰ তৰফৰ পৰা যুক্তি আগবঢ়োৱা হব। প্রত্যুত্তৰৰ শুনানি গ্ৰহণৰ বাবে বিচাৰপীঠে ১২ মে’ৰ দিন ধার্য কৰে। অর্থাৎ ৫, ৬, ৭ আৰু ১২ মে’ৰ চূড়ান্ত শুনানিৰ পিছতেই সামগ্রিকভাৱে ‘কা’ৰ সাংবিধানিক বৈধতা তথা অসম আৰু ত্ৰিপুৰাত আইনখনৰ প্রাসংগিকতা তথা ভৱিষ্যৎ নিৰ্ধাৰণ কৰা হ’ব। উল্লেখ্য যে ‘কা’ৰ জৰিয়তে চুবুৰীয়া বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ সংখ্যালঘু লোক মূলতঃ হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্চি আৰু খ্ৰীষ্টানসকলক ভাৰতত নাগৰিকত্ব প্ৰদানৰ দিহা কৰা হৈছে। এই আইনমৰ্মে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে তিনিখন চুবুৰীয়া দেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা উক্ত ধর্মাবলম্বী যিকোনো লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব। মন কৰিবলগীয়া যে ‘কা’ বলবৎ হোৱাৰ পিছত আইনখনৰ সাংবিধানিক বৈধতাক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত প্রায় ২৫খন লেখ আবেদন জমা হৈছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ এপ্রিল মাহত তৎকালীন মুখ্য ন্যায়াধীশ ডি বাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত ‘কা’ক লৈ অন্তিমটো শুনানি গ্রহণ কৰা হৈছিল।