৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নির্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নির্বাচন আয়োগে

Pc OpIndia

৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নির্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নির্বাচন আয়োগে

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৫ এপ্ৰিলৰ পূৰ্বে  ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা ২ এপ্রিল, ৩ এপ্রিল বা ৪ এপ্রিলত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ’ব। ৫ এপ্ৰিলৰ আগতেই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ’ব। পঞ্চায়ত নিৰ্বাচনৰ দিন ৰাজ্যিক নির্বাচন আয়োগে ঘোষণা কৰিব। এপ্ৰিলৰ প্ৰথম সপ্তাহতে এই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ’ব। উল্লেখ্য যে ৰাজ্য চৰকাৰে পূৰ্বৰে পৰাই এপ্রিল মাহৰ আৰম্ভণিতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ’ব বুলি প্রকাশ কৰি আহিছে। প্রথম পর্যায়ত উচ্চতৰ মাধ্যমিক প্রথম বার্ষিকৰ পৰীক্ষা শেষ হোৱাৰ পিছতেই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা কোৱা হৈছিল। কিন্তু উচ্চতৰ মাধ্যমিক প্রথম বার্ষিকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছত চৰকাৰে সেইসমূহ পৰীক্ষাৰ দিন ঘোষণাৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰৰ সিদ্ধান্ত অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতহে উচ্চতৰ মাধ্যমিক প্রথম বার্ষিকৰ বাকী পৰীক্ষাৰ সময়সূচী প্রকাশ পাব। অর্থাৎ পঞ্চায়ত নিৰ্বাচনৰ মাজতে উচ্চতৰ মাধ্যমিক প্রথম বাৰ্ষিকৰ বাতিল হোৱা বাকী পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। অসম ৰাজ্যিক শিক্ষা পৰিষদেও এতিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা লৈ অপেক্ষা কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতহে তেওঁলোকে অৱশিষ্ট পৰীক্ষাৰ সূচী প্রকাশ কৰিব।