৫ আঁচনি ৰূপায়ণক লৈ ওদালগুৰিত পৰ্যালোচনা বৈঠক মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ ৫খন নতুন আঁচনি ওদালগুৰি জিলাত ৰূপায়ণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। জিলাখনৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই অৰুণোদয় ৩.০, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কার্ড প্ৰদানৰ বিষয়ত বিতংভাৱে আলোচনা কৰে। বিটিআৰ প্ৰশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু শীর্ষ বিষয়াসকলৰ উপস্থিতিত জিলাখনৰ সৰ্বস্তৰত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ এশ শতাংশ সফলভাৱে ৰূপায়ণ কৰা তথা ইয়াৰ অগ্রগতি সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই পাৱাৰপইন্ট প্রেজেন্টেচনৰ জৰিয়তে বুজ লয়। বৈঠকৰ অন্তত তেওঁ কয় যে ৰাজ্য চৰকাৰ ৫খন নতুন আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িছে। ইয়াৰে প্ৰথমখন আঁচনি হৈছে অৰুণোদয় ৩.০। পূর্বে ওদালগুৰি জিলাত ৫৮ হাজাৰ পৰিয়ালে অৰুণোদয় লাভ কৰিছে। এইবাৰ হিতাধিকাৰীৰ সংখ্যা ১.১৭ লাখ পৰিয়াললৈ বৃদ্ধি কৰিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত কিধৰণে এই আঁচনিখন দৰিদ্ৰ-দুখীয়া লোকসকলে লাভ কৰে, তাৰ বাবে কিদৰে আগবাঢ়িব লাগিব সেয়া পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। ইয়াৰ পাছত আৰু এখন আঁচনি আছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলে প্রথম পৰ্যায়ত ১০ হাজাৰ টকাকৈ লাভ কৰিব। আগষ্ট মাহৰ পৰা আমি এই আঁচনি ৰূপায়ণৰ কাম হাতত ল’ম। ওদালগুৰি জিলাত ১.০৭ লাখ মহিলা উপকৃত হ’ব। এই আঁচনিৰ চূড়ান্ত তালিকাখন আমি কেনেদৰে প্ৰস্তুত কৰিম, তাৰ বিষয়েও আজি আলোচনা হয়। মুখ্যমন্ত্রী ড° শর্মাই বৈঠকত আলোচনা কৰা আন আঁচনি সন্দৰ্ভত পুনৰ কয়- ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিতো ওদালগুৰি জিলাত প্রায় আঢ়ৈ হাজাৰ যুৱক যুৱক-যুৱতীয়ে দুই লাখ টকাকৈ লাভ কৰিব। সেই আঁচনিৰো হিতাধিকাৰীসকলৰ সাক্ষাৎকাৰ হৈ গ’ল। বাছনিও কৰা হৈছে। আমি কিদৰে চূড়ান্ত কৰিম সেই বিষয়ে এটা সম্যক আলোচনা কৰা হৈছে। আমাৰ আন এখন আঁচনি হৈছে এটি কলি দুটি পাত। অসমৰ চাহ উদ্যোগে দুশ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাৰ শ্ৰমিকসকলে ৫ হাজাৰ টকাকৈ এককালীন সাহায্য চৰকাৰৰ পৰা লাভ কৰিব। সেই আঁচনিখনৰ সুবিধা ওদালগুৰি জিলাৰ প্ৰতিজন শ্রমিকে যাতে লাভ কৰে, তাৰ বিষয়েও আজি আলোচনা কৰিলোঁ। আমি প্রত্যেকটো সমষ্টিতে আৰু ৪ হাজাৰ লোকক সামৰি ল’ব পৰাকৈ ৰেচন কার্ড মুকলি কৰি দিছোঁ। এখন ৰেচন কার্ড হাতত থাকিলে যাতে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আঁচনিৰ চিকিৎসাৰ সুবিধা লাভ কৰে, সেই বিষয়েও আমি আলোচনা কৰোঁ।’ তেওঁ লগতে কয় যে এই আঁচনিসমূহৰ পৰ্যালোচনা কৰাৰ বাবে বিটিচিৰ অন্তর্গত ৫খন জিলা ভ্রমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ওদালগুৰি ভ্ৰমণৰ পাছত তামুলপুৰ, বাক্সা, কোকৰাঝাৰ আৰু চিৰাং জিলাও তেওঁ ভ্রমণ কৰিব। উল্লেখ্য যে ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি, ভেৰগাঁও, টংলা আৰু মাজবাট বিধানসভা সমষ্টিৰ বাবে এই আঁচনিকেইখনৰ হিতাধিকাৰীৰ নিৰ্বাচন যাতে সমানুপাতিকভাৱে কৰা হয়, সেই দিশত দৃষ্টি ৰাখিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। আজিৰ বৈঠকতে এই আঁচনিৰ বাবে হিতাধিকাৰী নির্বাচনকে ধৰি সকলো কাম নির্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক তেওঁ যাৱতীয় নির্দেশনা দিয়ে। বৈঠকখনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্রী পীযূষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিটিচিৰ উপ-মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য, কেইবাগৰাকীও এমচিএলএৰ উপৰি বিটিআৰৰ প্ৰধান সচিব আকাশ দীপ, জিলা আযুক্ত পুলক পাটগিৰি তথা বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে।