৫ অক্টোবৰত গুৱাহাটীত মহাবিজয়া দশমীৰ আয়োজন

www.anandbazar.com

৫ অক্টোবৰত গুৱাহাটীত মহাবিজয়া দশমীৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  ক’ভিড মহামাৰী আৰু অন্যান্য অনিবাৰ্য কাৰণবশতঃ চাৰি বছৰৰ ব্যৱধানৰ পাছত এইবাৰ বিজয়া দশমী সম্পূৰ্ণ জাকজমকতাৰে উদ্‌যাপন কৰা হ’ব৷আয়োজকসকলে উল্লেখ কৰামতে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ৫ অক্টোবৰত ৰামলীলা আৰু ৰাৱণ দাহন কাৰ্যসূচীৰে উদ্‌যাপন কৰা হ’ব মহাবিজয়া দশমী৷মহাবিজয়া দশমীৰ প্ৰতিষ্ঠাপক সদস্য আৰু আয়োজক সমিতিৰ অধ্যক্ষ ৰাম নিৰঞ্জন গোৱেংকাই এই বছৰৰ অনুষ্ঠানটো বিলাস বহুলভাৱে উদ্‌যাপন কৰাৰ বাবে আগ্ৰহ কৰিছিল যদিও দুৰ্ভাগ্যবশতঃ তেওঁ মে’ মাহত শেষ নিশ্বাস ত্যাগ কৰে৷চলিত বৰ্ষৰ অনুষ্ঠানটোৰ বাবে জয়প্ৰকাশ গোৱেংকাক অধ্যক্ষ,সুধীৰ আগৰৱালাক সভাপতি,অৰুণ শৰ্মাক উপ সভাপতি আৰু দীনেশ মংগলুনিয়াক সম্পাদক হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হৈছে৷উক্ত সমিতিখনে নতুন প্ৰযুক্তি আৰু উদ্ভাৱনি ধাৰণাৰ এই বছৰৰ মহাবিজয়া দশমী উৎসৱটো পালনৰ সিদ্ধান্ত লৈছে৷আয়োজকসকলে সদৰি কৰা মতে চলিত বৰ্ষৰ মহাবিজয়া দশমীক বিশেষভাৱে উদ্‌যাপন কৰা হ’ব কিয়নো অসমত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বতে অসমে এখন প্ৰকৃতাৰ্থত ‘ৰাম ৰাজ্য’ লাভ কৰিবলৈ সক্ষম হৈছে৷মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত ৰাজ্য চৰকাৰেও আনকি এই বছৰৰ মহাবিজয়া দশমীৰ কাৰ্যসূচীলৈ আন্তৰিকতাৰে সমৰ্থন আগবঢ়াইছে৷অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে  চলিত বৰ্ষৰ সামগ্ৰিক অনুষ্ঠানটোত সদ্ভাৱনাদূত হিচাপে অনুষ্ঠানটোৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সন্মতি জনাইছে৷উল্লেখ্য,আয়োজক সমিতিয়ে এইবাৰৰ ৰামলীলা আৰু ৰাবণ দাহন কাৰ্যসূচীক প্ৰায় ২৫ হাজাৰৰ পৰা ৩০ হাজাৰ লোকে অনুষ্ঠানস্হলীত পোনপটীয়াকৈ প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা কৰিব৷