৫,৭৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

৫,৭৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচনৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অন্তিমটো নিযুক্তি অনুষ্ঠানৰ আয়োজন কৰে । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ৫,৬৯০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে । এই চৰকাৰী চাকৰিসমূহ মূলতঃ শক্তি আৰু শিক্ষা বিভাগত দিয়া হৈছে । ইয়াৰ লগে লগে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত চৰকাৰী চাকৰিত সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ১,৬৪,৪২৩গৰাকীলৈ বৃদ্ধি পালে। এই অনুষ্ঠানত উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদত ৩,৫১৫গৰাকী, প্ৰাদেশীকৃত টিউটৰৰ পৰা শিক্ষক পদলৈ উন্নীত ১১৬গৰাকী, উচ্চ প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বা বিজ্ঞান শিক্ষক পদৰ পৰা প্ৰধান শিক্ষক পদলৈ পদোন্নতিপ্রাপ্ত ১৯৭গৰাকী, উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদত ৪৪৬গৰাকী, উচ্চ শিক্ষা বিভাগত সহকাৰী অধ্যাপক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ১৭৭ গৰাকী, চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যক্ষ পদত ৪গৰাকী, ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অন্তর্গত প্রবক্তা পদত ৬০ গৰাকী, সমগ্র শিক্ষা অভিযানৰ অন্তৰ্গত ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষক হিচাপে কৰ্মৰত ১,১৭৫গৰাকীক প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত স্থায়ী পদত আৰু অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত সহকাৰী গাণনিক বিষয়া হিচাপে ৬৪গৰাকীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়।

এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কার্যকালত সম্পূর্ণ স্বচ্ছ আৰু মেধাভিত্তিক এই নিয়োগ প্রক্রিয়া ৰাজ্যৰ প্ৰশাসনীয় ইতিহাসত এক বিৰল, অবিস্মৰণীয় আৰু এতিহাসিক উদাহৰণ হৈ থাকিব বুলি মন্তব্য কৰে। তেওঁ কয় যে ক’ভিড মহামাৰীৰ সময়ছোৱাত ৰাজ্যৰ অৰ্থনীতি আৰু জনসাধাৰণৰ জীৱন-জীৱিকালৈ এক অভাৱনীয় দুর্যোগ নামি আহিছিল আৰু তেনে এক পৰিৱেশৰ মাজতে ২০২১ চনত অনুষ্ঠিত বিধানসভা নির্বাচনত জনসাধাৰণক শাসনলৈ আহিলে ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি আৰু মাক্ৰ’ফাইনেঞ্চৰ ধনৰ বোজাৰ পৰা ঋণগ্রস্ত মহিলাসকলক মুক্তি দিয়াৰ প্ৰতিশ্রুতি দিছিলোঁ। বহু লোকে এই দুয়োটা প্রতিশ্রুতি পূৰণ সম্ভৱ নহয় বুলি অভিমত ব্যক্ত কৰিছিল আৰু অসম বিধানসভাতো বিৰোধী পক্ষই এই সন্দৰ্ভত বিভিন্ন প্রশ্ন উত্থাপন কৰিছিল। শাসনলৈ অহাৰ পিছত বৰ্তমানৰ ৰাজ্য চৰকাৰে এই দুয়োটা প্রতিশ্রুতি পূৰণৰ দিশত নিষ্ঠা আৰু সততাৰে কাম আৰম্ভ কৰি কাৰ্যকালৰ প্ৰথম তিনিটা বছৰৰ ভিতৰতে লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল। আমাৰ চৰকাৰখনে কাৰ্যকালৰ অন্তিম দিনকেইটাত উপনীত হৈছে। এই সভাখনেই হৈছে নিযুক্তি প্ৰক্ৰিয়াৰ অন্তিমখন সভা। আজি মই অত্যন্ত বিনম্রতাৰে আৰু গৌৰৱেৰে জনাব খোজোঁ যে চৰকাৰী চাকৰিত ১ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ প্রতিশ্রুতি অতিক্রমি আমি ১ লাখ ৬৪ হাজাৰ ৪২৩গৰাকীক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ।

কোনোধৰণৰ অনিয়মৰ অভিযোগ নুঠা এইটোৱেই হৈছে দেশৰ সৰ্ববৃহৎ নিযুক্তি প্রক্রিয়া। আমাৰ চৰকাৰে ৰাজ্যৰ প্ৰতিটো বিভাগতে নিকা নিযুক্তি আৰু প্ৰতিবছৰে নিযুক্তি প্রদান প্রক্রিয়া অব্যাহত ৰাখি এক নতুন ইতিহাস ৰচিবলৈ সক্ষম হৈছে। আমি সকলোৱে মিলি আগন্তুক দিনসমূহতো এই যাত্রা অব্যাহত ৰাখিব লাগিব। অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে যে ৰাজ্য চৰকাৰে ৫০-৬০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিয়েই নিযুক্তি প্রক্রিয়া সামৰিব পাৰিলেহেঁতেন। কিয়নো আজিলৈকে অসমত যিমানকেইখন চৰকাৰ গঠন হৈছে, সেই সকলোবোৰ চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত ২৫ হাজাৰতকৈ অধিক নিযুক্তি হোৱা নাছিল। কিন্তু বৰ্তমানৰ চৰকাৰখনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত অসন্তুষ্ট হৈ এজনেও আদালতৰ দ্বাৰস্থ নোহোৱাটোৱে নিকা নিযুক্তি প্ৰক্ৰিয়াটোৰ প্ৰতি জনসাধাৰণৰ থকা বিশ্বাসক প্রতিফলিত কৰিছে। আমি প্রতিশ্রুতি কমকৈ প্ৰদান কৰি কাম বেছিকৈ কৰিবলৈ চেষ্টা কৰোঁ। ৰাজ্যৰ শিক্ষাখণ্ডক উজ্জীৱিত কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিগত পাঁচ বছৰত এই খণ্ডটোত প্রায় ৯৫ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হৈছে। অসমীয়া মাধ্যমৰ বিদ্যালয় তথা ৰাজহুৱা শিক্ষা ব্যৱস্থাত এনে বৃহৎ নিযুক্তি সম্ভৱ হ’ব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল।

ৰাজ্যৰ শিক্ষাখণ্ডৰ সবলীকৰণৰ লগতে শিক্ষক, অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ মাজত সু-সমন্বয় গঢ়াৰ বাবে লোৱা প্ৰচেষ্টাৰ ইতিবাচক ফল ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। সম্প্রতি ৰাজ্যত আধাতে শিক্ষানুষ্ঠান এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস পোৱাৰ উপৰি ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থাও বৃদ্ধি পাইছে। ৰাজ্যত আগন্তুক সময়ত নতুনকৈ ৬৫ হাজাৰ শিক্ষক নিযুক্তি দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব। উদ্যমিতা আৰু দক্ষতা বৃদ্ধিৰে ৰাজ্যৰ নৱপ্ৰজন্মক মানৱ সম্পদৰূপে গঢ়ি তোলাৰ এক নতুন প্রচেষ্টা অসমত আৰম্ভ হৈছে বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে অসমত উদ্যোগীকৰণৰ এটা নতুন পৰিৱেশ সৃষ্টি হৈছে।  বিকাশ, শিক্ষাখণ্ডৰ সংস্কাৰ, স্বাস্থ্যখণ্ডত নতুন আন্তঃগাঁথনি সংযোজন, উন্নত যাতায়াত ব্যৱস্থা, প্রযুক্তিৰ ব্যৱহাৰ আদিৰেহে দেশৰ এখন অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে অসমে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব। সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে এয়া সম্ভৱ হৈ উঠিব বুলি উল্লেখ কৰি তেওঁ কয়- ‘পৰিৱৰ্তন সামূহিক সংকল্পই আনিব পাৰে আৰু নিশ্চিতভাৱে আমি সেয়া সম্ভৱ কৰিব পাৰিম। ২০৪৭ চনৰ অমৃত ভাৰতৰ এখন অমৃত অসম নিৰ্মাণৰ লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম।’

ভাষণত মুখ্যমন্ত্রী ড° শর্মাই বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত একাধিক দলং নির্মাণ, গুৱাহাটীকে ধৰি বিভিন্ন স্থানত উৰণ সেতু নির্মাণ, চিকিৎসা মহাবিদ্যালয় নির্মাণ, বানপানীৰ প্ৰকোপৰ পৰা ৰাজ্যখনক ৰক্ষা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা তথা পদক্ষেপ আদিৰ কথাও উল্লেখ কৰে। তেওঁ লগতে কয় যে এসময়ত ৰাজ্যত এটা দিনত বিদ্যুৎ যোগান ১২ ঘণ্টাও সম্ভৱ নাছিল। কিন্তু ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত লোৱা পদক্ষেপৰ বাবে এতিয়া ২৩ ঘণ্টা পর্যন্ত বিদ্যুৎ যোগান সম্ভৱ হৈ উঠিছে। ড° শর্মাই কয়-‘আমি যোৱা পাঁচ বছৰত এখন নতুন অসম নিৰ্মাণৰ পৃষ্ঠভূমি তৈয়াৰ কৰিছোঁ। আমি এনে এখন অসম নির্মাণ কৰিব লাগিব যিখনে নিজ কর্তব্য পথত অটল, অবিচল হৈ থাকি অনিৰুদ্ধ গতিৰে আগুৱাই যাব।’ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, শক্তিমন্ত্রী প্রশান্ত ফুকনৰ উপৰি শিক্ষা বিভাগৰ আয়ুক্ত তথা সচিব নাৰায়ণ কোঁৱৰ, এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।