৫৬তম বিষ্ণু ৰাভা দিৱস আয়োজন 

৫৬তম বিষ্ণু ৰাভা দিৱস আয়োজন 

শৈলেন কুমাৰ ,মিৰ্জা , ৰঙিলী বাৰ্ত্তাসেৱা- অসম মাতৃৰ মহান শিল্পী কলা গুৰু বিষ্ণু ৰাভাৰ ৫৬তম মৃত্যু দিৱসটি অহা ইং ২০ জুন ২০২৫ তাৰিখ শুক্ৰবাৰে গীত, মাত, কথা, কবিতা, আবৃত্তি,ভাষন আদি দিনজোৰা কাৰ্যসূচীৰে সহিত্য -সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপে ৪৯নং বঙৰা গাওঁ‌ পঞ্চায়ত কাৰ্যালয়ৰ সভাগৃহত উদযাপন কৰাৰ বাবে স্থিৰ কৰা হৈছে। ৰাভা দিৱসৰ আৰম্ভণিতে বিষ্ণুৰাভাৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰিব সহিত্য-সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ সভপতি মাননীয় শ্ৰীযুত ড° শৰৎ চন্দ্ৰ ৰাভা দেৱে আৰু বন্তি প্ৰজ্বলন কৰিব কাৰ্যকৰী সভাপতি শ্ৰীযুত ৰণজিৎ চৌধুৰীয়ে লগতে পুষ্পাঞ্জলি দিব উপ-সভাপতি শ্ৰীযুত মালব্য মালী, নগেন বৰা আৰু উপদেষ্ঠা মণ্ডলীৰ লগতে উপস্থিত সদস্য-সদস্যা বৃন্দই। গোষ্ঠীৰ শীৰ্ষ সমবেত-সংগীত গোৱাৰ পিচত অন্যান্য কাৰ্যসূচী আৰম্ভ হ’ব। সেইদিনাৰ উক্ত অনুষ্ঠানত নিদিষ্ট বক্তাৰ ভাষণ ৰাখিব দক্ষিণ কামৰূপৰ মাণিকপুৰ নিবাসী গবেষক, সাহিত্যিক মাননীয় শ্ৰীযুত ভুবিন ৰাভাদেৱে। চুটি ভাষণ ৰাখিব ড° তপন কলিতা, ড° শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, ৰণ্ জিৎ চৌধুৰী আৰু যুব বক্তা শ্ৰী খনিন্দ্ৰ বৰ্ণিল ৰাভাই। গীত পৰিবেশন কৰিব অনাতাৰ লোকগীত শিল্পী শ্ৰী হীৰেণ চন্দ্ৰ কলিতা আৰু শ্ৰী কাজিৰাম ৰাভাই। ইয়াৰ উপৰিও গীত পৰিবেশন কৰিব গোষ্ঠীৰ শিল্পী সৰ্ব্বশ্ৰী ইৰাবতী দাস মালী, দিগন্ত শৰ্মা, দ্বিজেন দাস, কুতুবুদ্দিন আহমেদ, মেহবুব আলী, পদ্মেশ্বৰ ৰাজবংশী আৰু মন্তু আলীয়ে। কবিতা পাঠ কৰিব গোষ্ঠীৰ সদস্য-সদস্যা সকলে। অনুষ্ঠানটিৰ আৰম্ভণি হ’ব ৰাতিপুৱা ১০ বজৰ পৰা। সহিত্য-সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ উদ্যোগক্তা সকলে আয়োজন কৰা ৰাভা দিৱসলৈ সকলো সহিত্য-সংস্কৃতি প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে।