৫৬খন এচি ইলেক্ট্রিক বাছ সেৱাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

৫৬খন এচি ইলেক্ট্রিক বাছ সেৱাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৫ বৰ্ষৰ আৰম্ভণিৰ দিনটোত গুৱাহাটীৰ পৰিবহণ ব্যৱস্থাত নতুন সংযোজন। নতুন বছৰৰ প্ৰথম দিনটোতেই ৫৬খন এচি ইলেক্ট্রিক বাছ সেৱাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে খানাপাৰাত নৱ-নির্মিত আন্তঃৰাজ্যিক বাছ টার্মিনেলৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্রাস কৰি পৰিৱেশ অনুকূল ব্যৱস্থাৰাজিৰ মাজেৰে অসমখন আগুৱাই নিবলৈ অসম চৰকাৰে যি সংকল্প লৈছে তাৰ অংশ হিচাপে এই ইলেক্ট্রিক বাছ সেৱা মুকলি কৰা হৈছে। ইতিমধ্যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ৰাজ্যত চলি থকা ইলেক্ট্রিক বাছসমূহৰ লগতে আজি আৰম্ভ কৰা ইলেক্ট্রিক বাছ সেৱাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ দিশত ৰাজ্যখন সবলভাৱে আগুৱাই নিবলৈ সক্ষম হ’ব। লগতে তেওঁ কয় যে আহিবলগীয়া দিনবোৰত গুৱাহাটীৰ কেতবোৰ গুৰুত্বপূৰ্ণ পথত কেৱল ইলেক্ট্রিক বাছ আৰু চিএনজি বাছহে চলিব আৰু এই পথসমূহ সম্পূৰ্ণৰূপে ‘সেউজ পথ’ হিচাপে গঢ় লৈ উঠিব। ইয়াৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বাছযাত্ৰীসকলৰ এক দীর্ঘদিনীয়া প্রয়োজন পূৰণ কৰি খানাপাৰাত নতুনকৈ নিৰ্মাণ কৰা আন্তঃৰাজ্যিক বাছ টার্মিনেলো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে।