৫,৫৫০ টেট উত্তীর্ণক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ টেট উত্তীর্ণ ৫,৫৫০ গৰাকী প্রার্থীক আনুষ্ঠানিকভাবে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদত নিযুক্তি-পত্র প্রদান কৰে। ইয়াৰে ৩,৮০০ গৰাকী প্রার্থীক নিম্ন প্রাথমিকৰ শিক্ষক হিচাপে আৰু ১,৭৫০ গৰাকীক উচ্চ প্রাথমিকৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শর্মাই শিক্ষক সমল পেকেজৰ অধীনত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ৮,৭৯৯টা টেবলেট বিতৰণ আৰু ‘আৰোহণ আঁচনি’ৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক ৪,২৮০টা টেবলেট প্রদানৰো শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিগত নির্বাচনৰ সময়ত শাসনলৈ আহিলে ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্রুতি দিছিলোঁ। পূর্বে ৰাজ্যত ১৪ গৰাকী মুখ্যমন্ত্রীয়ে সেৱা আগবঢ়াই গৈছিল, কিন্তু কোনো এখন চৰকাৰৰ কাৰ্যকালতে ২০-২৫ হাজাৰতকৈ অধিক নিযুক্তি প্রদান কৰা হোৱা নাছিল। আনকি, নিযুক্তি হোৱাৰ পাছতো দুর্নীতিৰ অভিযোগ, আদালতৰ হস্তক্ষেপ আদিৰ ফলত বহু ক্ষেত্ৰত চাকৰিয়ালসকলে কর্মজীৱনৰ স্থায়িত্ব লাভ কৰিবলৈ বা দৰমহা লাভ কৰিবলৈ সংগ্রাম কৰিব লগা হৈছিল। আশীৰ দশকৰ পৰাই অসমত চৰকাৰী চাকৰি প্ৰদান জটিল পদক্ষেপ আছিল। ৰাজনৈতিক পৃষ্ঠপোষকতাত হোৱা নিযুক্তিৰ বাবে নিযুক্তি প্রক্রিয়াই প্ৰায়ে আদালতৰ মজিয়া গচকিবলগীয়া হৈছিল নতুবা প্রশাসনিক অসুবিধাৰ মাজত ই স্থিৰতা পাবলৈ সক্ষম হোৱা নাছিল।

সেই সময়ত নিযুক্তি পোৱা বহু চৰকাৰী চাকৰিয়ালে আজিও চাকৰি জীৱনৰ স্থিৰতা লাভ কৰিব পৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়েহে ১ লাখ নিযুক্তিৰ প্রতিশ্রুতি দিয়াৰ সময়ত এয়া অবাস্তৱ বুলি বিৰোধী পক্ষৰ লগতে চৰকাৰৰ ভিতৰৰ কিছু লোকেও মন্তব্য কৰিছিল। কিন্তু মই নিজৰ স্থিতিত অটল আছিলোঁ। চৰকাৰ গঠনৰ পিছতে এই লক্ষ্যত আগবঢ়াৰ উদ্দেশ্যে মন্ত্রীসভাৰ এখন সমিতি গঠন কৰি দিছিলোঁ। আলাপ-আলোচনা আৰু বিচাৰ-বিবেচনাৰ অন্তত চৰকাৰ অৱগত হৈছিল যে ৰাজ্যত শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগত যথেষ্টসংখ্যক শিক্ষক, চিকিৎসক-নাৰ্ছ, আৰক্ষী জোৱান আদিৰ নিযুক্তি প্রয়োজনীয়তা আছে। এইসমূহৰ লগতে অন্যান্য বিভাগত খালী থকা পদ আৰু নতুন পদ সৃষ্টিৰে ৰাজ্য চৰকাৰে এই কার্যকালত ১,২১,২৪৩গৰাকী প্রার্থীক নিযুক্তি প্রদান কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আজি পুনৰ ৫,৫৫০ গৰাকী প্রার্থীক নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক পদত নিযুক্তি প্রদানৰ পাছত এই সংখ্যা ১,২৬,৭৯৩ গৰাকীলৈ বৃদ্ধি পালে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে নিযুক্তি প্রক্রিয়া সম্পূর্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত হোৱাৰ বাবে আজি এই প্রক্রিয়াক লৈ কোনো অসন্তুষ্ট নহয়, সেয়েহে ইয়াক প্রত্যাহ্বান জনাই আদালতত তৰা গোচৰো নাই বুলিবই পাৰি। চৰকাৰে ১ লাখ নিযুক্তিৰ লক্ষ্য অতিক্রমী আৰু কিছুদিনৰ পিছতে ডেৰ লাখৰ দেওনাও পাৰ কৰিব। অসমক নেপালৰ দিশে লৈ যাব খোজাসকলক মুখ্যমন্ত্ৰী ড০ শৰ্মাই তীক্ষ্ণ কটাক্ষ কৰে। এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি তেওঁ কয় যে বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছোঁ, মোৰ জীৱনকালত মই অসমক কেতিয়াও নেপাল হ’বলৈ নিদিওঁ। তাৰ বাবেই আজি অসমৰ ডেৰ লাখ চাকৰি দিব পাৰিছোঁ। এইবাৰ ডেৰ লাখ পিতৃ-মাতৃয়ে হাঁহিছে। অহাবাৰ অসমৰ তিনি লাখ পিতৃ-মাতৃয়ে হাঁহিব। যিসকলে অসমক নেপালৰ ফালে চাব যায়, মই তেওঁলোকক কম- অসমে নেপালৰ ফালে নাচায়। অসমে কামাখ্যা-শংকৰদেৱ-পোৱামক্কা-লাচিত বৰফুকনৰ ফালে চাব। মই তেওঁলোকক আকৌ এবাৰ বুঢ়া আঙুলি দেখুৱাইছোঁ। অসমক নেপাল কৰি চাওক, মই যেতিয়ালৈকে মুখ্যমন্ত্রী হৈ আছোঁ কাৰো সাহস নাই। অহা ৫ বছৰত নেপাল অসমত আহিব কেনেকৈ ২৫খন মেডিকেল কলেজ হ’ল, কনকলতা বিশ্ববিদ্যালয় হ’ল, টকা নিদিয়াকৈ হাজাৰ হাজাৰ ল’ৰা-ছোৱালীয়ে চাকৰি পালে। অসমলৈ আহি নেপালে ক’ব- আমি নেপালত অসম সৃষ্টি কৰিম।

নিযুক্তি-পত্ৰ লাভ কৰাসকলক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে সমাজে আজিও শিক্ষকসকলৰ পৰা বহুখিনি আশা কৰে। সেয়েহে সততা-নিষ্ঠা আৰু দায়বদ্ধতাৰে শিক্ষাদান কৰি সমাজত আদর্শ হিচাপে থিয় দিবলৈ শিক্ষকসকলে প্রয়াস কৰিব লাগিব। পিতৃ-মাতৃক কেতিয়াও অৱহেলা নকৰিবলৈ নৱনিযুক্তসকললৈ আহ্বান জনোৱাৰ লগতে সম্ভৱস্থলত নিজে শিক্ষাদান কৰা বিদ্যালয়ত নিজৰ সন্তানকো নামভৰ্তি কৰাৰ কথা বিবেচনা কৰিবলৈ তেওঁ শিক্ষকসকলক আহ্বান জনায়। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে আদৰণী ভাষণ দিয়া আজিৰ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও ভাষণ দিয়ে। অনুষ্ঠানটোত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম মন্ত্রী উর্খাও গৌড়া ব্রহ্ম, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধ্যক্ষা নিৰদা দেৱী, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উপাধ্যক্ষ কক্স গোহাঁই বৰুৱা, সমগ্র শিক্ষা অসমৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্ত, প্রাথমিক শিক্ষা বিভাগৰ সঞ্চালক সুৰঞ্জনা সেনাপতিৰ লগতে শিক্ষা বিভাগ আৰু প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত থাকে।
