৫২ সংখ্যক ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত ‘বেদ’ আৰু ‘ছেমখৰ’ নামৰ চলচ্চিত্র দুখনৰ প্ৰদৰ্শনেৰে ভাৰতীয় পেন’ৰামা শিতান মুকলি 

Pc- Hindustan News hub

৫২ সংখ্যক ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত ‘বেদ’ আৰু ‘ছেমখৰ’ নামৰ চলচ্চিত্র দুখনৰ প্ৰদৰ্শনেৰে ভাৰতীয় পেন’ৰামা শিতান মুকলি 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৫২ সংখ্যক ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ  প্রথম দিনৰ কাৰ্যসূচীয়ে দেশজুৰি চিনেমা প্ৰেমীসকলক আকৰ্ষণ কৰিছে। এই মহোৎসৱৰ উদ্বোধনী শিতানত ভিক্টৰ ৰাইঝাকোভৰ নিৰ্দেশনাৰ ৰাছিয়ান চলচ্চিত্র দিয়া-দে-লিছ-মুৱেৰ্টছ প্ৰদৰ্শন কৰা হয়।  ভাৰতীয় পেনৰামা শিতানো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অভিনেতা কার্তিক আৰিয়ানে পৰিচয় দাঙি ধৰাৰ পিছত ধামাকা শীৰ্ষক হিন্দী চলচ্চিত্ৰখনৰ বিশেষ প্রদর্শনীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক প্ৰসুন যোশীৰ সৈতেও কালিৰ দিনটোত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ইপিনে, ৰাজীৱ প্ৰকাশৰ নিৰ্দেশনাৰ ‘বেদ’ আৰু আইমী বৰুৱাৰ নিৰ্দেশনাৰ ‘ছেমখৰ’ নামৰ চলচ্চিত্র দুখনৰ প্ৰদৰ্শনেৰে ভাৰতীয় পেন’ৰামা শিতান মুকলি কৰা হয়। এই মহোৎসৱত প্ৰদৰ্শনৰ বাবে মুঠ ২৫খন চলচ্চিত্র নির্বাচন কৰা হৈছে। বিশিষ্ট চলচ্চিত্র নির্মাতা তথা অভিনেতা এছ ভি ৰাজেন্দ্ৰ সিং বাবুৰ নেতৃত্বত ১২ গৰাকী সদস্যৰে এই মহোৎসৱৰ জুৰীৰ দলটো গঠন কৰা হৈছে।