৫১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিংযোগে ‘ৰোজগাৰ মেলা’ সম্বোধন কৰি ৫১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নতুনকৈ নিযুক্তি লাভ কৰাসকলৰ কৰ্তব্য আজিৰ অন্যতম হৈছে ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, আভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নির্মাণত অৰিহণা যোগোৱা আৰু শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। নতুনকৈ নিযুক্ত লাভ কৰাসকলে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্যই ভাৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্রভাৱ পেলাব। তেওঁ যুৱক-যুৱতীসকলক নিজৰ কর্তব্য পালন কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে এখন ৰাষ্ট্ৰৰ প্ৰগতি আৰু সফলতা যুবক-যুৱতীসকলৰ ওপৰত নিৰ্ভৰশীল। যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত সক্রিয়ভাবে অৰিহণা যোগোৱা মাত্রকে দেশৰ উন্নয়ন তৃৰান্বিত হয় আৰু বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰে। ভাৰতৰ যুৱক-যুৱতীসকলে নিষ্ঠা আৰু উদ্ভাৱনৰ জৰিয়তে বিশ্বক আমাৰ অপৰিসীম সম্ভাৱনাক প্ৰদৰ্শন কৰিছে। চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে দেশৰ যুৱক-যুৱতীসকলৰ বাবে কর্মসংস্থাপন আৰু আত্মনিয়োগৰ সুযোগ অব্যাহত থকাটো নিশ্চিত কৰিছে। স্কিল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে পদক্ষেপসমূহে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। এই অভিযানসমূহৰ জৰিয়তে চৰকাৰে ভাৰতৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন মুকলি মঞ্চ প্রদান কৰিছে। এনে প্রচেষ্টাসমূহৰ ফলস্বৰূপে এই দশকত ভাৰতৰ যুৱক-যুৱতীসকলে প্রযুক্তি, তথ্য আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনক আগুৱাই নিছে। প্রসংগক্রমে তেওঁ ইউপিআই, অ’এনডিচি আৰু জিইএম (চৰকাৰী ই-মার্কেট প্লেচ) ৰ দৰে ডিজিটেল প্লেটফৰ্মসমূহৰ সফলতাত আলোকপাত কৰে। তেওঁ আৰু কয় যে ভাৰত এতিয়া বাস্তৱ-সময়ৰ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ এখন আগশাৰীৰ দেশ আৰু এই কৃতিত্বৰ এক উল্লেখযোগ্য গৰাকী হৈছে যুৱক-যুৱতীসকল। এইবাৰ বাজেটত চৰকাৰে মেনুফেকচাৰিং মিছনৰ কথা ঘোষণা কৰিছে। ইয়াৰ লক্ষ্য হৈছে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক প্ৰচাৰ আৰু ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বমানৰ সামগ্ৰী সৃষ্টিৰ সুযোগ প্রদান কৰা। মেনুফেকচাৰিং মিছনে সমগ্র দেশৰ লাখ লাখ এমএছএমই আৰু ক্ষুদ্র উদ্যোগীক সহায় কৰাই নহয়, বৰঞ্চ দেশজুৰি নতুন নিয়োগৰ সুযোগো প্রশস্ত কৰিব। এয়া ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অসীম সুযোগৰ সময়। শেহতীয়াকৈ আইএমএফে উল্লেখ কৰিছে যে ভাৰত বিশ্বৰ দ্রুত-বর্ধমান অর্থনীতি হৈয়েই থাকিব। এনেধৰণৰ বিকাশৰ ক্ষেত্ৰত একাধিক কাৰকে ক্ৰিয়া কৰিছে। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল- অনাগত দিনত সকলো খণ্ডতে নিয়োগৰ সুযোগ বৃদ্ধি পাব। শেহতীয়া সময়ত অট’ম’বাইল আৰু জোতা উদ্যোগে উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নতুন অভিলেখ অর্জনেৰে যুৱক-যুৱতীসকলৰ বাবে যথেষ্ট কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে পোনপ্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ সামগ্ৰীয়ে ১.৭০ লাখ কোটি টকাৰ লেনদেন অতিক্ৰমেৰে বিশেষকৈ গ্রামাঞ্চলসমূহত লাখ লাখ নতুন নিয়োগৰ সৃষ্টি কৰিছে।প্রধানমন্ত্রী মোদীয়ে নিজ ভাষণত অভ্যন্তৰীণ জল পৰিবহণৰ শেহতীয়া সফলতাৰ ওপৰতো আলোকপাত কৰে। তেওঁৰ মতে, ২০১৪ৰ পূৰ্বে আভ্যন্তৰীণ জল পৰিবহণৰ জৰিয়তে বছৰি মাত্র ১৮ নিযুত টন সামগ্ৰীহে পৰিবহণ কৰা হৈছিল। কিন্তু এইবাৰ সামগ্ৰী পৰিবহণৰ পৰিমাণে ১৪৫ নিযুত টন অতিক্ৰম কৰিছে। এনে সফলতা ভাৰতৰ ধাৰাবাহিক নীতি- নির্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ ফলশ্রুতি। প্রধানমন্ত্রী মোদীয়ে কয় যে দেশত ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা মাত্র ৫ৰপৰা ১১০ৰো অধিকলৈ বৃদ্ধি পাইছে আৰু এই জলপথসমূহৰ কাৰ্যকৰী দৈর্ঘ্য প্রায় ২,৭০০ কিলোমিটাৰৰ পৰা প্ৰায় ৫,০০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। এই কৃতিত্বসমূহে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। মুম্বাইত বিশ্ব অডিঅ’-ভিজুৱেল আৰু এণ্টাৰটেইনমেণ্ট সম্মিলন (WAVES)-২০২৫ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানে দেশৰ যুৱ ক্রিয়েটৰসকলক পোনপ্ৰথমবাৰৰ বাবে এনে এখন মঞ্চ প্রদান কৰিব। মিডিয়া, গেমিং আৰু এণ্টাৰটেইনমেণ্ট খণ্ডৰ উদ্ভাৱকসকলৰ বাবে বেছ হৈছে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ এক অভূতপূর্ব সুযোগ। ইয়াত এণ্টাৰটেইনমেন্ট ষ্টার্টআপসমূহে বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতাসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰিব, যাৰ ফলত বিশ্বৰ আগত তেওঁলোকৰ ধাৰণাসমূহ উপস্থাপনৰ সৰ্ববৃহৎ মঞ্চ হ’ব। অনুষ্ঠানৰ সময়ত আয়োজিত ভিন্ন কৰ্মশালাৰ জৰিয়তে যুৱক-যুৱতীসকল এআই, এক্সআৰৰ সৈতে পৰিচিত হ’ব। বেভ্ছে ভাৰতৰ ডিজিটেল কণ্টেণ্টৰ ভৱিষ্যতক শক্তিশালী কৰিব। আনহাতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীৰ কৰ ভৱনত আয়োজিত ‘ৰোজগাৰ মেলা’ৰ কাৰ্যসূচীত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীৰ ভিডিঅ’ কনফাৰেঞ্চৰ সৈতে ভার্চুৱেলী সংযুক্ত হয়। এই অনুষ্ঠানতে কেন্দ্রীয় মন্ত্রী সোণোৱালে আনুষ্ঠানিকভাৱে গুৱাহাটীত নৱনিযুক্ত প্রার্থীসকলক নিযুক্তি-পত্ৰ বিতৰণ কৰে। ভাষণ প্ৰসংগত কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় যে আজি যিসকল প্রার্থীয়ে নিজস্ব মেধা আৰু প্ৰতিভাৰে ‘ৰোজগাৰ মেলা’ৰ জৰিয়তে সংস্থাপন পাবলৈ সক্ষম হৈছে, মই সকলোকে আৰু তেওঁলোকৰ অভিভাৱকসকলক বিশেষভাবে অভিনন্দন জনাইছোঁ। যোৱা এটা দশকত প্রধানমন্ত্রী মোদীৰ সুফলদায়ক নেতৃত্বত ভাৰতবৰ্ষত যি অনিৰুদ্ধবিকাশৰ গতি আৰম্ভ হৈছে, তাৰ জৰিয়তে দেশখনে গোটেই বিশ্বতে এটা সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। অহা ২৫ বছৰৰ ভিতৰত ভাৰতক বিশ্বৰ আগশাৰীৰ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্রী মোদীয়ে আমাক বান্ধি দিছে। আমি আটায়ে সেই লক্ষ্য প্রাপ্তিৰ বাবে কষ্ট কৰিব লাগিব। আজি সমগ্র দেশতে যিসকল যুবক-যুৱতীয়ে নিযুক্তি-পত্ৰ লাভ কৰিলে, সেইসকলে এই কথা বিশেষভাৱে মনত ৰাখিব লাগিব। তেওঁলোকে সমর্পিত ভাবনাৰে দেশৰ সেৱা কৰিব লাগিব। আজি যি বিপদ আমাৰ সম্মুখত আহি উপস্থিত হৈছে, তাক প্রতিহত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে একেলগে থিয় হ’ব লাগিব। আমি প্ৰমাণ কৰি দিম এই দেশ পৃথিৱাৰ অন্যতম শক্তিশালী দেশ। কোনো শত্ৰুৰ সন্মুখত আমি কেতিয়াও শিৰনত নকৰোঁ। শিৰ তুলি আমি আমাৰ স্বাভিমানক বচাই ৰাখি নিজৰ শক্তিৰ প্ৰদৰ্শন কৰিম। পাক সমৰ্থিত সন্ত্রাসবাদীৰ গুলীচালনাত মৃত্যুবৰণ কৰা আমাৰ শান্তিপ্রিয় নাগৰিকসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। যিয়ে এই কার্য সংঘটিত কৰিছে তেওঁলোকক কঠোৰতকৈও কঠোৰ শাস্তি প্রদান কৰিবলৈ আমি প্রতিজ্ঞাবদ্ধ হৈছোঁ। কাৰণ আমাৰ সকলোৰে বাবে দেশ প্রথম। আমাৰ সভ্যতা-সংস্কৃতি, ঐতিহ্যক সুৰক্ষিত ৰাখিবলৈ আমি মাৰবান্ধিথিয় হ’বৰ হ’ল। স্বতন্ত্ৰতাৰ পাছত কিমান সময় পাৰ হৈ গ’ল। কিন্তু পূৰ্বৰ চৰকাৰৰ দ্বাৰা দেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়ন সম্ভৱ হৈ নুঠিল। উল্লেখ্য যে দেশৰ ৪৭টা স্থানত ১৫সংখ্যক ‘ৰোজগাৰ মেলা’ অনুষ্ঠিত হয়। দেশৰ ভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত নতুন নিযুক্তিপ্রাপ্তসকলে বিভাগ, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্রালয়, গৃহ পৰিক্ৰমা মন্ত্রালয়, ডাক বিভাগ, উচ্চ শিক্ষা বিভাগ, ৰে’ল মন্ত্রালয়, শ্রম আৰু নিয়োগ মন্ত্রালয়কে প্রমুখ্য কৰি ভিন্ন মন্ত্রালয় তথা বিভাগত যোগদান কৰিব।