৫১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ব্ৰীজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

৫১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ব্ৰীজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ দিছপুৰস্থিত ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ কৰা হৈছে ৫১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ব্ৰীজ চেম্পিয়নশ্বিপ। সুদীৰ্ঘ ২৭ বছৰৰ পিছত অসমত অনুষ্ঠিত এই প্ৰতিযোগিতাখনৰ আজি শুভ উদ্বোধন কৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালীয়ে। অসম ব্ৰীজ এছ’চিয়েশ্যনৰ সভাপতি এন কে চক্ৰৱৰ্তী, অসম ব্ৰীজ ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সচিব চি এম কুলকাৰ্ণী, অসম ব্ৰীজ এছ’চিয়েশ্যনৰ সচিব জে এম দে, তথ্য আৰু জনসংযোগ বিভাগৰ সচিব অৰুন্ধতি চক্ৰৱৰ্তী, পেট্ৰণ প্ৰণিপ কুমাৰ বৰঠাকুৰ, আয়োজক সচিব প্ৰণৱ কুমাৰ গোস্বামী, মুখ্য টুৰ্ণামেণ্ট সঞ্চালক ৰঞ্জু ভট্টাচাৰ্য উপস্থিত থকা এই প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰি হিলালীয়ে অংশগ্ৰহণকাৰী খেলুৱৈসকলক উদ্দেশ্যি উৎসাহমূলক বক্তব্য দাঙি ধৰে। উল্লেখযোগ্য যে দেশৰ ২৩ খন ৰাজ্যৰ ৩২ টা দলে এই খেলত যোগদান কৰিছে।