৫০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

pc DNA India

৫০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

ৰঙিলী বাৰ্ত্তাসেৱা- মধ্যবিত্তৰ মূৰত মাধমাৰ শোধাৱাই ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে কেন্দ্রীয় চৰকাৰে। ৫০ টকা বৃদ্ধি কৰা হৈছে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য। মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰি মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে আমি আগন্তুক দিনত পুনৰীক্ষণ কৰিম। এল পি জি গেছ আৰু পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্য সোমবাৰে নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ’ব। চৰকাৰে দিয়া তথ্য অনুসৰি ২০২৫ চনৰ ৮ এপ্রিল অৰ্থাৎ মঙলবাৰৰ পৰা এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধি এতিয়া উজ্জ্বলা আঁচনিৰ অধীনত প্ৰদান কৰা গেছ চিলিণ্ডাৰৰ ওপৰতো পৰিব।প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ অধীনত দৰিদ্ৰ মহিলাক বিনামূলীয়াকৈ গেছ সংযোগ দিয়া হয় যাতে তেওঁলোকে পৰিষ্কাৰ ৰন্ধন ইন্ধন অর্থাৎ এল পি জি লাভ কৰিব পাৰে। এই আঁচনিৰ সুবিধা গ্রামাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক দিয়া হয়। এতিয়া নতুন মূল্য অনুযায়ী উজ্জ্বলা যোজনা আৰু অন্যান্য গ্রাহক দুয়োজনে গেছ চিলিণ্ডাৰৰ বাবে ৫০ টকা অধিক দিব লাগিব। কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী হৰদীপ সিং পুৰীয়ে কয় যে এল পি জি চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হ’ব। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে এতিয়া গেছ চিলিণ্ডাৰৰ মূল্য ৫০০ টকাৰ পৰা ৫৫০ টকালৈ বৃদ্ধি পাব।অসমত পূর্বে ৮৫২ টকাত ক্ৰয় কৰিবলগীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ এতিয়াৰে পৰা ৯০২ টকাত ক্রয় কৰিব লাগিব। আনহাতে দেশৰ ৰাজধানী দিল্লীত ৮০৩ টকাত ক্ৰয় কৰিবলগীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ এতিয়াৰে পৰা ৮৫৩ টকাত ক্রয় কৰিব লাগিব। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে এই সিদ্ধান্ত স্থায়ী নহয় আৰু প্ৰতি ২ৰ পৰা ৩ সপ্তাহৰ মূৰে মূৰে পর্যালোচনা কৰা হ’ব। মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পাছতে বিভিন্ন মহলে আশংকা কৰিছে যে দুই-তিনি সপ্তাহৰ ভিতৰত পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাব পাৰে। ২০২৪ চনৰ মাৰ্চ মাহত নাৰী দিৱসত ৰন্ধন গেছৰ দাম ১০০ টকা হ্রাস কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে। ইয়াৰ পাছত ১৩ মাহ ধৰি ৰন্ধন গেছৰ দাম অপৰিৱৰ্তিত লৈ আছিল। এইবাৰ একেলগে ৫০ টকা বৃদ্ধি কৰা হ’ল প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। ইয়াৰ ফলত স্বাভাৱিকতে সমস্যাৰ সন্মুখীন হ’ব মধ্যবিত্তসকল।