৫দিনীয়া ভ্রমণসূচী লৈ বিদেশলৈ যাত্ৰা প্রধানমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৫দিনীয়া ভ্রমণসূচী লৈ বিদেশলৈ যাত্ৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণসূচীত সামৰি লোৱা হ’ব তিনিখন দেশ। ত্রিদেশীয় এই ভ্রমণসূচীৰ প্ৰথম পদক্ষেপ হিচাপে ভূমধ্য সাগৰীয় দ্বীপৰাষ্ট্ৰ চাইপ্রাছত উপস্থিত হ’ব মোদী। ইয়াৰ পিছতে প্রধানমন্ত্ৰীগৰাকীয়ে যাত্রা কৰিব কানাডালৈ। কানাডাত অনুষ্ঠিত হ’বলগীয়া জি-৭ গোষ্ঠীৰ বৈঠকত অংশগ্ৰহণ কৰিব মোদীয়ে। কানাডাত জি-৭ৰ বৈঠকত আন্তর্জাতিক বিভিন্ন বিষয়ক লৈ ভাৰতৰ অৱস্থান মোদীয়ে স্পষ্ট কৰাৰ সম্ভাৱনা আছে। কানাডাত এই বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত এনিশা দেশখনত কটাই দক্ষিণ-পূব ইউৰোপীয় ৰাষ্ট্ৰ ক্ৰ’ৱেছিয়ালৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লক্ষণীয়ভাৱে ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পৰ্কৰ অৱনতি চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰীৰ এই ভ্রমণ অতি তাৎপর্যপূর্ণ হৈ উঠিছে। বিদেশ ভ্রমণলৈ যাত্ৰাৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেছিয়া ভ্ৰমণৰ সময়ত আগন্তুক কেইদিনমানৰ ভিতৰত দ্বিপাক্ষিক আৰু বহুপাক্ষিক বিভিন্ন কার্যসূচীত তেওঁ যোগদান কৰিব। চাইপ্রাছত উপস্থিত হৈ দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে বিশিষ্ট নাগৰিকসকলৰ সৈতেও বাৰ্তালাপ কৰিব মোদীয়ে। আজি যাত্ৰা কৰাৰ পূর্বে ছ’চিয়েল মিডিয়াত প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তিনিওখন দেশৰ সৈতে ভাৰতৰ বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্কৰ উন্নতি ঘটোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ’ব। স্মৰ্তব্য যে বিশ্বৰ ৭ সমৃদ্ধিশালী দেশৰ সংগঠন জি-৭ৰ সৈতে ভাৰত জড়িত নহয়। কিন্তু ৰীতি অনুসৰি আয়োজক দেশে জি-৭গোষ্ঠীৰ বাহিৰৰ বিভিন্ন দেশক বৈঠকলৈ আমন্ত্রণ জনাব পাৰে। ২০২০ চনক বাদ দি বিগত ৫ বছৰ ধৰি জি-৭ৰ আমন্ত্রিত সদস্য হিচাপে ভাৰত বৈঠকত উপস্থিত আছে। এইবাৰ এই বৈঠকৰ আয়োজন কৰিছে কানাডাই। ভাৰত-কানাডাৰ মাজত কূটনৈতিক সম্পৰ্কৰ অৱনতিৰ বাবে ভাৰতক এইবাৰ বৈঠকত আমন্ত্রণ জনোৱা নহ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল যদিও কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কার্নিয়ে মোদীক ফোন কৰি এই বৈঠকত যোগ দিবলৈ আমন্ত্রণ জনায়। এই আমন্ত্রণ মোদীয়ে ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল কার্নিক।