৪ সন্ত্ৰাসবাদীৰ আলোকচিত্ৰ প্রকাশ কৰিলে নিৰাপত্তা সংস্থাই
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ পেহেলগামত পর্যটকক বৰ্বৰতাৰে হত্যা কৰা নৰঘাতকক চিনাক্ত কৰা হৈছে। নিৰাপত্তা সংস্থাই এই নৰসংহাৰ চলোৱা ৪ সন্ত্রাসবাদীৰ ফটো মুকলি কৰি দিছে। নিয়াসহ কেইবাটাও তদন্তকাৰী সংস্থাই পেহেলগামৰ ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তথ্যত পেহেলগামৰ আক্ৰমণত স্থানীয়ভাৱে নিযুক্ত দুই সন্ত্রাসবাদীক লগত লৈ সন্দেহযুক্ত পাকিস্তানী সন্ত্রাসবাদীয়ে এই নৰসংহাৰ চলায়। স্বয়ংক্রিয় ৰাইফল এ কে-৪৭ৰে অতিকমেও ২০ মিনিট ধাৰাসাৰ গুলীচালনা কৰি পেহেলগামত পৰ্যটকৰ ওপৰত হত্যালীলা চলোৱা সন্ত্রাসবাদীৰ দলটোত দুই স্থানীয় আৰু দুই পাকিস্তানী সন্ত্রাসবাদী জড়িত থকা বুলি তদন্তকাৰী সংস্থাই প্রকাশ কৰিছে। স্বয়ংক্রিয় অস্ত্র লৈ পাঠানী পোছাক পৰিধান কৰা এটা সন্ত্রাসবাদীৰ আলোকচিত্ৰও লাভ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীয়ে। আক্ৰমণৰ সময়ত এটা বা দুটা সন্ত্রাসবাদীয়ে ব’ডীকেম লৈ এই হত্যালীলাৰ দৃশ্যও ৰেকর্ডিং কৰিছিল। ‘নিয়া’ই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ফৰেনছিক বিশেষজ্ঞৰ দলে গুলীৰ কার্টিজৰ নমুনা সংগ্ৰহ কৰিছে। পেহেলগামত পৰ্যটকৰ ওপৰত নিষ্ঠুৰ আক্রমণ সন্দর্ভত এই ঘটনাৰ পৰা সৌভাগ্যক্রমে প্ৰাণৰক্ষা পৰা পৰ্যটকে প্ৰকাশ কৰা মতে, আক্রমণকাৰী সন্ত্রাসবাদীয়ে সেনাৰ পোছাক পৰিধান কৰাৰ লগতে অত্যাধুনিক অস্ত্র আৰু যোগাযোগ সঁজুলিৰ ব্যৱহাৰ কৰিছিল। প্ৰাৰম্ভিক তদন্ত মতে, সন্ত্রাসবাদীৰ এই আক্ৰমণৰ লগত পাকিস্তানৰ প্ৰত্যক্ষ যোগাযোগ আছে। নিষিদ্ধঘোষিত পাকিস্তানী সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ অধীনৰ টি আৰ এফে পেহেলগামৰ এই আক্রমণ সংঘটিত কৰিছে। পাকিস্তানৰ পৰা প্ৰশিক্ষণ আৰু বিত্তীয়ৰ লগতে কৌশলগত সমর্থন পাই থকা নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এই আক্ৰমণৰ সৈতে জড়িত আছে। পেহেলগামৰ এই নৰসংহাৰৰ মাষ্টাৰমাইণ্ড হিচাপে সন্ত্রাসবাদী ছাইফুল্লা খালিদক চিনাক্ত কৰা হৈছে। কুখ্যাত লস্কৰ সন্ত্রাসবাদী ছাইফুল্লাই পেহেলগামৰ এই বৰ্বৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি ‘নিয়া’ই সন্দেহ প্রকাশ কৰিছে। ছাইফুল্লা ওৰফে ছাইফুল্লা কছুৰীয়ে বিগত দুমাহ ধৰি অঞ্চলটোত আক্ৰমণৰ বাবে ব্লু-প্রিণ্ট ৰচনা কৰিছিল বুলিও তথ্য পোহৰলৈ আহিছে। এই ব্লু-প্রিণ্টৰ সময়তে সন্ত্রাসবাদী ছাইফুল্লাই পৰিকল্পনাৰ প্ৰক্ৰিয়াক লৈ দুবাৰকৈ পাকিস্তানী সেনাৰ শিবিৰো ভ্ৰমণ কৰিছিল। লক্ষণীয় যে লস্কৰ-ই-তৈবাৰ মুৰব্বী কুখ্যাত সন্ত্রাসবাদী হাফিজ ছঈদৰ অতি ঘনিষ্ঠ ছাইফুল্লা। নিষিদ্ধ সংগঠনটোৰ উপ-মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰি থকাৰ সমান্তৰালকৈ জম্মু-কাশ্মীৰত সন্ত্রাসবাদী সংগঠন টি আৰ এফ আৰু পিপল এন্টি ফেচিষ্ট ফ্রন্ট, চমুকৈ পি এফ এফ গঠনতো সক্রিয় ভূমিকা লৈছিল। লস্কৰৰ প্রক্সি সংগঠন হিচাপে এই দুয়োটাই সন্ত্রাসবাদী কার্যকলাপ চলাই আহিছে। ভাৰতবিৰোধী কেইবাটাও সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্কিত ছাইফুল্লাই পাকিস্তানী সেনাৰ সৈতে অতি ঘনিষ্ঠ। বিগত ২ ফেব্ৰুৱাৰীত পাক অধিকৃত কাশ্মীৰত পাক সেনা আৰু আই এছ আইৰে আয়োজিত সমাৱেশত কুখ্যাত সন্ত্রাসবাদী ছাইফুল্লাই ভাৰতবিৰোধী উচটনিমূলক বক্তব্য আগবঢ়াইছিল। মন কৰিবলগীয়া যে দুমাহ পূর্বে ছাইফুল্লাই পাকিস্তানৰ পঞ্জাবৰ কংগনপুৰত সেনাৰ কাৰ্যসূচীত অংশ লৈছিল। জম্মু-কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ প্ৰসাৰিত কৰাত ছাইফুল্লাক সকলো দিশেৰে সহায় কৰি আহিছে পাক সেনাই। ইপিনে পেহেলগামত সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ পিছত নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। বাৰামূলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাই দুই সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। আনপিনে কুলগাম জিলাতো সন্ত্রাসবাদী গোট আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘর্ষ হয়। এই সংঘর্ষত হতাহতৰ তথ্য এতিয়াও প্রকাশ পোৱা নাই।