৪ ঘণ্টাজুৰি এছআইটিয়ে জেৰা কৰে ৰিপুণ বৰাক

৪ ঘণ্টাজুৰি এছআইটিয়ে জেৰা কৰে ৰিপুণ বৰাক

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণ সন্দর্ভত সংবাদ মেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰা অসম প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাক অসম আৰক্ষীৰ এছআইটিয়ে জেৰা চলায়। ৰূপনগৰৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কাৰ্যালয়ত চমনমৰ্মে দিনৰ প্ৰায় ১১.১০ বজাত উপস্থিত হোৱা ৰিপুণ বৰাক প্ৰায় ৪ ঘণ্টাজুৰি এছআইটিয়ে জেৰা চলায়। জেৰাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰিপুণ বৰাই কয় যে ভিতৰত কি ধৰণৰ প্ৰশ্ন তদন্তকাৰী বিষয়াই কৰিছে সেই সন্দৰ্ভত মই একো নকওঁ। দীঘলীয়া সময় ধৰি যিখিনি মোক সুধিছে, গোটেইবিলাকৰ উত্তৰ দিছোঁ। মূলতঃ সংবাদ মেলত দিয়া তথ্যৰ ভিত্তিতে মোক তেওঁলোকে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে। গৌৰৱ গগৈক কি কাৰণত ইমান ডিফেঞ্চ দিছোঁ বা পাকিস্তান সন্দর্ভত মোৰ সৈতে কি তথ্য আছে এই সকলোবোৰ তেওঁলোকে বিচাৰিছে। যথাযথভাৱে সকলো উত্তৰ মই দিছোঁ। অৱশ্যে এছআইটিক জেৰাৰ বাবে বিজেপিৰ বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাকো চমন দিয়াৰ বাবে আহ্বান জনায় জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুণ বৰাই। তেওঁ কয় যে বিধায়ক দিগন্ত কলিতাই সামাজিক মাধ্যম ফেচবুকত গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণ সন্দর্ভত বহু তথ্য প্রদান কৰিছিল। ১৫টা দিন গৌৰৱ গগৈয়ে ভাৰতৰ পৰা কিদৰে পাকিস্তানলৈ গৈ ক’ত আছিল, কাক সাক্ষাৎ কৰিছিল সকলো কথা তথ্যসহকাৰে দিগন্ত কলিতাই দিছিল। এই সন্দর্ভত কেইবাটাও সংবাদ মাধ্যমে বাতৰিও যুগুত কৰা মই দেখিছোঁ। এইখিনি তথ্যও এছআইটিৰ সন্মুখত প্ৰদান কৰা বুলি মন্তব্য কৰি ৰিপুণ বৰাই কয় যে দিগন্ত কলিতাৰ তথ্যখিনিৰ পৰা এনে লাগে যেন গৌৰৱ গগৈৰ সৈতে তেৱোঁ লগত গৈছিল। বহু সময় তথ্যখিনি যুকিয়াই চাই মনতে ভাবিছিলোঁ ২০১৩ চনত দিগন্ত কলিতা কংগ্ৰেছতে আছিল। সেই সময়ত গৌৰৱ গগৈ তেওঁৰ বন্ধুও আছিল। গতিকে কিবা কাৰণত সকলো কথা তেওঁ জানিব পাৰে বুলি ভাবি এছআইটিক দিগন্ত কলিতাকো এবাৰ মাতি জেৰা চলাবলৈ মই ক’লোঁ। অৱশ্যে এছআইটিৰ জেৰাৰ সন্মুখীন হ’লেও যথেষ্ট বন্ধুত্বপূর্ণভাৱে সকলো কথা তেওঁলোকে মোক সুধিছে। মোৰ পৰা বহু কথা তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে। সেয়া তেওঁলোকে কৰিবই। যিহেতু পেছাগতভাৱে তেওঁলোকে তদন্ত চলাই আছে। অসম চৰকাৰৰ এছআইটিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁ কয় যে এছআইটিক মই সন্মান কৰোঁ। অসমৰ ভৌগোলিক সীমাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ তেওঁলোকৰ আছে। তেওঁলোকে দৰকাৰ হ’লে মোক পুনৰ মাতিব বুলি কৈছে। এশবাৰ মাতিলেও মই আহিম।