৪,৩৬৯ এডিআৰই উত্তীর্ণ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

৪,৩৬৯ এডিআৰই উত্তীর্ণ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাত নৱনির্মিত জ্যোতি-বিষু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে নির্বাচিত চতুর্থ বৰ্গৰ পদৰ ৪,৩৬৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰে। এই নিযুক্তিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত চৰকাৰী পদত নিযুক্তিৰ সংখ্যা এক লাখ ৫০ হাজাৰ ৩৩গৰাকী হ’লগৈ।উল্লেখ্য যে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে ২০২৩ চনৰ ১০ মে’ত প্ৰথমবাৰলৈ ২৪,৭৮৭গৰাকী নির্বাচিত প্রার্থীক নিযুক্তি-পত্র প্রদান কৰিছিল। ইয়াবে ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগে নির্বাচিত কৰা ১১,০৪৮ গৰাকী প্ৰাৰ্থীক তৃতীয় বৰ্গৰ পদত আৰু ১৩,৭৩৯ গৰাকী প্রার্থীক চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া হৈছিল। দ্বিতীয় পর্যায়ত ২০২৩-২৪ বৰ্ষত চতুৰ্থ বৰ্গৰ পদসমূহ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰি আজি ৪,৩৬৯ গৰাকী প্রার্থীক নিযুক্তি-পত্র প্রদান কৰা হয়।

এই নিযুক্তি-পত্র প্রদান অনুষ্ঠানতেই মুখ্যমন্ত্রী ড° শৰ্মাৰ মন্তব্য- পূর্বে চাকৰি পোৱা মানেই পিতৃ-মাতৃৰ চিকিৎসা ব্যয়ৰ দুশ্চিন্তা আঁতৰিছিল। সেই দিনবোৰত চৰকাৰী চাকৰি মানেই পৰিয়ালৰ অভাৱ-অনাটন দূৰ কৰাত আশাৰ বেঙনি দেখিছিল নিযুক্তি লাভ কৰা যুৱক-যুৱতীয়ে। কিন্তু এতিয়া চৰকাৰী চাকৰি পোৱা মানেই পালন কৰিব লাগিব দেশ আৰু জাতি ৰক্ষাৰ দায়িত্ব। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰী চাকৰিৰে মাথোঁ পৰিয়ালৰ অভাৱ-অনাটন দূৰ কৰাই লক্ষ্য হ’ব নোৱাৰে। এই চাকৰিৰে পালন কৰিব লাগিব অসমীয়া জাতিৰক্ষাৰ দায়িত্ব। এই জাতিৰক্ষাৰ বাবেই অধিক সন্তান জন্ম দিবলৈও আজি আহ্বান জনালে মুখ্যমন্ত্রীয়ে। নিযুক্তি লাভ কৰা ৪,৩৭৪ গৰাকী প্রার্থীক উদ্দেশ্যি তেওঁ কয়- যাৰ যাৰ বিয়া হোৱা নাই, এবছৰৰ ভিতৰতেই বিয়া পাতিব লাগে। আজিকালি বিয়া কৰাবলৈ বহু বয়স উকলি যায়। এনে কৰোঁতে কৰোঁতে অসমীয়া মানুহৰ সংখ্যা লাহে লাহে কমি গৈ আছে।

অসমীয়া গাঁৱত গ’লে আজিকালি শিশু দেখিবলৈ পোৱা নাযায়। কিন্তু এনেকুৱা লোক আছে, যাৰ ঘৰত ৮টালৈ শিশু দেখিবলৈ পোৱা যায়।কিন্তু দেৰিকৈ বিয়া পাতোঁতে পাতোঁতে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ যাব আৰু আমি পৃথিৱীৰ পৰাও নোহোৱা হৈ যাম। মই কিছুমান ঠাইত গৈ কওঁ দুটা-তিনিটা সন্তানৰ বেছি জন্ম নিদিব। কিন্তু এতিয়া অসমীয়া লোকক ক’বলগীয়া হৈছে- বিয়া পাতিছা যেতিয়া কমছে কম সন্তান জন্ম দিয়ক। মুখ্যমন্ত্রী ড° শর্মাই যিসকলে বিয়া পাতি চৰকাৰী চাকৰি নথকাৰ বাবে সন্তান জন্ম দিয়া নাই, তেওঁলোকক এই চাকৰি পোৱাৰ পিছতেই সন্তান জন্ম দিবলৈও পৰামৰ্শ দিলে। এই নিযুক্তি প্রদান অনুষ্ঠানতেই ভাষণত মুখ্যমন্ত্রীয়ে নিযুক্তিপ্রাপ্তসকলক উদ্দেশ্যি কয়- কার্যালয়লৈ অহা প্ৰতিগৰাকী দুখীয়া-দৰিদ্ৰ লোকে যাতে নিজৰ সমস্যাৰাজিৰ সহজে সমাধান লাভ কৰে, সেই দিশত সহায়-সহযোগিতা আগবঢ়াব লাগিব। মুখ্যমন্ত্ৰীয়ে চৰকাৰী চাকৰিয়ালসকলক নিজ পছন্দৰ স্থানলৈ বদলি হোৱাৰ সুবিধার্থে অহা ১ ফেব্ৰুৱাৰীত ‘স্বাগত সতীর্থ’ শীর্ষক প’র্টেলটো পুনৰ মুকলি কৰা হ’ব বুলি ঘোষণা কৰে।

ইয়াৰ জৰিয়তে নিজ পছন্দৰ স্থানলৈ বদলি হোৱাৰ ইচ্ছুক চাকৰিয়ালসকলে নিজৰ নাম পঞ্জীয়ন কৰি পাৰস্পৰিক বদলি ব্যৱস্থাৰ সুবিধা ল’ব পাৰিব। ভাষণত মুখ্যমন্ত্রীয়ে কয়- ৰাজ্য চৰকাৰৰ নিযুক্তিৰ এই প্ৰক্ৰিয়াটোত স্বচ্ছতা তথা সকলোৰে বিশ্বাস বজাই ৰখাটো আছিল এক কঠিন কাম। পূর্বতে প্রতিটো বিভাগে নিজাববীয়াকৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছিল। যাৰ ফলত এটা দিনতে কেতিয়াবা দুটা-তিনিটাকৈ বিভাগৰ পৰীক্ষা অনুষ্ঠিত হোৱাত প্রার্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। এনেদৰে বছৰত ২০০-৩০০টা পর্যন্ত পৰীক্ষা অনুষ্ঠিত হোৱা বাবে চৰকাৰৰ উচ্চতম কর্তৃপক্ষই ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। তাৰ বাবে বিভিন্ন পর্যায়ত হৈছিল দুর্নীতি। ইয়াৰ পৰিণতিত একাংশ অসন্তুষ্ট প্রার্থীয়ে আদালতৰ ওচৰ চাপিছিল আৰু বহু সময়ত নিযুক্তি প্রক্রিয়াটোরে আদালতৰ হস্তক্ষেপৰ বাবে স্থগিত ৰাখিব লগা হৈছিল। ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই কয়- ২০২১ চনৰ নিৰ্বাচনৰ সময়ত স্বচ্ছতাৰ ভিত্তিত এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ যি প্রতিশ্রুতি আছিল, পূৰ্বতে অসমৰ কোনো ৰাজ্য চৰকাৰে এনে প্রতিশ্রুতি পূৰণ কৰিব পৰা নাছিল। এই নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰতি থকা বিশ্বাসৰ বাবেই অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ১৩ লাখ ৭৯ হাজাৰ ১৩২খন আবেদন চৰকাৰে লাভ কৰিছিল। লিখিত আৰু মৌখিক পৰীক্ষাৰ পিছত যোৱা ১৫ অক্টোবৰত চূড়ান্ত ফলাফল ঘোষণাৰ অন্তত আজি ৪,৩৬৯গৰাকী প্রার্থীক নিযুক্তি প্ৰদান কৰা হৈছে।

এই নিযুক্তি-পত্ৰ বিতৰণৰ সময়লৈকে সমগ্র প্রক্রিয়াটো সম্পূর্ণ স্বচ্ছভাৱে আৰু ত্রুটিবিহীনভাৱে কৰাৰ বাবে আদালতত এটাও গোচৰ ৰুজু হোৱা নাই। মুখ্যমন্ত্ৰী ড° শর্মাই নতুনকৈ নিযুক্তি লাভ কৰাসকলক প্ৰথমে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিবলৈ আহ্বান জনাই কয়- নিযুক্তিপ্রাপ্ত পৰিয়ালৰ কোনোৱে যদি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, তেন্তে আজিয়েই আঁচনিখনৰ পৰা নাম প্রত্যাহাৰ কৰক। মুখ্যমন্ত্রীয়ে নৱনিযুক্তসকলক পিতৃ-মাতৃৰ প্ৰতি অসীম শ্রদ্ধাশীল হৈ থাকিবলৈ আহ্বান জনাই কয়- নিযুক্তিপ্রাপ্ত প্রতিজনেই পিতৃ-মাতৃৰ আশীৰ্বাদৰ বলতেই তেওঁলোকে এই সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে। প্রথম মাহৰ দৰমহাৰ ধনেৰে পিতৃ-মাতৃৰ প্ৰতি একোটাকৈ উপহাৰ আগবঢ়াবলৈও নিযুক্তিপ্রাপ্তসকলক আহ্বান জনায়। তেনেদৰে নিয়মীয়াকৈ কিছু ধন সঞ্চয় কৰি কোনো উপাসনাস্থলীলৈ দান-বৰঙণি আগবঢ়াবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ প্রদান কৰে। নিযুক্তি – পত্ৰ প্ৰদান অনুষ্ঠানত মন্ত্রী ৰণজিৎ কুমাৰ দাস, কেশৱ মহন্ত, ইউজি ব্রহ্ম, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, জয়ন্ত মল্লবৰুৱা, নন্দিতা গার্লোছা, প্রশান্ত ফুকন, কৃষ্ণেন্দু পাল, সাংসদ ভুবনেশ্বৰ কলিতা, অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, আয়ুক্ত সচিব এম এছ মণিৱন্ননকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।