৪২ দিনৰ অন্তত আজি গুৱাহাটী পালেহি বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ‘গংগা বিলাস’

৪২ দিনৰ অন্তত আজি গুৱাহাটী পালেহি বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ‘গংগা বিলাস’

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ‘গংগা বিলাস’ বিয়লি ০৩:৩০ বজাত, যাত্ৰাৰ ৪২ সংখ্যক দিনত গুৱাহাটীত উপস্থিত হয়। ক্ৰুজখনত ভ্ৰমণ কৰা ২৮ জন পৰ্যটকক আইডব্লিউএআই পাণ্ডু বন্দৰত উপস্থিত হোৱাৰ পিছত এক উষ্ম সম্ভাষণ জনোৱা হয়। ক্ৰুজৰ পৰা নামি অহাৰ পিছত শৰাইঘাট দলঙৰ বিপৰীতে থকা ব্ৰহ্মপুত্ৰৰ পাৰত চাহ-কফিৰ এক উমাল সন্ধিয়াত কাৰ্বি আৰু তিৱা জনগোষ্ঠীৰ দলে কৰা বৰ্ণিল লোকনৃত্য প্ৰদৰ্শন কৰা হয়। পৰ্যটকসকলক আদৰণি জনায় অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙ, উপ আয়ুক্ত (কামৰূপ মেট্ৰ’), পল্লৱ গোপাল ঝা, ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ আঞ্চলিক সঞ্চালক, এ চেলভাকুমাৰ আদিয়ে। কাইলৈ পুৱা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ লগতে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰাৰ পূৰ্বে অতিথি পৰ্যটকসকলে মায়ং আৰু আন কিছু পৰ্যটনস্থলী ভ্ৰমণ কৰিব।