৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তিপত্র প্রদান মুখ্যমন্ত্ৰীৰ

৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তিপত্র প্রদান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তি-পত্র প্ৰদান কৰে। উল্লেখ্য যে ২০২১ চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে ১,২৮৩গৰাকী চিকিৎসকক নিযুক্তি প্রদান কৰিছে আৰু আজি এই সংখ্যাৰ সৈতে ৪০০ গৰাকী চিকিৎসক যুক্ত হৈ মুঠ চিকিৎসক নিযুক্তিৰ সংখ্যা ১,৬৮৩লৈ বৃদ্ধি হয়। আনহাতে ইয়াৰ ফলত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত বিভিন্ন চৰকাৰী বিভাগত ১,২০,৩৫৯ গৰাকী যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰি বলৈ সক্ষম হৈছে। এই উপলক্ষে অনুষ্ঠিত সভাত বৰ্তমানৰ ৰাজ্য চৰকাৰে নিযুক্তি প্রক্রিয়া সম্পূৰ্ণ সময় নিৰ্ধাৰিত, ন্যায়সংগত আৰু স্বচ্ছতাৰে কৰি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সম্প্রতি নিযুক্তিৰ ক্ষেত্ৰত এক বিশ্বাসযোগ্য পৰিৱেশৰ সূচনা হৈছে। ৰাজ্যখনৰ চিকিৎসা ক্ষেত্ৰখনত এক ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হৈছে। নতুন নতুন চিকিৎসা মহাবিদ্যালয় নির্মাণ, চিকিৎসালয়ৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, চিকিৎসক নিয়োগ, অত্যাধুনিক সা-সঁজুলিৰে সমৃদ্ধ কৰাৰ ফলত এই ৰূপান্তৰ সম্ভৱ হৈ উঠিছে। ২০০৬ চনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰম্ভ হোৱাৰ সময়ত ৰাজ্যখনৰ স্বাস্থ্যসেৱা অতিশয় দুর্বল আছিল। সেই সময়ত প্রাতিষ্ঠানিক প্ৰসূতিৰ হাৰ ৩০ শতাংশ আছিল আৰু ৰাজ্যখনৰ জনসাধাৰণক মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে সেৱা আগবঢ়াবলগীয়া হৈছিল। তেনেদৰে ব্যক্তিগত খণ্ডটোও সীমিত হৈ আছিল। ক’ভিডৰ সময়ত স্বাস্থ্য বিভাগে সাহসেৰে মহামাৰীৰ সন্মুখীন হ’বলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে জনসাধাৰণে স্বাস্থ্যসেৱাত পৰিৱৰ্তনৰ ছবি দেখিবলৈ সক্ষম হৈছিল। স্বাস্থ্যসেৱাক গ্রামাঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ দিশত দৃঢ়তাৰে ব্যৱস্থা লোৱা হৈছিল। এই প্রসংগত তেওঁ উপস্বাস্থ্য কেন্দ্রত ৪ হাজাৰ নাৰ্ছক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰে। তেওঁ পুনৰ কয় যে ৰাজ্য চৰকাৰৰ ধাৰাবাহিক প্ৰয়াসৰ বাবে ২০১১ চনত প্রাতিষ্ঠানিক প্ৰসূতিৰ হাৰ ৬৫ শতাংশলৈ বৃদ্ধি পায়। স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সাধাৰণ লোকেও যাতে চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নির্মাণৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। ২০১৬ চনত ৰাজ্যখনত প্ৰতি বছৰে ৬০০ গৰাকীকৈ চিকিৎসকে এমবিবিএছ ডিগ্রী লাভ কৰিছিল। গ্রামাঞ্চলৰ জনসাধাৰণক যাতে চিকিৎসা সেৱা উপলব্ধ কৰিব পৰা যায় তাৰ বাবে গ্রামাঞ্চলত এবছৰ নিযুক্তি বাধ্যতামূলক কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক স্নাতকোত্তৰ ডিগ্রী লোৱাৰ বাবে সুযোগ দিয়া হৈছিল। এতিয়া অসমত ১৩খনকৈ চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে তদানুৰূপভাৱে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও বৃদ্ধি পাইছে। এই বছৰ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু অহা বছৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঠ্যক্ৰম আৰম্ভ হ’ব। চৰাইদেউ, বিশ্বনাথ, গোলাঘাট, মৰিগাঁও, তামুলপুৰ, ধেমাজি, শিৱসাগৰ, কৰিমগঞ্জ আৰু গোৱালপাৰাতো চিকিৎসা মহাবিদ্যালয় নির্মাণ হৈ উঠিব। ২০৩০ চনত ২৯খন চিকিৎসা মহাবিদ্যালয় আৰু প্ৰতি বছৰে ৪ হাজাৰ এমবিবিএছ ডিগ্রীধাৰী চিকিৎসক নিযুক্তিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বৃহৎসংখ্যক চিকিৎসক নিযুক্তিৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাৰ সম্প্ৰসাৰণ কৰিব লাগিব। ইয়াৰ লগে লগে ৰাজ্যখনত অর্থনৈতিক ৰূপান্তৰো সাধন হ’ব। স্বাস্থ্য-শিক্ষা, যোগাযোগকে ধৰি আজি গ্রামাঞ্চলত উন্নয়নৰ নতুন ৰূপৰেখা গঢ়ি উঠিছে। ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিতে ১০০খন বিছনাযুক্ত চিকিৎসালয় গঢ়াৰ বাবেও লক্ষ্য লৈছে। আনহাতে, সমজিলাত একোখনকৈ জিলা চিকিৎসালয় নির্মৰ্মাণৰ উদ্দেশ্যে চৰকাৰ আগবাঢ়িছে। চিকিৎসকসকলে যাতে নিযুক্তি স্থানতে শিক্ষা-যাতায়াত লাভ কৰে সেই দিশতো ৰাজ্য চৰকাৰে গুৰুত্ব প্রদান কৰিছে। অহা দহ বছৰৰ ভিতৰত প্ৰযুক্তিয়ে চিকিৎসা খণ্ডতো দ্রুত পৰিৱৰ্তন সাধন কৰিব। প্ৰযুক্তিৰ মাধ্যমেৰে চিকিৎসকসকলে ৰোগীক ঘৰৰ পৰাই সেৱা আগবঢ়াব পাৰিব। তেওঁ আধুনিক প্রযুক্তিৰ সৈতে চিকিৎসকসকলক পৰিচিত হ’বলৈও আহ্বান জনায়। তেওঁ লগতে কয় যে ২০৪৭ চনৰ ভিতৰত প্রযুক্তিগত দিশেৰে ভাৰত বৰ্ষ বিশ্বৰ এক অন্যতম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব। আজি দেশখনত আধুনিক প্ৰযুক্তিৰ ব্যাপক গৱেষণা চলি আছে। প্রত্যেক জিলাতে ৰোগ বিভিন্ন পর্যায়ত হয়। তেনে ক্ষেত্রত চিকিৎসকসকলে ৰোগৰ তথ্য আহৰণতো গুৰুত্ব আৰোপ কৰিব লাগিব। ৰাজ্যখনৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহ অধিক সুব্যৱস্থাৰে আগুৱাই নিব লাগিব। ব্যক্তিগত খণ্ড চৰকাৰী চিকিৎসালয়ৰ পৰিপূৰক হিচাপে থাকিব যদিও ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ গুণগত দিশ শক্তিশালীকৰণৰ দিশত নৱনিযুক্ত চিকিৎসকসকলক জড়িত হোৱাৰ বাবে তেওঁ আহ্বান জনায়। এই  অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ বিজুলী কলিতা মেধি, শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।