৪র্থ সৈনিক বন্ধু সভা: কাছাৰত সেনা আৰু প্ৰাক্তন সৈনিকসকলৰ সমস্যাৰ সমাধানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ
শিলচৰ,ৰঙিলী বাৰ্ত্তাসেেৱা- কাছাৰ জিলাৰ সশস্ত্ৰ বাহিনীৰ কৰ্মী আৰু প্ৰাক্তন সৈনিকসকলৰ সমস্যাৰ সমাধান আৰু কল্যাণমূলক বিষয়ত আলোচনা কৰিবলৈ অহা ২৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে পুৱা ১১ বজাত অনুষ্ঠিত হ’ব ৪র্থ সৈনিক বন্ধু সভা।
এই গুৰুত্বপূৰ্ণ সভাখন কাছাৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা সৈনিক বোর্ডৰ সভাপতিৰ নেতৃত্বত, জিলা আয়ুক্তৰ পুৰণি সভাকক্ষত আয়োজন কৰা হ’ব।
কাছাৰ জিলাত বসবাস কৰা সেনা, নৌবাহিনী আৰু বায়ু সেনাৰ বর্তমান আৰু প্ৰাক্তন কৰ্মী, তেওঁলোকৰ পৰিয়াল আৰু শহিদ সৈনিকসকলৰ বিধৱাসকলৰ সমস্যা আৰু অভিযোগ সোনকালে শুনি সমাধানৰ উপায় বিচৰা। এই সভাই সৈনিকসকলৰ অভিজ্ঞতা আৰু সমস্যা জনোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব।
কাছাৰ জিলা সৈনিক কল্যাণ বিভাগৰ পৰা সকলো যোগ্য অংশগ্ৰহণকাৰীক সভাত উপস্থিত থাকিবলৈ আন্তৰিক আহ্বান জনোৱা হৈছে। সভাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুকসকলে তলৰ নম্বৰত যোগাযোগ কৰি নিজৰ উপস্থিতি নিশ্চিত কৰিব পাৰে: মোবাইল নম্বৰ: ৯৫৮৯১১১৬৩৭ / ৮৪৬১৮১১৬৩৭