৩ সেনা প্রধানৰে গুৰুত্বপূৰ্ণ বৈঠকত বহিল প্রধানমন্ত্রী মোদী

৩ সেনা প্রধানৰে গুৰুত্বপূৰ্ণ বৈঠকত বহিল প্রধানমন্ত্রী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- অপাৰেচন সিন্দূৰৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানে চলোৱা ড্রোন আৰু মিছাইল আক্রমণ ভাৰতীয় সেনাই সম্পূৰ্ণৰূপে প্রতিহত কৰিলেও দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এনে সময়তেই দেশৰ নিৰাপত্তা পর্যালোচনা কৰাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত তিনি সশস্ত্র সেনাৰ মুৰব্বীৰে বিশেষ বৈঠকত মিলিত হৈছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। তিনি সেনাৰ মুৰব্বীৰ লগতে চিডিএছ জেনেৰেল অনিল চৌহান, এনএছএ অজিত ডোভাল উপস্থিত থকা বৈঠকখনত প্রধানমন্ত্রী মোদীয়ে অপাৰেচন সিন্দূৰৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা পৰিস্থিতিক লৈ পর্যালোচনা কৰে। তদুপৰি অপাৰেচন সিন্দূৰ কিদৰে আগবাঢ়িছে সেই সন্দর্ভতো বৈঠকতে বুজ লয় প্রধানমন্ত্রী মোদীয়ে। এই বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও অংশগ্ৰহণ কৰে। বৈঠকখনত অপাৰেচন সিন্দূৰৰ পৰৱৰ্তী ৰণনীতিও আলোচনা হয় বুলি চর্চিত হৈছে।