৩ মার্কিন বিজ্ঞানীলৈ  পদার্থ বিজ্ঞানৰ ন’বেল বঁটা 

৩ মার্কিন বিজ্ঞানীলৈ  পদার্থ বিজ্ঞানৰ ন’বেল বঁটা 

ৰঙিলী বাৰ্ত্তাসেৱা- তিনি মার্কিন বিজ্ঞানী ক্রমে জন ক্লার্ক, মাইকেল এইচ ডেভ’ৰেট আৰু জন এম মার্টিনিছ  ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটাৰ বাবে নিৰ্বাচিত হৈছে । বৈদ্যুতিক বর্তনী মাইক্র’স্ক’পিক কোৱান্টাম মেকানিকেল টানেলিং আৰু  শক্তিৰ পৰিমাণ নিৰ্ণয় আৱিষ্কাৰ কৰাত আগবঢ়োৱা মূল ভূমিকাৰ বাবে মার্কিন বিজ্ঞানী তিনিগৰাকীক ন’বেল বঁটাৰে সন্মানিত কৰা বুলি ষ্টকহোমৰ ৰয়েল ছুইডিছ একাডেমীৰ এক বিবৃতিত প্রকাশ। এই সন্দৰ্ভত ৰয়েল ছুইডিছ একাডেমীৰ ন’বেল কমিটীৰ অধ্যক্ষ এৰিকছনে কয়- শতিকাপুৰণি কোৱান্টাম মেকানিকছে কেনেকৈ নতুন আচৰিত কথা পোহৰলৈ আনিছে সেয়া তেওঁলোকৰ গৱেষণাত পৰিস্ফুট হৈছে। কাৰণ কোৱান্টাম মেকানিকছ হৈছে সকলো ডিজিটেল প্ৰযুক্তিৰ ভেটি। ন’বেল কমিটীৰ বিবৃতিত লগতে কোৱা হৈছে যে এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাৰ জৰিয়তে কোৱান্টাম ক্রিপ্ট’গ্রাফী, কোৱান্টাম কম্পিউটাৰ আৰু কোৱান্টাম ছেন্সৰকে ধৰি পৰৱৰ্তী প্ৰজন্মৰ কোৱান্টাম প্ৰযুক্তিৰ বিকাশৰ পথ মুকলি হৈছে। এই বঁটাৰ বাবে মার্কিন বিজ্ঞানী তিনিগৰাকীক ১২ লাখ মার্কিন ডলাৰেৰে পুৰস্কৃত কৰা হ’ব।