৩ বছৰত আমেৰিকাৰ দৰে হ’ব অসমৰ পথঃ নীতিন গাডকাৰী
ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিদিনে অসমলৈ কেন্দ্ৰীয় নেতা তথা মন্ত্ৰীৰ আগমন হৈছে । শাসক-বিৰোধী সকলোৰে শীৰ্ষ নেতাসকলে অসমত নিজা নিজা সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে । তাৰ মাজতে বৃহস্পতিবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী । প্ৰথমে পলাশবাৰী সমষ্টিত হিমাংশু শেখৰ বৈশ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে আৰু তাৰ পিছত মধ্য গুৱাহাটী সমষ্টিত বিজয় গুপ্তাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মধ্য গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ হৈ ফাঁচিবজাৰত এখন নির্বাচনী জনসভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘ব্ৰহ্মপুত্ৰক লৈ মোৰ বহুত সপোন আছে। ব্ৰহ্মপুত্ৰ খনন কৰি মুম্বাইৰ মেৰিন ড্রাইভৰ দৰে ব্ৰহ্মপুত্ৰৰ পাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে। অসমত ৰূপায়ণ কৰিব লগীয়া প্ৰকল্পৰ এখন দীঘলীয়া তালিকা মোৰ ওচৰত আছে। মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ তলিৰে টানেল নির্মাণৰ কথা কৈছিল, মই পাঁচ মিনিটত অনুমোদন দিলোঁ। কাজিৰঙা এলিভেটেড কৰিডৰ আৰু ৰিং ৰোডৰ কামৰো অনুমোদন দিছোঁ। অহাবাৰ আহিলে কামাখ্যালৈ যোৱা ৰোপবে’ নিৰ্মাণৰ কামো আৰম্ভ কৰিম।’ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, ‘মোৰ এটাই সমস্যা, সেয়া হৈছে পইচা আছে কিন্তু খৰচ কৰিব পৰা নাই। ১৫ লাখ কোটি এতিয়াও মোৰ হাতত আছে। আমাৰ দেশত টকাৰ অভাৱ নাই। কিন্তু বিকাশ কৰা মানুহৰ অভাৱ।’ আজি অসম প্রগতি আৰু বিকাশৰ পথেৰে দৌৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসমত আঢ়ৈ লাখ কোটি টকাৰ প্ৰকল্পৰ বিভিন্ন কাম চলি আছে। আগতে আহোঁতে চৌপাশে আধৰুৱা কাম দেখিছিলোঁ। আজি আহি দেখিছোঁ চৌপাশে বিকাশৰ কাম দ্রুত গতিত চলি আছে।

ইফালে মাজুলী- যোৰহাট সংযোগী নির্মীয়মাণ দলংখনৰ কাম অহা বর্ষত সমাপ্ত হ’ব বুলি জনাই গডকাৰিয়ে দলংখনৰ নিৰ্মাণৰ আঁৰৰ কথাও ব্যক্ত কৰে। তেওঁ কয়, ‘এবাৰ নিৰ্বাচনৰ সময়ত সৰ্বানন্দ সোণোৱালৰ সৈতে মাজুলীলৈ হেলিকপ্টাৰ লৈ গৈছিলোঁ। বাটতে তেওঁ মোৰ হাতখন ধৰি ক’বলৈ ধৰিলে আপুনি দলংখন নির্মাণৰ কথা ঘোষণা কৰক। মই বোলো কি কথা কোৱা? এইখন নদীতো সমুদ্ৰৰ দৰে। দলং কেনেকৈ হ’ব? তেওঁ বোলে নীতিনজী, আপুনি মোক দললৈ আনিছে। আপুনি যদি দলং ঘোষণা নকৰে তেনেহ’লে নির্বাচনত মোৰ পৰাজয় নিশ্চিত। ইয়াৰ বাবে দায়ী আপুনি হ’ব।’ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, ‘সেইদিনা তেওঁ মোক ইম’শ্যনেলী ব্লেকমেইল কৰিছিল আৰু ময়ো দলং ঘোষণা কৰি দিলোঁ। পাছত বহুত সমস্যাই দেখা দিলে। এতিয়া আকৌ দলংখনৰ কাম আৰম্ভ হৈছে। এবছৰৰ ভিতৰত দলঙৰ কাম সম্পূর্ণ হ’ব।’ মন্ত্ৰীগৰাকীয়ে অসমত চলি থকা বিভিন্ন প্ৰকল্পৰো উদাহৰণ দাঙি ধৰে । তেওঁ কয়, “বিলাসীপাৰাৰ পৰা গুৱাহাটীলৈ চাৰিলেনযুক্ত পথ ৮.৫ হাজাৰ কোটি টকাৰ নিৰ্মাণ হৈ আছে । একেদৰে শিলচৰ চুৰাইবাৰী চাৰিলেনযুক্ত পথ ৭ হাজাৰ কোটি, গুৱাহাটীত ৭ হাজাৰ কোটি টকাৰ ৰিং ৰোড, ১৯ হাজাৰ কোটিৰে নুমলীগড়-গহপুৰ টানেল, ৭৫০০ কোটি টকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰ ।” গুৱাহাটী-শিলচৰ সংযোগী এক্সপ্ৰেছৱেৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, “গুৱাহাটীৰ পৰা শিলচৰলৈ ২৫ হাজাৰ কোটি টকাৰে পথ নিৰ্মাণৰ কামো আৰম্ভ হৈছে । আপোনালোকে কেতিয়া সপোনতো ভাবিছিল নে অসমত ২৫ হাজাৰ কোটি টকাৰে পথ নিৰ্মাণৰ কাম হ’ব ।” অহা ৩ বছৰত অসমৰ ৰাজপথ আমেৰিকাৰ দৰে হ’ব বুলিও গাডকাৰীয়ে দাবী কৰে । ইফালে কংগ্রেছক সমালোচনা নকৰোঁ বুলি মত ব্যক্ত কৰিও তেওঁ কয়, ‘কংগ্রেছে দেশত একো কাম নকৰিলে। চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়। আমাৰ কাম দেশত কাম কৰা। দেশত ইলেকট্রিক ট্রাক, বাছ অনাৰ মোৰ সৌভাগ্য হ’ল। হাইড্ৰ’জেন আমাৰ ভৱিষ্যৎ, মই দেশত হাইড্র’জেন বাছ, ট্রাক আনিছোঁ। দেশৰ সকলো বাহন ইথানেলৰ দ্বাৰা চলিব।’ ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ খননৰ কথাও ব্যক্ত কৰে। তেওঁ কয়, ‘মোৰ দিনত ব্রহ্মপুত্রত ড্রেজিং আৰম্ভ কৰিছিলোঁ। আঢ়ৈ হাজাৰ কিল’মিটাৰ পথ নির্মাণ হৈছে অসমত। বিলাসীপাৰা-গুৱাহাটী পথৰ কাম ২০২৭ৰ অক্টোবৰত সম্পন্ন হ’ব। আগন্তুক ৩ বছৰত আমেৰিকাৰ দৰে ৰাষ্ট্ৰীয় পথ হ’ব অসমত।’ ইফালে অনুপ্রৱেশ প্রসংগত তেওঁ কয়- অনুপ্ৰৱেশ বন্ধ কৰিব নোৱাৰিলে হিন্দুস্তান ধৰ্মশালা হৈ পৰিব। সেয়ে এই বিষয়টোত বিজেপিয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিদেশী সমস্যা সমাধানৰ বাবে তেওঁ বিজেপিক ভোট দিবলৈকো আহ্বান জনায়।
