৩৯০ বছৰীয়া ঐতিহ্যৰ বাহক চৰাইচোং উৎসৱৰ লাইখুঁটা স্থাপন 

৩৯০ বছৰীয়া ঐতিহ্যৰ বাহক চৰাইচোং উৎসৱৰ লাইখুঁটা স্থাপন 
বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা-  চৰাইচোং উৎসৱে পক্ষী সুৰক্ষা আৰু পক্ষী পৰ্যটনৰ এক ঐতিহাসিক যাত্ৰাৰ সূচনা কৰিব। মাজুলীক বিশ্বত এই উৎসৱৰ যোগে উপস্থাপন আৰু মাজুলীৰ অৰ্থনৈতিক উন্নয়নৰ বাট প্ৰশস্ত কৰিব বুলি উৎসৱৰ লাইখুঁটা স্থাপন কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিৰোদ বৰুৱাই এনেদৰে ঘোষণা কৰে। স্বেচ্ছাসেৱী সংগঠন “মাজুলীৰ সাহিত্য” আৰু মাজুলীবাসীৰ সহযোগত উজনি মাজুলীৰ ঐতিহাসিক স্থানসমূহৰ প্ৰতি সকলো পক্ষৰে দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে  ৩৯০ বছৰীয়া  ঐতিহ্য সোঁৱৰি আয়োজন কৰা চৰাইচোং উৎসৱৰ আজি  অতি আড়ম্বৰৰে  লাইখুঁটা  স্থাপন কৰে উপাচাৰ্য গৰাকীয়ে।। ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখৰ বাকৰিত প্ৰস্তাবিত স্বৰ্গদেউ প্ৰতাপ সিংহ ক্ষেত্ৰত পুৱা ১১ বজাত খোল তাল আৰু হৰিধ্বনিৰ মাজত উৎসৱৰ মূল ক্ষেত্ৰৰ লাইখুঁটা স্থাপিত হয়। মাজুলীৰ সাহিত্যৰ সভাপতি তথা উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কমল দত্তই আঁত ধৰা এই কাৰ্যসূচীত উদযাপন সমিতিৰ সমূহ সদস্য সদস্যাৰ লগতে দুই শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে। চৰাইচোং উৎসৱৰ লক্ষ্য -উদ্দেশ্য সম্পৰ্কে জানিবৰ বাবে যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালকৰ নেতৃত্বত এটি পাঁচজনীয়া দলেও লাইখুঁটা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰেহি । উল্লেখযোগ্য, অহা মাহৰ ৯ , ১০ আৰু ১১ মাৰ্চ তাৰিখে এই ঐতিহাসিক উৎসৱটি অনুষ্ঠিত হ’ব। প্ৰকৃতিৰ লগতে প্ৰকৃতিৰ বিনন্দীয়া উপাদান পক্ষীকুলৰ সুৰক্ষাৰ মূল শ্ল’গানেৰে আৰম্ভ হ’বলগীয়া এই পক্ষী মহোৎসৱ “চৰাইচোং উৎসৱ” প্ৰথম দিনা ৩৯০ খন পতাকা উত্তোলনৰে শুভাৰম্ভ ঘটিব। উৎসৱৰ মূল আহ্বান যাতে মাজুলীৰ প্ৰান্তে প্ৰান্তে লৈ যোৱাৰ উপৰিও মাজুলীৰ পৰা চাৰিওফালে সম্প্ৰসাৰিত কৰিব পৰা যায় তাৰ বাবে এই পতাকা উত্তোলনলৈ মাজুলীৰ প্ৰতিগৰাকী গাওঁ প্ৰধান, বিদ্যালয় প্ৰধান, সাংবাদিক, মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰতিগৰাকী গাইড আৰু ল’জৰ  স্বত্বাধিকাৰ , মাজুলীৰ প্ৰতিটো সংগঠনৰ প্ৰতিনিধি আৰু মাজুলীৰ লগতে অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক লৈ ৩৯০ গৰাকীৰ দ্বাৰা একোখনকৈ পতাকা উত্তোলন কৰোৱাৰ ব্যৱস্থা কৰা বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই প্ৰকাশ কৰিছে। আজিৰ লাইখুঁটা স্থাপনত কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়িত হয়। এই কাৰ্যসূচীত উদযাপন সমিতিৰ সকলো বিষয় ববীয়া আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে উদযাপন সমিতিৰ সভাপতি, সম্পাদক দুৰ্গেশ্বৰ শইকীয়া আৰু গোবিন কুমাৰ খাউণ্ডে ধন্যবাদ জনাইছে। সভাত অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক বিশ্বজিৎ দাস, টুনী উদ্ধাৰ আন্দোলনৰ ড০ ৰাজেন বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ্বৰ বৰাই একেষাৰ কয় । ইয়াৰ পিছত উদযাপন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি উৎসৱৰ ক্ষেত্ৰ নামকৰণ কিছু সংশোধন কৰি স্বৰ্গদেউ প্ৰতাপ সিংহৰ ক্ষেত্ৰ, ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ বাকৰি ৰূপে ঘোষণা কৰে।