৩৭.২ লাখলৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী

৩৭.২ লাখলৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্রী অজন্তা নেওগে অৰুণোদয় আঁচনি ৩.০ৰ জৰিয়তে হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে।  উল্লেখ্য যে এই আঁচনিৰ অধীনত মাহিলি হিতাধিকাৰীৰ পৰিয়ালক ১,২৫০ টকাকৈ প্ৰদান কৰি অহা হৈছে। ২০২০ চনত ১৮ লাখ মহিলাক সামৰি লোৱা এই আঁচনিখনৰ জৰিয়তে এইবাৰ ৩৭.২ লাখ পর্যন্ত হিতাধিকাৰীক সাঙুৰি লোৱা হ’ব। আঁচনিখন সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইয়াকো উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে যাতে প্রতি মাহতে ধন লাভ কৰিব পাৰে সেই লক্ষ্যৰে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে যদি নির্বাচন আয়োগে এই আঁচনিৰ কাৰ্যকৰী কৰাত অথবা আঁচনিখনৰ ধন প্ৰদানত বাধা আৰোপ কৰাৰ সম্ভাৱনা আছে। মুখ্যতঃ এই দিশটোক আগত লৈয়ে ৰাজ্য চৰকাৰে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে মে’ মাহলৈ অর্থাৎ ৪ মাহৰ ধন হিতাধিকাৰীক আগতীয়াকৈ প্রদান কৰিব। ইফালে, নিযুত মইনা আঁচনি সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ বাজেট ঘোষণাত উল্লেখ কৰে যে এই আঁচনিৰ জৰিয়তে ৪.৩ লাখ ছাত্রীক এইবাৰ সাঙুৰি লোৱা হ’ব। এই সম্প্ৰসাৰণে দ্বিতীয় বর্ষলৈ উত্তীর্ণ হোৱা ছাত্রীসকলক উপকৃত কৰিব। ইয়াৰ বাবে বাজেটত ৩৯১ কোটি টকা আবণ্টন দিয়া হৈছে। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলক এহেজাৰ টকা, স্নাতকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলৰ বাবে ১,২৫০ টকা, স্নাতকোত্তৰ তথা বিএডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক ২,৫০০ টকা প্রদান কৰি অহা হৈছে। বাজেটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই আঁচনিৰ জৰিয়তে গ্রামাঞ্চলত ৩০ লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ দুই লাখ আত্মসহায়ক গোটক সাঙুৰি লোৱা হ’ব। প্ৰাৰম্ভিক মূলধন হিচাপে তেওঁলোকক ১০ হাজাৰ টকাৰ উদ্যমিতা পুঁজি আগবঢ়োৱা হ’ব আৰু পৰৱৰ্তী সময়ত ২৫ হাজাৰ টকা ঋণ আগবঢ়োৱা হ’ব। অহা ১ এপ্রিলত বিহালী বিধানসভা সমষ্টিত এই আঁচনিখনৰ শুভাৰম্ভ কৰা হ’ব। ৰাজ্য চৰকাৰে এই আঁচনিৰ বাবে ৩,০৩৮ কোটি টকা ব্যয় কৰিব।