৩৭৭ শিক্ষকক নিযুক্তি-পত্র প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট আৰু টেট তথা নিযুক্তি পৰীক্ষা উত্তীর্ণ প্রার্থীক নিযুক্তি-পত্র প্রদান কৰে। নিযুক্তি-পত্র প্রদানৰ লগতে উচ্চতৰ মাধ্যমিক প্রথম আৰু দ্বিতীয় বর্ষ বা চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক মাচুল ৰেহাই দিয়া শিক্ষানুষ্ঠানলৈ ধনৰাশিও প্রদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। নিযুক্তি-পত্র লাভকৰাসকলৰ ভিতৰত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪ গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ১৭৭ গৰাকী স্নাতক শিক্ষক, প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৯৮গৰাকী নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষক আৰু ৯৮গৰাকী উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষক। আনহাতে ২০২৫-২৬ বর্ষত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক মাচুল ৰেহাই দিয়া ১,২১৫খন বিদ্যালয়ক ২১.৮৫ কোটি টকা প্রদান কৰা হয়। ইয়াৰ ফলত ২,৪৭,৫৬৮ গৰাকী শিক্ষার্থী উপকৃত হৈছে। ২০২৫-২৬ বৰ্ষত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত নামভর্তি কৰা দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক মাচুল ৰেহাই দিয়া ৩৬৭খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক ১২৭ কোটি টকা প্রদান কৰা হয়। ইয়াৰ ফলত ১,৭৫,৮১৭ গৰাকী শিক্ষার্থী উপকৃত হৈছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দিয়া প্রতিশ্রুতি পূৰণ কৰিবলৈ চৰকাৰ সক্ষম হৈছে। ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰতিশ্রুতি দিয়া হৈছিল যদিও আজি পর্যন্ত ১,৩৫,৩৭৬গৰাকী যুৱক-যুৱতীক সম্পূর্ণ স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে। তেওঁ কয় যে এয়া কেৱল অসম চৰকাৰৰ নিয়মীয়া পদত নিযুক্তি দিয়া প্ৰাৰ্থীৰহে সংখ্যা। সর্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আদিত ঠিকাভিত্তিক নিযুক্তি দিয়া যুৱক-যুৱতীসকলক ধৰিলে এই পৰিসংখ্যা অধিক হ’ব। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে চৰকাৰখনে চাকৰি দিয়াৰ প্ৰতিশ্রুতি পালন কৰা বুলি অসমৰ ৰাইজক জনাবলৈ আৰু এনেদৰে নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক দেখি আনসকলেও যাতে উৎসাহিত হ’ব পাৰে তাৰ বাবে ৰাজহুৱা অনুষ্ঠানত নিযুক্তি-পত্ৰ বিতৰণ কৰি অহা হৈছে। মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰাসকলৰ মাজত চাহ জনজাতি সম্প্ৰদায়ৰ যুৱক-যুৱতীৰ সংখ্যা কম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো চাহ বাগিচা এলেকাত প্রাথমিক বিদ্যালয়ক বাদ দি আন কোনো শিক্ষানুষ্ঠান স্থাপন হোৱা নাছিল। চাহ বাগিচা অঞ্চলত উচ্চ শিক্ষিত যুৱক-যুৱতী সৃষ্টিৰ বাবে বৰ্তমানৰ চৰকাৰখনে আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ পদক্ষেপ গ্রহণ কৰে। ইতিমধ্যে ১২০খন আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে আৰু অহা জানুৱাৰী মাহত আন ১০০খন আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হ’ব। তেওঁ কয় যে চাহ বাগিচাৰ ছাত্র-ছাত্রীয়ে দ্বাদশ শ্রেণী পর্যন্ত অধ্যয়ন কৰিব পৰাকৈ এই বিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক শ্ৰেণী খোলাৰ লগতে চাহ বাগিচা অঞ্চলত থকা মহাবিদ্যালয়সমূহত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰো চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব। অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্রমত ৩খন আসন চাহ জনজাতিৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা এবছৰত ৫০ গৰাকী চিকিৎসক গঢ় দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছে। ইয়াৰ উপৰি পেৰামেডিকেল পাঠ্যক্ৰমত ২৫০খন আসন সংৰক্ষণ কৰা হৈছে। শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীলৈ আর্থিক অনুদান, চাহ বাগিচাত কৰ্মৰত গৰ্ভৱতী মহিলাক মজুৰি ক্ষতিপূৰণ হিচাপে ধন প্রদান, চাহ বাগিচা অঞ্চলত স্বাস্থ্য সেৱাৰ দিশত নৱজাগৰণৰ সূচনা কৰি আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন আদিকে ধৰি বিভিন্ন পদক্ষেপেৰে বিগত প্রায় পাঁচ বছৰত জনগোষ্ঠীটোৰ জনজীৱনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰে। ছাত্র-ছাত্রীক মাচুল ৰেহাই দিয়া শিক্ষানুষ্ঠানলৈ ধনৰাশি প্রদান সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে নামভর্তি বিনামূলীয়া হোৱাৰ লগতে ছাত্রীসকলে নিযুত মইনা আঁচনিৰ অধীনত চৰকাৰৰ পৰা মাহে ধন লাভ কৰিছে। বৰ্তমানৰ চৰকাৰে শিক্ষাখণ্ডত অধিক গুৰুত্ব প্রদান কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই চৰকাৰখনৰ কাৰ্যকালতে ৰাজহুৱা শিক্ষা ব্যৱস্থাত অধিক ছাত্র-ছাত্রীয়ে নামভৰ্তি কৰিছে। চাহ বাগিচাত আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ পিছত বিভিন্ন সম্প্রদায়ে আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে আহ্বান জনোৱা বুলি ড° শৰ্মাই সদৰী কৰে। তেওঁ কয় যে চৰকাৰখনে ৰাজহুৱা শিক্ষা ব্যৱস্থাক গতিশীল কৰিবলৈ সক্ষম হৈছে। একোখন বিদ্যালয় নিৰ্মাণৰ বাবে ৮ৰ পৰা ১০ কোটি টকাকৈ ব্যয় কৰা হৈছে আৰু প্ৰায় ১ হাজাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰা হৈছে। শিক্ষার্থীক বিনামূলীয়া চাইকেল, ছাত্রীক স্কুটী, বিনামূলীয়া নামভর্তি, নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীক ধন প্রদান, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাচুল ৰেহাইকে ধৰি বিভিন্ন পদক্ষেপসমূহৰ জৰিয়তে চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা সুৰক্ষা চক্ৰ গঢ়ি তোলা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। অসমত কোনো শিক্ষার্থীয়ে এতিয়া ধনৰ অভাৱত শিক্ষা আধাতে এৰিবলগীয়া নহয় বুলি মন্তব্য কৰি ড° শৰ্মাই কয় যে অসমে ভাৰতবৰ্ষৰ ভিতৰতে শিক্ষাত বিনিয়োগ কৰা অগ্ৰণী ৰাজ্য হিচাপে দাবী কৰিব পৰা পৰিৱেশ সৃষ্টি হৈছে। অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেণ্ড, যোগেন মহন, চাহ ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কসকল ক্রমে সঞ্জয় কিষাণ, ৰূপজ্যোতি কুৰ্মী, তেৰছ গোৱালা, দিগন্ত ঘাটোৱাল প্রমুখ্যে শিক্ষা বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
