৩৫ বছৰৰ পিছত টাডা গোচৰৰ ৰায়দান

৩৫ বছৰৰ পিছত টাডা গোচৰৰ ৰায়দান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৩৫ বছৰীয়া এটা গোচৰত আদালতে প্ৰাক্তন আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰীকে ধৰি ৩৮ জনক দোষমুক্ত কৰিলে।  প্ৰায় ২৫ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বুধবাৰে বিশেষ সন্ত্ৰাসবাদী আৰু বিঘ্নিতকাৰী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (TADA) আদালতে ৩৫ বছৰীয়া এটা গোচৰত ৰায়দান কৰি দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পেলায়।১৯৯১ চনত দিছপুৰ থানাই নিজাকৈ পঞ্জীয়ন কৰিছিল গোচৰটো । ৪৩/২০০১ নম্বৰৰ গোচৰটোৰ টাডা (TADA) আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দি ৩৮ জনক দোষমুক্ত কৰে । ২০০১ চনৰ পৰা টাডা আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । সুদীৰ্ঘ ২৫ বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৩৫ বছৰীয়া গোচৰটোৰ আদালতে ঐতিহাসিক ৰায়দান দিয়ে । ৪৩/২০০১ নং টাডা গোচৰটোত মুঠ ৪৫ জন অভিযুক্ত আছিল ।গোচৰত অভিযুক্ত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে দুজন অভিযুক্ত পলাতক হৈ আছে। আনহাতে ৪ জনৰ মৃত্যু হোৱা বাবে তেওঁলোকৰ নাম গোচৰটোৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে । সেয়ে আদালতে বুধবাৰে ৩৮ অভিযুক্তৰ বিৰুদ্ধে ৰায়দান কৰে ।আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতা অনুপ চেতিয়া, প্ৰদীপ গগৈ, অৰবিন্দ ৰাজখোৱা, মুনীন নবিশ, কল্পজ্যোতি নিয়োগ, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, সুনীল নাথ আৰু আনন্দৰ ঠাকুৰীয়াৰ দৰে শীৰ্ষ নেতা আছে। গোচৰত অবৈধ কাৰ্যকলাপ নিষেধাজ্ঞা আইনৰ ধাৰা ১০(৩০), টাডা আইনৰ ধাৰা ৩ আৰু ৪ আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰাত অভিযোগ দাখিল কৰা হৈছিল।