৩৫ বছৰৰ উজ্জ্বল জীৱনৰ অসমাপ্ত অধ্যায়: সাংস্কৃতিক পৰিক্ৰমা বিভাগত শোকৰ ছাঁয়া পাৰ্থ প্রতিম গোস্বামীৰ অকাল প্রয়াণত
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আজি এক মূল্যৱান কাৰ্মিকক হেৰুৱালে। বিভাগৰ শিলচৰ কাৰ্যালয়ত কৰ্মৰত কনিষ্ঠ সহায়ক পাৰ্থ প্রতিম গোস্বামী ১৫ জুন, ২০২৫ তাৰিখে ৰাতি ১টা ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ আইচিইউত অন্তিম নিশ্বাস ত্যাগ কৰে। কেৱল ৩৫ বছৰ বয়সত লিভাৰ চিৰ’ছিছত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন থকা পাৰ্থৰ এই অকাল বিদায়ে সকলোকে শোকস্তব্ধ কৰি তুলিছে। পাৰ্থ প্রতিম গোস্বামী ২৬ মে’ তাৰিখে সংকটজনক অৱস্থাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল। পিছত স্বাস্থ্যৰ অৱনতি ঘটিলে তেওঁক GMCH-ৰ আইচিইউলৈ স্থানান্তৰ কৰা হয়, য’ত চিকিৎসকে সকলো চেষ্টা কৰা সত্ত্বেও তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। তেওঁৰ জন্ম হৈছিল নিম্ন অসমৰ পলাশবাড়ি থানাৰ অন্তৰ্গত নাহিৰা গাঁৱত, বিজয়নগৰৰ ওচৰত। ২০১৭ চনত সংস্কৃতি বিভাগত যোগদান কৰি নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰে হাইলাকান্দি জিলা পৰ্যায়ত। পাছত শিলচৰত বদলি হোৱা পাৰ্থে কৰ্মনিষ্ঠা, সংহত সাংস্কৃতিক চেতনাৰে নিজকে প্ৰতিষ্ঠিত কৰি তোলে। ‘খেল মহারণ’, ‘মেগা বিহু’, ‘ঝুমুৰ নৃত্য’ আৰু বিভিন্ন জাতীয় দিৱস উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত তেওঁ শিলচৰৰ পৰা গুৱাহাটীলৈ বিভিন্ন জাতিগোষ্ঠীৰ শিল্পী দলেৰে দায়িত্বশীলভাৱে অংশগ্ৰহণ কৰি বিভাগৰ মুখ উজ্বল কৰিছিল। তেওঁৰ বিদায়ে অসমীয়াৰ সাংস্কৃতিক পৰিৱেশত এটা অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে। সদায় হাঁহিমুখীয়া, সহানুভূতিশীল আৰু সংস্কৃতিমনস্ক এই যুৱ কৰ্মচাৰীৰ অকাল প্ৰস্থানত সমগ্ৰ বিভাগ আৰু সহকৰ্মীসকল গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ পৰিয়ালত আছে পত্নী জ্যোতিকা গোস্বামী, তিনিবছৰীয়া পুত্ৰ, বয়স্ক পিতা-মাতা আৰু এজন কনিষ্ঠ ভ্রাতা। এক সুদীর্ঘ জীৱনৰ সম্ভাৱনা কঢ়িয়াই আনা পাৰ্থৰ এই অকাল প্ৰয়াণে সকলো হৃদয় বিদারক কৰি তুলিছে। এই খবৰ আজি শিলচৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনসাধাৰণলৈ অৱগত কৰোৱা হয়।